শিক্ষকসকল কিয় বাৰে বাৰে অপমানিত হ’বলগীয়া হয় ?

82

শিক্ষকসকল কিয় বাৰে বাৰে অপমানিত হ’বলগীয়া হয় ?

নন্দেশ্বৰ মিলি , নগাঁও , অসম

শিক্ষক সমাজ পদে পদে লাঞ্ছনা-গঞ্জনাৰ সম্মুখীন হ’বলগীয়া হয়।যিখন দেশত গুৰু ব্ৰহ্মা,গুৰু বিষ্ণু ,গুৰু পৰমদেৱ মহেশ্বৰৰ লগত তুলনা কৰা হয়; যিখন দেশত শিক্ষক বা গুৰুক জীৱনদাতা পিতৃ-মাতৃতকৈও বেছি উচ্চ আসন প্ৰদান কৰা হয় আৰু ভগৱানৰ সমপৰ্যায়ৰ বুলি স্বীকৃতি প্ৰদান কৰা হয়;সেইখন দেশতে শিক্ষকক বাৰে বাৰে অপমান কিয় কৰাৰ দৰে ঘটনা বৃদ্ধি পোৱা ঘটনাটো খুবেই লজ্জ্বাজনক আৰু পৰিতাপৰ কথা।

শিক্ষক সমাজ পদে পদে সমাজৰ কিছু মানুহ ব‍া শক্তিৰপৰা সময়ে সময়ে অপমানিত হোৱাৰ ঘটনা দেধাৰ উদাহৰণ আছে। তিনিচুকীয়াৰ ফি’লবাৰীৰ ছিনিয়ৰ ছেকেণ্ডাৰী শিক্ষয়ত্রী গৰ‍াকীক নিজৰে স্কুলৰ ছাত্র-ছাত্রীৰ আগত আঠু কাঢ়ি ক্ষমা ভিক্ষা ল’বলৈ বাধ্য কৰোৱা ঘটনাটোৱে শিক্ষক সমাজক বৰ লজ্জ্বানত কৰিলে।সাধাৰণ একোটা ইচ্ছ্যু যাক আলোচনাৰ মাধ্যমেদি সমাধা কৰিবলৈ সক্ষম হ’লেহেঁতেন ;তাকে ছচিয়েল মিডিয়াত ভাইৰেল কৰা ঘটনাটো খুবেই নিন্দনীয়।সেই ছাত্র-ছাত্রীসকলে সেই ঘটনাৰপৰা কি শিক্ষা ল’ব?তেনেকুৱা শিষ্টাচাৰ শিকি জীৱনটো কেনেকৈ গঢ় দিব? শুনামতে সেই ঘটনাৰ আঁৰত কোনোবা বাহিৰা ছাত্র সংগঠন জড়িত হৈ আছে বুলি মিডিয়াত প্ৰকাশ পাই আছে।গতিকে ছাত্র-সংগঠন বিলাকে তাত জড়িত থকা ঘটনাটোৱে আমাক ভাবিবলৈ বাধ্য কৰিছে।অৱশ্যে সেই ঘটনাত জড়িত থকা কিছু সংগঠনৰ লোকক সংগঠনৰপৰা বহিস্কৃত কৰিছে বুলি জানিব পাৰিছোঁ। সেই ঘটনা অকল তিনিচুকীয়া ফি’লবাৰীৰ সমস্যা নহয়,গোটেই সমাজৰ বাবে উদ্বেগজনক বিষয়।কিছু বছৰৰ আগতে শিক্ষককে মাতি আনি সংবাদ মাধ্যমৰ আগত মুধাফুটা লোকৰপৰাও যে লাঞ্ছনা -তিৰষ্কাৰ হ’বলগীয়া হৈছিল তাক কোনে পাহৰিব পাৰিব পাৰে বাৰু?ঠিক তেনেকৈ বিভিন্ন অফিচে-কাৰ্যালয়ে ,বাটে-ঘাটে শিক্ষকসকলে বিভিন্ন লোকৰপৰা ঠাট্টা-মস্কৰা পাই অপমানিত হ’বলগীয়া হয় তাক বাস্তৱ জীৱনত সম্মুখীন হোৱাজনে বুজি পায়।

শিক্ষকতা মহান বৃত্তি।শিক্ষকসকল নমস্য ব্যক্তি।শিক্ষক সমাজ নহ’লে পৃথিৱীৰ কোনো মানুহেই শিক্ষা-জ্ঞানৰ পোহৰ নাপালেহেঁতেন;অথবা কোনো কামৰে যোগ্য নহ’লেহেঁতেন। পৃথিৱীৰ এনে এটা কাম নাই,এনে এটা পদ নাই, যি শিক্ষক একোগৰাকীৰ অধীনত শিক্ষা লাভ কৰি পোৱা নাই। দেশৰ ৰাষ্ট্ৰপতিয়ে হওক,প্ৰধানমন্ত্রীয়ে হওক,ডাক্তৰ,নাৰ্চ, প্ৰশাসনিক বিষয়া যিয়েই নহওক কিয় সকলোৱে শিক্ষক এগৰাকীৰ অধীনতে শিক্ষা গ্ৰহণ কৰিয়েই এনে পদমৰ্যদা,বৃত্তিত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছে।সেয়ে বাহিৰা দেশবোৰ বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ,জাপান,কোৰিয়া,ইংলেণ্ড আদি দেশবোৰত শিক্ষকসকলক বৰ সন্মান আৰু শ্ৰদ্ধা প্ৰদান কৰা হয় বুলি গ’ম পাওঁ।

