ডিব্ৰুগড় নৱৰূপা সংঘৰ প্ৰাংগনত তিনিখনকৈ গ্ৰন্থ উন্মোচনী

86

ডিব্ৰুগড় নৱৰূপা সংঘৰ প্ৰাংগনত তিনিখনকৈ গ্ৰন্থ উন্মোচনী

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড় , ২৯ আগষ্ট : নৱৰূপা সংঘৰ প্ৰাংগনত একেদিনাই, একেলগে, একে সময়তে ক্ষীৰোদ ফুকনৰ তিনিখন কৈ গ্ৰন্থ উন্মোচনী কৰে । বিশিষ্ট লেখক সাহিত্যিক,শিক্ষাবিদ শশীকান্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাহিত্যক কৃৰ্তী শিক্ষক সমীৰণ কুমাৰ দাসে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাত । বিশিষ্ট সাহিত্যিক শিক্ষাবিদ লেখক,ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃৰ্তী শিক্ষক গন্ধেশ্বৰ শইকীয়াই “বদৰিকাশ্ৰম” নামৰ গ্ৰন্থখনি উন্মোচনী কৰাৰ লগতে ৰাজ্যক কৃতী,শিক্ষক নোমল গগৈয়ে “মৰমৰ আইদেউ আৰু গোহাঁইদেউ” নামৰ গ্ৰন্থখনি উন্মোচনী কৰে আৰু শেষৰ গ্ৰন্থখনি শিশু কালেই আদি সত্যযুগ নামৰ গ্ৰন্থখনি সমাজসেৱক ক্ষীৰুদমনি বৰাই উন্মোচনী কৰি প্ৰত্যেক গৰাকী উন্মোচনকে লেখক ক্ষীৰোদ ফুকনৰ গ্ৰন্থ কেইখনৰ ওপৰত উদ্দেশ্য কৰি নিজৰ নিজৰ সাৱলীল বক্তব্য দাঙি ধৰে । গ্ৰন্থ উন্মোচনী সভাত জিলাখনৰ কেইবাজনো বিশিষ্ট সাহিত্যিক,শিক্ষাবিদ,বুদ্ধিজীৱি , ভকত বৈষ্ণৱৰ লগতে আইমাতৃ সকল উপস্থিত থাকে ।