মহামাৰী কৰ’নাৰ কৰালগ্ৰাসত ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ ছাত্ৰ-ছাত্ৰী সকলৰ জীৱন

44

মহামাৰী কৰ’নাৰ কৰালগ্ৰাসত ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ ছাত্ৰ-ছাত্ৰী সকলৰ জীৱন

চোনিয়া মুক্তিয়াৰ,কলিয়াবৰ

বৰ্তমান বিশ্বত্ৰাস ক’ভিড ভাইৰাছৰ সংক্ৰমণৰ কাৰণে শিশুসকলে ঘৰৰ চাৰিবেৰৰ মাজতে আৱদ্ধ হৈ থাকিব লগীয়া হৈছে। এই ক্ষেত্ৰত ভুক্তভোগী শিশুসকলৰ বিদ্যালয় যোৱাৰ যি আনন্দ সেই আনন্দ যেন সময়ৰ আহ্বানত হেৰাই গৈছে । যোৱা পাঁচ মাহে বিদ্যালয়সমূহ বন্ধ হৈ আছে । বৰ্তমান পৰিস্থিতি যদি ভালকৈ লক্ষ্য কৰা হয় নৱেম্বৰ মাহলৈকে বিদ্যালয় সমূহ বন্ধ থকাটো নিশ্চিত । এই ক্ষেত্ৰত প্ৰাথমিক পৰ্যায়ৰ কণ কণ শিশুসকলে যদি একেৰাহে ৬ /৭ মাহ অনুষ্ঠানিক শিক্ষাৰ পৰা বিৰত থাকিবলগীয়া হয় , তেন্তে পিছপৰা গ্ৰাম্যাঞ্চল সমুহত ৪০% শিশুৰ কিতাপৰ লগত সম্পৰ্ক নোহোৱা হ’ব । লগতে কিছু ছাত্ৰ-ছাত্ৰী বিদ্যালয় খুলিলেও যাবলৈ অনিচ্ছা প্ৰকাশ কৰিব । ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ থকাত শিক্ষা বিভাগে বিকল্প হিচাপে অনলাইন শিক্ষা পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । সেয়ে ছাত্ৰ-ছাত্ৰী সকল বন্ধু বৰ্গৰ পৰা বিচ্ছিন্ন হৈ থাকিব লগা হোৱাৰ বাবে খিংখিঙীয়া হোৱা, উদাস হোৱা স্বাভাবিকতেই দেখা পোৱা গৈছে । বাহিৰলৈ গৈ খেলা-ধূলাৰ পৰা নিজকে বিৰত ৰাখিবলগীয়া হৈছে । দিনৰ বেছিভাগ সময়েই চকু মোবাইল,কম্পিউটাৰ আৰু লেপটপৰ স্কীণত আৱদ্ধ । একঘেয়ামী এটা জীৱন কটাবলগীয়া হোৱাৰ বাবে প্ৰায় সংখ্যক ছাত্ৰ-ছাত্ৰীয়েই হতাশাত ভূগিছে । শিশুমনৰ খোলা হাঁহিবোৰ যেন সময়ৰ কৰাল গ্ৰাসত ক্ৰমান্বয়ে হেৰাই যোৱাৰ লগতে শিশুৰ মানসিক আৰু দৈহিক বিকাশৰ সময়খিনি যেন ক’ভিডে চকুৰ সন্মুখতে কাঢ়ি নিছে । শ্ৰেণীকোঠাত শিক্ষা গ্ৰহণৰ যি মাদকতা,পাঠ্যক্ৰম সম্পৰ্ক হওঁক বা অন্য কোনো বিষয়েই হওঁক সহপাঠীৰ লগত আলোচনা কৰাৰ সুন্দৰ সময়খিনি যেন বৰ্তমান মোবাইল,লেপটপ আৰু কম্পিউটাৰৰ স্কীণত আৱদ্ধ হৈ পৰিছে । এটা দীঘলীয়া সময় ছাত্ৰ-ছাত্ৰীসকলে সহপাঠীৰ পৰা আঁতৰি থাকিবলগা হোৱাত কিছু আনুসংগিক সমস্যাই গা-কৰি উঠিছে । এই ক্ষেত্ৰত অভিভাৱক সকলৰ যথেষ্ট সজাগ সচেতনতাৰ প্ৰয়োজন । ইয়াৰোপৰি যিখিনি ছাত্ৰ -ছাত্ৰী যোৱা বছৰ বিদ্যালয়ত নামভৰ্ত্তি কৰিছিল মাত্ৰ এসপ্তাহ মান স্কুল গৈছিল । ক’ভিডৰ ভয়াবহতাৰ কাৰণে বিদ্যালয় সমূহ পুনৰ ২০২১ বৰ্ষৰ জানুৱাৰীত খোলাৰ বাবে বিদ্যালয়ৰ মুখ দেখা পাইছিল । ইউনিফৰ্ম, স্কুলবেগ, ফ্লাস্ক,ব্লেকবোৰ্ড,শ্ৰেণীকোঠা, শিক্ষক,বন্ধু-বান্ধৱী আদিৰ লগত পৰিচয় হৈছিলহে পুনৰ ক’ভিডৰ ভয়াবহতাৰ কাৰণে হেৰাই গৈছে কণমানি হঁতৰ সেই সোণোৱালী সময় । এইবোৰে শিশুমনত যথেষ্ট প্ৰভাৱ পেলাইছে । প্ৰায়ে শিশু সকলৰ মুখত শুনা যায়,”লকডাউন আৰু ক’ভিডৰ কাৰণে আমি স্কুল,ক’তো ফুৰিবলৈ যাব নোৱাৰো,আমাৰ ফ্ৰেণ্ডচ বোৰক বহুত দিন হ’ল লগ পোৱা নাই,ক্লাছৱৰ্ক,হোমৱৰ্ক কিমান কৰিম ।” সন্তানৰ মুখত এনেবোৰ কথা শুনি শুনি অভিভাৱক সকল যথেষ্ট চিন্তিত হোৱা পৰিলক্ষিত হৈছে । ছাত্ৰ-ছাত্ৰী সকলে ঘৰতে থাকি অনলাইন শিক্ষাৰ লগতে বিভিন্ন অনলাইন প্ৰতিযোগিতা সমূহত অংশ গ্ৰহণ কৰি সংগীত,নৃত্য, চিত্ৰাংকন,আবৃত্তি আদিত অংশগ্ৰহণ কৰিছে যদিও মনত আনন্দ দিব পৰা নাই । সেয়ে ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ হৈ থকাৰ ফলস্বৰূপে কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ অকণমান কথাতে খং উঠা দেখা যায় । যদি কি হ’ল সোধা যায় এটাই উত্তৰ,”কিমান আৰু ঘৰত সোমাই থাকি অনলাইন ক্লাছ কৰিম । আমনি লাগিছে মোবাইলত ক্লাছ কৰি কৰি । একো ভাল নলগা হৈছে ।”আচলতে প্ৰায় সংখ্যক ছাত্ৰ-ছাত্ৰী ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ হৈ থকাৰ বাবে মানসিক চাপত ভূগা দেখা গৈছে । সেয়ে অভিভাৱক সকলে সন্তানৰ লগত বেছিভাগ সময় দি এই জটিল সময় খিনি পঢ়া-শুনাৰ লগতে খেলা-ধূলা,ছবি অঁকা,সাধুকথা কোৱা,সন্তানৰ প্ৰতিটো কামত সহায় সহযোগিতা কৰাৰ লগতে যোগভ্যাস আদিৰ মাজেৰে পাৰ কৰিবলৈ দিব লাগে , যাতে কোনো ক্ষেত্ৰতে শিশুসকলে অকলশৰীয়া অনুভৱ কৰিব নোৱাৰে । বৰ্তমান শিশু ভৱিষ্যতৰ নাগৰিক । অনাগত দিনবোৰত ক’ভিড পৰিস্থিতিৰ বাবে সামান্যভাৱে হ’লেও শিক্ষাৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিব । সেয়ে ছাত্ৰ-ছাত্ৰী সকলে অনলাইন ক্লাছৰ লগতে নিয়মীয়াকৈ পাঠ্যপুথি সমূহ অধ্যয়ন অব্যাহত ৰাখিব লাগিব আৰু এনে পৰিস্থিতিৰ সৈতে খাপ খাই চলিব লাগিব ।