মৰিগাঁও কোমোৰাগুৰি আঞ্চলিক নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ প্ৰথম প্ৰতিষ্ঠা দিৱস , বাৰ্তালোচনী”যোগ দৰ্পণ”উন্মোচন

84

মৰিগাঁও কোমোৰাগুৰি আঞ্চলিক নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ প্ৰথম প্ৰতিষ্ঠা দিৱস , বাৰ্তালোচনী”যোগ দৰ্পণ”উন্মোচন

দুৰ্নীতিৰ দৰ্পণ সেৱা , পুলিন কাকতি , ভূৰবন্ধা , ১৩ চেপ্তেম্বৰ : সোমবাৰে দিনযোৰা কাৰ্যক্ৰমে মৰিগাঁও কোমোৰাগুৰিত কোমোৰাগুৰি আঞ্চলিক নাথযোগী সাহিত্য সংস্কৃতি সন্মিলনৰ উদ্যোগত প্ৰথম প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত । পুৱা ৮ বজাত কৃৰ্তি শিক্ষক তোলন ৰাজগুৰু দ্বাৰা বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানত ৯ বজাত পতাকা উত্তোলন কৰে জিলা সভাপতি লক্ষ্যজ্যোতি নাথে । দিনৰ ১১ বজাত এক সাংস্কৃতিক শোভাযাত্ৰাও আয়োজন কৰে ।সদৌ মৰিগাঁও জিলা নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ জিলা সভাপতি লক্ষ্যজ্যোতি নাথৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত সভাৰ আঁত ধৰে জিলা সম্পাদক জিতুমনি নাথে ।” ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ উত্তৰণত নাথ পন্থৰ ভূমিকা”শীৰ্ষক এই আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে উপস্থিত থাকে ড০ দিনেশ কাকতি নাথ আৰু প্ৰশান্ত নাথ । উক্ত আলোচনা সভাতে মৰিগাঁও জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ দ্বাৰা এখন মাহেকীয়া বাৰ্তালোচনী “যোগ দৰ্পণ” উন্মোচন কৰাৰ লগতে মৰিগাঁও জিলা শিক্ষাবিদ , সাহিত্যিক পোনাৰাম নাথ আৰু শতবৰ্ষীয় ব্যক্তি কালিৰাম নাথক সম্বৰ্দ্ধনা জনায় । এই অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰাদেশিক যোগী সন্মিলনৰ সাধাৰণ সম্পাদক অজিত নাথ , অৱসৰপ্ৰাপ্ত মহকুমা স্বাস্হ্য বিষয়া ডাক্তৰ তুলেশ্বৰ নাথ , শিক্ষক ক্ৰমে জিতেন চন্দ্ৰ নাথ , দুলাল নাথ , জয়ন্ত কুমাৰ নাথৰ সহ বহু কেইজন বিশিষ্ট ব্যক্তি লগতে অঞ্চলৰ প্ৰায় দুইশতাৰ্ধীক লোক ।