দেৰগাঁৱত গ্ৰন্থ মেলা আৰু বাণিজ্য মেলাৰ শুভাৰম্ভ

85

দেৰগাঁৱত গ্ৰন্থ মেলা আৰু বাণিজ্য মেলাৰ শুভাৰম্ভ

দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও, ১৯ ছেপ্তেম্বৰঃ বোকাখাতৰ অৰণ্য হস্তশিল্প উদ্যোগ নামৰ বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠনতোয়ে দেৰগাঁও নৰেণ শৰ্মা স্মৃতি পথাৰত নিৱনুৱা যুৱক যুৱতী সকলক লৈ এক বানিজ্য মেলা অনুষ্ঠান অনুষ্ঠিত কৰিছে । কৰুনা মহামাৰীয়ে সকলো আনন্দ ম্লান কৰি পেলোৱাৰ পাছত দেৰগাঁৱত এনে অনুষ্ঠান পায় অনুৰাগী সকল আনন্দিত হৈ পৰিছে । এই অনুষ্ঠানতে সংগঠনতোৱে ছাত্ৰ ছাত্ৰী সকলে মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰন্থ অধ্যায়ণৰ আগ্ৰহ বৃদ্ধি কৰিব বাবে কেবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত গ্ৰন্থ বিতৰণ কৰি পুথি অধ্যায়ণৰ আন্দোলনৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে । দেৰগাঁও আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক প্ৰদীপ কুমাৰ চৌধুৰীয়ে মূল দ্বাৰৰ ফিটা কাটি উদ্বোধন কৰে। অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী অনুপ ভাগৱতী , অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ উত্তৰ পূৰ্বৰ সম্পাদক সত্যজিত হাজৰিকা , বিশিষ্ট লেখিকা কল্পনা দত্ত বৰা , অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সভাপতি দীপক জৈন, সম্পাদক বিদ্বান বৰদলৈ আদি ব্যক্তি সকল উপস্থিত থাকে ।