ফ্ৰী-ফায়াR পাব G আৰু নৱপ্ৰজন্ম

118

ফ্ৰী-ফায়াR পাব G আৰু নৱপ্ৰজন্ম
জাহাঙ্গীৰ আলম

এবাৰ ভাবিলেই আচৰিত লাগে ৷ বৰ্তমানৰ নৱপ্ৰজন্ম কোনদিশে গতি কৰিছে ৷ মোবাইলটোৱে যেন জীৱনৰ সংগী হৈ পৰিছে আৰু যেন মোবাইলটোৰে ওচৰত নিজৰ মনপ্ৰাণ অৰ্পণ কৰিছে ৷ মুঠতে দেখা যায় ১২ বছৰৰ পৰা ১৮/২০ বছৰৰ ল’ৰাবোৰ অৰ্থাৎ যিবোৰ ল’ৰা পঞ্চমৰ পৰা দ্বাদশ শ্ৰেণীত পঢ়ে এইসকল ছাত্ৰবোৰে এই খেলবোৰ বেছিকৈ খেলে আৰু পঢ়াশুনা একোই নকৰে ৷ এইসকল ছাত্ৰৰ হাতত এটাকৈ ডাঙৰ ডাঙৰ মোবাইল থাকে যাৰ ওজন কিজানি নিজতকৈ বেছি কম নহব ৷ এইসকল ছাত্ৰই আকৌ গুঠখা শিখৰ আদি খাই লংপেণ্ট কঁকালৰ পৰা খুলি যায় যায় অৱস্থা ৷ মুঠতে কবলৈ গলে নৱপ্ৰজন্ম মোবাইল আৰু মোবাইলৰ নানা ধৰণৰ এপ্ আৰু গেমৰ প্ৰতি বৰ আসক্ত হৈ পৰিছে ৷ এই কুঅভ্যাসৰ পৰা ছাত্ৰবোৰে কেনেকৈ পৰিত্ৰাণ পাব ৷ কবলৈ গলে যেতিয়াৰ পৰাই কৰোনা মহামাৰীয়ে এক আতংকৰ সৃষ্টি কৰিছে তেতিয়াৰ পৰাই আকৌ এইসকল ল’ৰা এই পথত গতি কৰিছে কাৰণ স্কুল বন্ধ থাকে আৰু অনলাইন ক্লাছ এই মোবাইলতে হয় এইদৰে এইসকল ল’ৰা ফ্ৰী-ফায়াR আৰু পাবG খেলিবলৈ এক সুযোগ পালে ৷ এই বয়সৰ ল’ৰাবোৰে এতিয়া কোনো অভিভাৱকৰে কথা নুশুনে প্ৰায় ল’ৰাই নিজৰ মতেই চলে আৰু পঢ়িবলৈ কলে কৰোনা লকডাউন আৰু স্কুল বন্ধৰ অজুহাত দেখুৱায় ৷ বৰ্তমান সময়ত অভিভাৱকসকলে নিজৰ ল’ৰাছোৱালী লৈ এক মানসিক চিন্তাত ভুগিছে আৰু কিমানদিন এইদৰে পাৰ হব ৷ নিজৰ ল’ৰাছোৱালীৰ ভৱিষ্যত এদিন কি হব এই চিন্তা কৰি কপালত হাত দি এক মানসিক চিন্তাত ভুগিছে ৷ মুঠতে ১২ ৰ পৰা ২০ বছৰ বয়সৰ এই ল’ৰাবোৰে সম্পূৰ্ণকৈ মোবাইল আৰু মোবাইলৰ নানাধৰণৰ গেমৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰিছে ৷