যিসকলে শিক্ষক বা গুৰুক সন্মান কৰিবলৈ নিশিকে তেওঁলোকৰ জীৱন ৰসাতলে যায় বুলি ক’ব লাগিব। আটাইতকৈ শিক্ষকৰ দৰে সন্মানীয় বৃত্তিত থকা লোকসকলকে সন্মান নজনায় তেন্তে তেওঁলোকে সমাজৰ আন আন ব্যক্তিসকলক কেনেকৈ সন্মান প্ৰদৰ্শন কৰিবলৈ যাব?নিশ্চয় নকৰে।শিষ্টাচাৰহীন আৰু উদণ্ড মনোবৃত্তিৰ জীৱন লৈ কেৰিয়াৰ গঢ়িব পাৰিলেও,ধন-দৌলত অৰ্জন কৰিব পাৰিলেও জীৱনৰ সাৰ্থকতা নাথাকিব।তেনে ব্যক্তিসকলে পিছলৈ বিভিন্ন অনৈতিক,অসামাজিক কাৰ্য নকৰিব তাৰ কোনো গেৰান্টি নাই।গতিকে তেওঁলোক পিছলৈ সমাজ বা দেশৰ বাবে নিশ্চয় কলংকৰ পাত্র হ’ব।

শিক্ষকসকলে জাতি-সমাজৰ উত্তৰণ,সংস্কাৰ,বিকাশ, বৰ্দ্ধনত গুৰু দায়িত্ব পালন কৰে।সমাজৰ দাপোণস্বৰূপ সংস্কৃতিৰ সংৰক্ষণ,সংস্কাৰ আৰু এটা প্ৰজন্মৰপৰা আনটো প্ৰজন্মলৈ হস্তান্তাৰ কৰাত মূল ভূমিকা পালন কৰে। সমাজৰ অজ্ঞানতা , অন্ধকাৰ আঁতৰাই জ্ঞানৰ জ্যোতিৰে আলোকিত কৰে।ব্যক্তিৰ বুদ্ধি,বৃত্তি, কৌশল,দক্ষতা,শিক্ষা-জ্ঞান বঢ়াই জীৱন সাৰ্থকতা কৰি তোলে। গতিকে তেনে চিৰনমস্য ব্যক্তিসকলক অপমান,তিৰষ্কাৰ আৰু হেয় প্ৰতিপন্ন কৰাটো খুব গৰ্হিত আৰু অক্ষমনীয় অপৰাধ। শিক্ষকসকল হ’ল এখন সমাজ বা দেশৰ পথ-প্ৰদৰ্শক, ভেঁটি ৰচোতা, মানৱ সম্পদ গঢ়োতা।দেশ বা জাতিৰ বিপদৰ সময়ত শিক্ষক সমাজে ওলাই আহে; শিক্ষক সমাজে দিহা-পৰামৰ্শ দিয়ে।গতিকে গুৰু বা শিক্ষক অপমান কৰা মানে অকল শিক্ষক সমাজকে অপমান কৰাটো নুবজায়।শিক্ষকসকলক অপমান কৰা মানে গোটেই জাতিটোকে অপমান কৰাটোকে সূচায়।

যিখন সমাজ বা দেশত শিক্ষকৰ দৰে চিৰনমস্য ব্যক্তিসকলৰ স্থান নাই,পদে পদে বিভিন্ন লোকৰপৰা লাঞ্ছিত-অপমানিত হ’বলগীয়া হয়;সেইখন সমাজ বা দেশখনে যে শিষ্টাচাৰহীন আৰু বিশৃংখল সমাজলৈ পৰ্যৱসিত হৈছে তাক নকলেও সকলোৱে বুজি পায়।সেইখন সমাজখন বিনাশ ঘটিবলৈ আৰু বেছি পৰ নাই বুলি ক’ব লাগিব।আমাৰ গৌৰৱময় ঐতিহ্য, পৰম্পৰা,সংস্কৃতিৰ বিনাশ ঘটি অপসংস্কৃতিলৈ ঢাপলি মেলিছে তাক ক’ব পাৰি।উঠি অহা প্ৰজন্মৰ ভৱিষ্যত যে উশৃংখলতাৰ ফালে গতি কৰিছে তাক বুজি উঠিব পাৰি।নৈতিকতা, প্ৰমূল্যবোধ আদি সেউজ গুণবোৰৰ বৰ্তমান সমাজত স্থান নাই; তাৰ প্ৰতিচ্ছবিকে ফুটাই তোলে।গতিকে শিক্ষকক অপমান কৰা এনেধৰণৰ অবাঞ্ছনীয় ঘটনা-দুৰ্ঘটনাবোৰ আৰু নঘটক তাকে কামনা কৰোঁ।