বিপদত পৰাজনক সহায় কৰাটোও মানুহৰ পৰম ধৰ্ম

95

বিপদত পৰাজনক সহায় কৰাটোও মানুহৰ পৰম ধৰ্ম

গোপাল কৃষ্ণ বাঢ়ৈ , যোৰহাট

৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা লাহদৈগড় হৈ আমাৰ ঘৰলৈ প্ৰায় ৮ কিলোমিটাৰ সোমাব লাগে ৷ পথচোৱা পকী যদিও নগৰৰ পৰা গাঁৱলৈ আহিবলৈ আৰু গাঁৱৰ পৰা নগৰলৈ যাবলৈ নিজৰ বাহন নাথাকিলে যাতায়তৰ যথেষ্ট অসুবিধা হয় । দুই ,এখন টেম্পু চলি থাকিলেও বহু সময় ৰ’ব লগা হয় । যাত্ৰী সম্পূৰ্ণ হ’লেহে টেম্পু বিলাক আহে । অথবা ভাড়া কৰি আহিব লগা হয় । সেয়ে কেতিয়াবা দুই এজন মানুহ পথৰ কাষত ৰৈ থাকে নগৰৰ পৰা গাঁৱলৈ আহিলে অথবা গাঁৱৰ পৰা নগৰলৈ যাব লগীয়া থাকিলে ৷ অকলসৰে ঘৰলৈ অহা বা লাহদৈগড়লৈ বাইক লৈ ব্যক্তিগত বাহনত যাবৰ বাবে৷মই প্ৰায়েই এনেদৰে পথৰ কাষত মানুহে ৰখালে লাহদৈগড়লৈ লৈয়ে যাওঁ । প্ৰায় দুটা বছৰৰ আগৰ কথা ৷ এদিন ৰাজৈৰ ওচৰত মানুহ এজন ৰৈ আছিল আৰু মোক ৰখালে তেওঁক লৈ যাবৰ বাবে ৷ মানুহজনে ৰখোৱাৰ বাবে তেওঁক লৈ গ’লো ৷ অলপ যোৱাৰ পিছতে ক’লে,”ধন্যবাদ দেই লৈ অহাৰ বাবে ৷ লাহদৈগড়ত চাহ খোৱাই দিম বাৰু ৷” মই ক’লো,”ভাত খাই আহিছোঁ , চাহ আকৌ কিয় খোৱাব লাগে ?”তেওঁ ক’লে ,”কেইবাজনকো ৰখালোঁ , মোক ঘূৰিও নাচালে ৷ কেইবাজনো অকলসৰেও গৈছিল ৷ সেয়ে আপুনি যে ৰখালে ভাল লাগিছে ৷” এৰা সকলো মানুহ একেই নহয় বজিছে ৷ আগতে মোৰ লগতো তেনেকোৱা হৈছিল । যেতিয়া মোৰ নিজৰ বাহন নাছিল বহু সময় ৰ’ব লগা হৈছিল গাড়ীৰ বাবে ৷ কেতিয়াবা অফিচ দেৰী হৈ গৈছিল । কিছুমান মানুহক ৰখালেও একো গুৰুত্ব নিদি তীব্ৰ বেগত গাড়ী চলাই সন্মূখেদি পাৰহৈ যায় । খালী গ’লেও,বাইকত অকলেই গ’লেও মই ৰ’বলৈ কোৱাৰ পিছত ৰৈ দিয়া নাছিল ৷ তেতিয়া ভাবিছিলো মানুহবোৰ বাৰু কিয় ইমান আত্মকেন্দ্ৰীক ? কিয় অলপো পৰোপকাৰী গুণ নোহোৱা হৈ পৰিছে মানুহৰ ? অৱশ্যে তাৰ মাজতে দুই এজন ব্যতিক্ৰম আছিল । মই মানুহ জনক ক’লো,”কিছুমান তেনেকুৱা মানুহ থাকেই ৷ যাৰ মনত আনক অকণমান সহায় কৰাৰ মানসিকতাৰ অভাৱ ৷ আপোনাক লৈ গ’লে মোৰ যিমান তেল পুৰিব । অৱশ্যে গাড়ীখন যদি বেয়া হৈ থাকে ৷ তেনেহলে উপায় নাই ৷” মানুহ জনে মোৰ কথা শুনি খুব ভাল পালে আৰু মোৰ বিষয়ে সবিশেষ সুধিলে আৰু ক’লে যে আজিকালি এনেকৈ চিন্তা কৰা , আনক সহায় কৰা মানুহ আজিকালি সমাজত নোহোৱা হৈছে ।
তেওঁৰ বিষয়ে গম পালো যে , তেওঁ লাহদৈগড়ৰ লাচিত মৈদামৰ ওচৰত অনুষ্ঠিত হোৱা এখন গাঁওৰক্ষী বাহিনীৰ সভালৈ আহিছে আৰু তেওঁ গাঁওৰক্ষী বাহিনীৰ সভাপতি । তেওঁক লাচিত মৈদামৰ ফালে সোমাই যোৱা পথৰ ওচৰত নমাই দি বিদায় জনালোঁ । তেওঁ মোক এইকণ সাধাৰণ সহায়ৰ বাবেই পুনৰ আৰ্শীবাদ আৰু ধন্যবাদ দিলে ৷