গৰুখুঁটিৰ আৰ্তনাদ আৰু বন্য উল্লাস

71

গৰুখুঁটিৰ আৰ্তনাদ আৰু বন্য উল্লাস

জমিৰউদ্দিন তালুকদাৰ

ছিপাঝাৰৰ গৰুখুঁটিত চলা চৰকাৰী উচ্ছেদৰ সময়ত বহুকেইটা বীভৎস কাণ্ড পোহৰলৈ আহিল ৷ সভ্য সমাজ বুলি দাবী কৰা কোনো মানুহে এনে ঘটনাক সমৰ্থন নকৰিব ৷ এই সময়ত কথাবোৰ কৈ থাকি বৰ বেছি লাভো নহব ৷ তথাপিও মনত পেলাই দিয়াৰ বাবে কথাখিনি মাত্ৰ কৈ থলো ৷ ছিপাঝাৰৰ গৰুখুঁটি, ধলপুৰৰ মানুহখিনিৰ প্ৰতি বিভিন্ন মাধ্যমেৰে বহু দিনৰে পৰা এটা নেৰেটিভ সৃষ্টি কৰা হৈ আছে ৷ ভুল, অশুদ্ধ তথ্যৰে সংবাদ মাধ্যমত বহু কথা প্ৰচাৰ চলোৱা হল ৷ নেতাই কোনো ৰেকৰ্ড অবিহনে কোৱা কথাখিনি সংবাদ মাধ্যমে সত্যতাৰ পৰীক্ষা (Fact Check) নকৰাকৈ প্ৰচাৰ কৰি গল ৷ মুখ্যমন্ত্ৰীয়ে কলে ছিপাঝাৰৰ চৰাঞ্চলত ৭৭ হাজাৰ বিঘা ভূমি বেদখল হৈ আছে ৷ সংবাদ মাধ্যম আৰু একাংশ নেতাই সেয়া বেদৰ বাক্য বুলি প্ৰচাৰ কৰাত লাগি গল ৷ অথচ বিধানসভাত ৰাজহ মন্ত্ৰীয়ে দিয়া তথ্য মতে ছিপাঝাৰৰ ধলপুৰ, গৰুখুঁটি চৰত বেদখল হোৱা ভূমিৰ পৰিমাণ ২১,৮৪১ বিঘা ৷ বিধানসভাত নিজৰ ৰাজহ মন্ত্ৰীয়ে তথ্য দিয়াৰ পিছতো মুখ্যমন্ত্ৰীয়ে সেই ভুল তথ্যকে সংবাদ মাধ্যমত কৈ আছে আৰু সংবাদ মাধ্যমে সেই কথাবোৰ প্ৰচাৰ চলাই আছে ৷ সমগ্ৰ দৰং জিলাতে বেদখল হোৱা চৰকাৰী মাটিৰ পৰিমাণ হল ৬০,৫৮৪ বিঘা ১ কঠা ১৬ লেচা ৷ ৰাজ্যৰ ভিতৰত সৰ্বাধিক তিনিচুকীয়া জিলাত ৪,৯৪,০৭৬ বিঘা ১ কঠা ১৮ লেচা চৰকাৰী মাটি বেদখল হৈ আছে ৷ একেদৰে অসমৰ অন্যান্য জিলাতো বেদখল আছেই ৷ অসমৰ ভিতৰত মুছলমানৰ বসতি একেবাৰে কম থকা ধেমাজী জিলাত ৫,৯৮,৮৪৮ বিঘা ৩ কঠা ১৪ লোচা মাটি বেদখলকাৰীৰ কৱলত আছে ৷ ইপিনে বিধানসভাৰ এক তথ্যমতে ৰাজ্যখনত ৩ লাখ ৪৭ হেজাৰ ৮২৩ টা ভূমিহীন পৰিয়াল আছে ৷ সেই ভূমিহীনসকল কত আছে, কাৰ মাটিত আশ্ৰয় লৈ আছে, সেই তথ্য চৰকাৰৰ হাতত নাই ৷ সংস্থাপনৰ বেলিকা এইখন চৰকাৰেই নহয়, প্ৰতিখন চৰকাৰৰ স্থিতি বৰ দুৰ্বল ৷
