ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত হব বংবন্ধু মুজিব কৰ্ণাৰ, সংহতি বেদী , সাংস্কৃতিক সম্পৰ্কই দৃঢ় কৰিব দুই দেশৰ সম্পৰ্কঃ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত শ্বাহ মোহাম্মদ তানবীৰ মনচুৰ

565
ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত হব বংবন্ধু মুজিব কৰ্ণাৰ, সংহতি বেদী , সাংস্কৃতিক সম্পৰ্কই দৃঢ় কৰিব দুই দেশৰ সম্পৰ্কঃ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত শ্বাহ মোহাম্মদ তানবীৰ মনচুৰ
জমিৰউদ্দিন তালুকদাৰ, ডবকা , ২০ আগষ্টঃ সাংস্কৃতিক সম্পৰ্ক, সাংস্কৃতিক ভাৱ আদান-প্ৰদানে দুই দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিব ৷ ভাৰত-বাংলাদেশৰ সম্পৰ্ক এক আৱেগিক সম্পৰ্ক ৷ এই সম্পৰ্ক সময়ৰ গতিত দৃঢ় হৈ গৈ আছে ৷ এই মন্তব্য গুৱাহাটীস্থ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত শ্বাহ মহম্মদ তানবীৰ হুছেইনৰ ৷ আজি হোজাই জিলাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত সপৰিয়ালে উপস্থিত হয় বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত গৰাকী ৷ বিশ্ববিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এখন সভাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত গৰাকীয়ে কয়–ভাৰত-বাংলাদেশ সম্পৰ্ক সুদৃঢ় কৰিবলৈ দুই দেশৰ মাজত সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰিবলৈ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ স্মৃতিত হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত এটি মুজিব কৰ্ণাৰ স্থাপনৰ সিদ্ধান্তৰ কথা কয় ৷ এই কৰ্ণাৰত বাংলাদেশৰ জাতিৰ পিতা মুজিবুৰ ৰহমানৰ নামত এটি সৰু পুথিভঁৰাল হব ৷ লগতে এটি সংহতি বেদীও স্থাপন কৰা হব ৷ সংহতি বেদীত বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা আৰু আনন্দৰাম বৰুৱাৰ মূৰ্তি থাকিব ৷ অৱশ্যে ইয়াৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ পৰা অনুমতি লব লাগিব বুলি কয় সহকাৰী উচ্চায়ুক্ত গৰাকীয়ে ৷ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অমলেন্দু চক্ৰৱৰ্তীয়ে প্ৰদান কৰা আদৰণি ভাষণত কয়–বাংলাদেশ বিশ্বৰ এনে এখন দেশ, য’ত গ’লে নিজকে বিদেশত যোৱা যেন অনুভৱ নহয় ৷ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ এনে এগৰাকী বিশ্ববিশ্ৰুত কবি, যাৰ দ্বাৰা ৰচনা কৰা কবিতা দুই দেশৰ ৰাষ্ট্ৰীয় সংগীত বুলি মন্তব্য কৰে উপাচাৰ্য গৰাকীয়ে ৷ কবিগুৰুৱে ইপাৰ-সিপাৰৰ সম্পৰ্কক সুদৃঢ় কৰা বুলিও কয় উপাচাৰ্যই ৷ আজিৰ সভাখনৰ আঁত ধৰে ইংৰাজী বিভাগৰ অধ্যাপক আজিজুল হকে আৰু শলাগৰ শৰাই আগবঢ়ায় অধ্যাপক লক্ষ্মণ পাটগিৰিয়ে ৷ সভাখনত উপস্থিত থাকে হোজাইৰ অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা, সহকাৰী আয়ুক্ত উদ্দীপ্ত গৌতম, অৱসৰপ্ৰাপ্ত অধ্যাপক ৰশীদ আহমদ, হোজাইৰ জ্যেষ্ঠ নাগৰিক ফয়জুল হক সহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