শিক্ষানুষ্ঠানক আধুনিকীকৰণেৰে ন-ৰূপ দিয়া অধ্যক্ষ ৰনিচ চন্দ্ৰ (চাংগ্ৰাং) ৰামছিয়াৰী

77

বাক্সাৰ অনন্য শিক্ষানুষ্ঠান আঠিয়াবাৰী বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ , ৩ আগষ্টঃ শিক্ষানুষ্ঠানক ন-ৰূপ আৰু আধুনিকীকৰণেৰে উদ্ভাসিত কৰি ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশ সাধন কৰিবলৈ সক্ষম হোৱা বাক্সা জিলাৰ এগৰাকী অধ্যক্ষই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । বাক্সা জিলাৰ আঠিয়াবাৰী বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যক্ষ হিচাপে সেৱা আগবঢ়োৱা এই গৰাকীয়ে হৈছে ৰনিচ চন্দ্ৰ (চাংগ্ৰাং) ৰামছিয়াৰী । বাক্সা জিলাৰ ৰামপুৰ নাথকুছিত জন্ম গ্ৰহণ কৰা ৰনিচৰ পিতৃ স্বৰ্গীয় ভৱেন্দ্ৰ ৰামছিয়াৰী আৰু মাতৃ থেলেপ ৰামছিয়াৰী । ২০১৭ চনত আঠিয়াবাৰী বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাপে দায়িত্ব লোৱাৰ পিছতে এক পৰিবৰ্তন আনিবলৈ সক্ষম হয় এই গৰাকী অধ্যক্ষই । পূৰ্বে এই বিদ্যালয়খনত কাহানিও দেখা নোপোৱা প্ৰতিটো কোঠাৰ বেৰত দেখা পোৱা যায় এক আকৰ্ষণীয় ৰঙৰ সৌন্দৰ্যৰ সমাহাৰ । ইয়াৰ উপৰিও অধ্যক্ষৰ কোঠাতমহৎ লোকৰ ফটো আঁৰি থৈ সেই নমস্য ব্যক্তি সকলৰ প্ৰতি সন্মাণ প্ৰদৰ্শণৰ লগতে চিৰযুগমীয়া কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে । ১৯৬১ হাইস্কুল স্থাপনৰ পৰৱৰ্তী সময়ত ১৯৭৯ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা এই শিক্ষানুষ্ঠানখনৰ চৌহদত অধ্যক্ষ ৰনিচ চন্দ্ৰ ৰামছিয়াৰীয়ে তেখেতৰ একক প্ৰচেষ্টাৰে ১ লাখ ৮০ হাজাৰ টকা নিজা ধন ব্যয়েৰে এটা স্মৃতি স্তম্ভ ২০১৭ চনত আৰম্ভ কৰি ২০১৮ চনত শেষ কৰে । মুঠ ৮৬৬ জন ছাত্ৰ-ছাত্ৰী থকা এই বিদ্যালয়খনত অনুশাসন ব্যৱস্থা কঠোৰ কৰি তুলিছে । ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰেণীকোঠাত শিক্ষক থকা অৱস্থাতে এচাম ছাত্ৰ-ছাত্ৰীয়ে মবাইল ব্যৱহাৰ কৰি থকাত অধ্যক্ষ গৰাকীয়ে ধৰা পেলাই ৬২ টা ম’বাইল জব্দ কৰি তেওঁলোকৰ অভিভাৱকৰ হাতত ঘুৰাই দিয়ে । বিদ্যালয়খনত শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে গ্ৰন্থাগাৰ , কম্পিউটাৰ লেব , স্মাৰ্ট ক্লাছ ৰূম (আইচিটি, আইটি, এটিএল) আদি স্থাপন কৰাৰ লগতে ৰিটেইল ট্ৰেডৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক জ্ঞাণ দি অহা বুলিও অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে । আনহাতে , অধ্যক্ষ গৰাকীয়ে ছাত্ৰ-ছাত্ৰীক নিজে স্কাউট এণ্ড গাইড শিকোৱাৰ উপৰিও দক্ষতা বিকাশ , কেৰিয়াৰ কাউঞ্চেলিঙৰ নিয়মীয়া শিক্ষা প্ৰদান কৰি আহিছে।শিক্ষানুষ্ঠানখনৰ চৌহদত নানাৰঙী ফুলৰ বাগিছাৰ লগতে  বিভিন্ন বনৌষধি গছ ৰোপন কৰে । সাম্প্ৰতিক সময়ত ক’ৰণাৰ সময়তো ৬ষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নিয়মিতভাৱে অনলাইন ক্লাচ চলি থকা বুলিও অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে । হাইস্কুল শিক্ষান্ত পৰীক্ষাতো বিদ্যালয়খনৰশিক্ষাৰ্থীয়ে পূৰ্বৰ তুলনাত অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ আৰু ডিষ্টিংচন নম্বৰ পাবলৈ সক্ষম হৈছে । অধ্যক্ষ গৰাকীৰ শৈক্ষিক দিশ আৰু চাফচিকুনতাৰ বাবে অলপতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া , বিটিচিৰ কাৰ্যবাহী সদস্যদ্বয় ক্ৰমে ৰাকেশ ব্ৰহ্ম আৰু ঘনশ্যাম দাস আদিয়ে বিদ্যালয়খন পৰিদৰ্শণ কৰি প্ৰশংসা কৰে । আঠিয়াবাৰী ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰামছিয়াৰীয়ে বছৰত চাৰিবাৰকৈ অভিভাৱক সন্মিলন অনুষ্ঠিত কৰি শিক্ষাৰ ক্ষেত্ৰত আৰু এঢাপ আগুৱাই নিয়াৰ প্ৰয়াস কৰি আহিছে । শিক্ষাদানৰ উপৰিও সাহিত্য চৰ্চাৰ ক্ষেত্ৰতো দখল আছে অধ্যক্ষ ৰনিচ চন্দ্ৰ ৰামছিয়াৰীৰ । ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতেই তেখেতে ‘জিঊনি চিমাং’ , নামৰ এটা কবিতা লিখিছিল । তেতিয়াৰ পৰাই সাহিত্য চৰ্চা অব্যাহত ৰাখে । বৰ্তমান বড়ো জনপ্ৰিয় আলোচনী ‘নৌজৌৰ’ৰ সম্পাদক হিচাপে কাম কৰি থকা ৰামছিয়াৰীয়ে বড়ো ৰাইটাৰ্চ একাডেমীৰ আজীৱন সদস্যৰ লগতে পূৰ্বে বাক্সা জিলা সমিতিৰ মুখপাত্ৰ আৰু সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ইয়াৰ উপৰিও প্ৰকাশন সমিতিৰ সম্পাদকৰ দায়িত্বত আছিল । ইতিমধ্যে সাহিত্যিক সুকুমাৰ বসুমতাৰীৰ প্ৰথম আৰু দ্বিতীয় সংকলনৰ লগতে বড়ো সাহিত্য সভাৰ উপ সভাপতি তথা আঠিয়াবাৰী বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰামদাস বড়োৰ জীৱনৰ আধাৰত লিখা গ্ৰন্থখনৰ প্ৰথম সংকলনো সম্পাদনা কৰে । এই গৰাকী নমস্য ব্যক্তিৰ বাবে ইতিমধ্যে বহু বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে আঠিয়াবাৰী বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰিছে । নিশ্চিতভাৱে এয়া এক আশাৰ বাৰ্তা কঢ়িয়াই আনিছে অধ্যক্ষ গৰাকীয় ।