যোৱা ২৩ ছেপ্টেম্বৰত ছিপাঝাৰৰ গৰুখুঁটিত চৰকাৰে চলোৱা উচ্ছেদৰ সময়ত বিশ্বৰ সন্মুখত অসম আৰক্ষীৰ ছবিখন উন্মোচিত হল ৷ এক মিনিট বাৰ চেকেণ্ডৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভায়ৰেল হোৱাত সেই কথাখিনি পোহৰলৈ আহিল ৷ সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, মইনুল নামৰ লোক এজনে বাঁহ এডালেৰে অস্ত্ৰ শস্ত্ৰৰে সজ্জিত ২৭ জন আৰক্ষী জোৱানলৈ চোঁচা লৈ আহিল ৷ আৰক্ষীৰ পিছফালে নিজৰ কেমেৰামেনৰ লগতে সংবাদ মাধ্যমৰো কেমেৰা আছিল ৷ কেমেৰাৰ সন্মুখত লোকজনৰ বুকুলৈ গুলিয়াই হত্যা কৰা হল ৷ অথচ ইমান সংখ্যক আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰৰ কোনো চেষ্টাই নকৰিলে ৷ পুলিছ মেনুৱেলৰ কথাবোৰ অপ্ৰাসংগিক হল ৷ ভৰিলৈ গুলি কৰি লোকজনক মাটিত পেলাই দিব পৰা অৱস্থাত আছিল ৷ টেয়াৰ গেছ থকা সময়ত গুলি নামাৰি টেয়াৰ গেছো এৰিব পাৰিছিল ৷ তাকে নকৰি বুকুলৈ গুলি কৰি হত্যা কৰা হল ৷ সেই কেইজন আৰক্ষীৰ জোৱান তদন্তৰ আওতালৈ নাহিল কিয় ? তেওঁলোকক নেতৃত্ব দিয়া বিষয়াজনো সাৰি গল ? আৰক্ষীৰ গুলিত নিথৰ হৈ পৰি থকা দেহটোত কি হল, সেয়া কোৱাৰ প্ৰয়োজন নাই ৷ বিশ্বই দেখিলে সেই বৰ্বৰতা ৷ নিথৰ দেহৰ ওপৰত আৰক্ষীৰ লোকৰ লাঠিৰে কোব মৰাৰো দৃশ্য ভায়ৰেল হল ৷
ছিপাঝাৰৰ ঘটনাৰ পিছত তিনি ধৰণৰ মানুহ দেখা গল ৷ এচাম এই ঘটনাত সন্তুষ্ট ৷ এইসকলৰ মতে, চৰকাৰে ভাল কাম কৰিছে ৷ এচামে এই নিকৃষ্ট আৰু অমানৱীয় ঘটনাৰ বিৰোধ কৰিছে আৰু এচামে মৌনতা অৱলম্বন কৰিছে ৷ সততে যিকোনো ঘটনাক লৈ সৰৱ হোৱা সাহিত্যিক, নিজকে প্ৰগতিশীল বুলি দাবী কৰা আধুনিক মনৰ ব্যক্তি, কবি, সাহিত্যিকৰ মৌনতা বৰ ভয়ংকৰ ৷ বহুতৰ ৰূপ দেখিলো এই কেইদিনত ৷ মুঠতে এই সকলোবোৰ কথাক বুকুত সাৱটি লৈ এতিয়াৰ পৰা এইসকল নিৰ্যাতিতই নিজৰ ভৱিষ্যৎ জীৱনৰ কথা চিন্তা কৰিব লাগিব ৷ নিৰ্যাতিত মানুহক উচটাবলৈ সদায় এচাম সুবিধাবাদী মানুহৰ আৱিৰ্ভাৱ হয় ৷ এই কথাখিনিও নিৰ্যাতিত মানুহে মনত ৰখা ভাল ৷ বাকী নিৰ্যাতিত মানুহবোৰ নৈ দৰে হব লাগিব ৷ ক্ষোভ, অভিমান বুকুত সাৱটি লৈ নিৰৱধি বৈ থাকিব লাগিব ৷ “নৈখন সাগৰ নহয়, কিন্তু নৈৰ পানী গৈ সাগৰত বিলীন হয়” ৷