ৰাখী বন্ধনৰ প্ৰাসংগিকতাঃ উত্তম বৰা , নাওবৈচা 

76
ৰাখী বন্ধনৰ প্ৰাসংগিকতা
উত্তম বৰা , নাওবৈচা
“যেন বদ্ধ বলী ৰাজা
দানবেন্দ্রো মহাবলঃ।
তেন ত্বা প্রতিবন্ধামি
ৰক্ষে মা চল মা চল ।”
ৰাখীবন্ধন ভাৰতীয় সকলৰ এটা পৱিত্ৰ উৎসৱ । হিন্দু , জৈন , শিখ আদি সকলোৱে এই উৎসৱটি পালন কৰে।হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিতে এই উৎসৱ উদযাপিত হয় । ৰাখী বন্ধন পিতৃ-মাতৃ , পুত্র-পুত্রী , পতি-পত্নী , ভাই-ভনী , বন্ধু-বান্ধৱ তথা আন সকলাে সম্বন্ধৰ প্রতি শ্রদ্ধাৰ ভাৱ ৰখা আৰু গােটেই জীৱন-জুৰি তাক পালন কৰি থাকিবলৈ ভিন্ ভিন পৰম্পৰাৰেই এটা অংগ । ভাই-ভনীৰ নিস্বার্থ , পৱিত্ৰ আৰু উচ্চতম প্রেমৰ অভিব্যক্তি ৰেচমৰ এই মিহি কোমল সূতা ডালেৰেই কৰা হয় । যি স্থলত ভনীয়ে নিজৰ সাত্বিক প্ৰেমৰ দ্বাৰা ভাইৰ সুখী জীৱন আৰু সুদীর্ঘ আয়ু কামনা কৰে , সেই স্থলত ভায়েকে/ককায়েকেও জীৱন পর্য্যন্ত সকলাে সুখ-দুখত একেলগে থাকি বিপদত ভনীয়েকক ৰক্ষা কৰাত সংকল্পবদ্ধ হয় ৷ এই ৰাখী ডালতেই লুকাই থাকে ভনীয়েক অথবা বায়েক জনীৰ মৰম , চেনেহ , ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মঙ্গলকামনা । লগতে লুকাই থাকে দাদায়েকে নিজৰ ভনী গৰাকী বা বায়েকক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি । সেয়ে ককায়েক বা ভায়েক জনৰ বায়েক বা ভনীয়েক জনীৰ প্ৰতি গুৰুত্ব অতি প্ৰয়োজনীয় ৷ ৰাখীবন্ধন কেতিয়াৰ পৰা আৰম্ভ হ’ল এই কথা কোনেও সঠিককৈ ক’ব নোৱাৰে । পুৰণি এটা আখ্যান মতে দানৱ আৰু দেৱতাৰ যুদ্ধত যেতিয়া দেৱতা সকল দুৰ্বলৰ দৰে অনুভৱ হল , তেতিয়া দেৱতাৰ ৰজা ইন্দ্ৰ দেৱ বৃহস্পতিৰ কাষ চাপিল । বৃহস্পতিৰ আগত কোৱা সকলো কথা ইন্দ্ৰৰ পত্নীয়ে শুনি আছিল আৰু তাই এডাল ৰেচমৰ সূতাত কিছু মন্ত্ৰ শক্তিৰে পবিত্ৰ কৰি ইন্দ্ৰৰ হাতত বান্ধি দিলে । সংযোগ ক্ৰমে সেই দিনা শাওণ মাহৰ পূৰ্ণিমা তিথি আছিল আৰু কিছু মানুহৰ বিশ্বাস যে তেতিয়াৰ পৰাই ৰাখী বন্ধন উৎসৱটি প্ৰচলিত হৈ আহিছে ৷ মহাভাৰতত আছে , কোনো এখন যুদ্ধত শ্ৰীকৃষ্ণ আঘাত প্ৰাপ্ত হোৱাত পাণ্ডৱৰ স্ত্ৰী দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ আঁচল খন ফালি আঘাত প্ৰাপ্ত ঠাই ডোখৰত বান্ধি দিছিলে । এই কাৰ্য্যত কৃষ্ণ অভিভূত হৈ যায় । তাৰ বহু বছৰৰ পূৰ্বে কৌৰৱৰ লগত পাশা খেলত পৰাজিত হোৱাত দৌপদীক কৌৰৱৰ ৰাজ সভাত অপমান কৰে আৰু বস্ত্ৰ হৰণ কৰিবলৈ যাওতে কৃষ্ণই দৌপদীৰ সন্মান ৰক্ষা কৰিবৰ বাবে নিজ মায়াৰে তেওঁক বস্ত্ৰ দান কৰিছিল । কিছু লোকৰ মতে এইদৰেই ৰাখীবন্ধন প্ৰচলন হ’ল।বলি আৰু লক্ষ্মী দেৱীৰ আন এটি আখ্যান মতে দৈতৰাজ বলি বিষ্ণুৰ ভক্ত আছিল । বিষ্ণুয়ে বৈকুণ্ঠ এৰি বলিৰ ৰাজ্য ৰক্ষা কৰিবলৈ আহে । বিষ্ণুৰ স্ত্ৰী লক্ষ্মী দেৱীয়ে স্বামীক পুনৰ ঘূৰাই নিবৰ বাবে এজনী সাধাৰণ মহিলাৰ ৰূপ ধৰে । লক্ষ্মী দেৱীয়ে বলিক কয় যে , যোৱা বহু দিনৰ পৰা তেওঁৰ স্বামী নিৰুদ্দেশ , তেওঁ যেতিয়ালৈকে স্বামীক বিচাৰি নাপায় , তেতিয়ালৈকে যাতে বলিয়ে তেওঁৰ ঘৰত এই দুখীয়া মহিলা গৰাকীক থাকিবলৈ দিয়ে । বলিৰজাই ছদ্মবেশী লক্ষ্মী দেৱীক আশ্ৰয় দিবলৈ ৰাজি হ’ল । শাওণ মাহৰ পূৰ্ণিমা উৎসৱ লক্ষ্মী দেৱীয়ে বলি ৰজাৰ হাতত ৰাখী বান্ধি দিয়ে । সাধাৰণ মহিলা গৰাকীয়ে বলি ৰজাৰ হাতত ৰাখী বন্ধাৰ কাৰণ সুধোতে লক্ষ্মী দেৱীয়ে নিজৰ আত্ম পৰিচয় দিলে আৰু সকলো কথা বলি ৰজাৰ আগত বিৱৰি কলে । তেওঁৰ চতুৰালিত মুগ্ধ হৈ বলি ৰজাই বিষ্ণুক বৈকুণ্ঠলৈ যাবলৈ অনুৰোধ জনায় । বহু লোকৰ মতে সেই কাৰণেও ৰাখীবন্ধন পালন কৰা হয় ।ঐতিহাসিক প্ৰসংগ অনুসৰিঃ- ৰাণী কৰ্ণৱতী আৰু সম্ৰাট হুমায়ুনঃ- ৰাজপুত সকল যেতিয়া যুদ্ধৰ বাবে ওলায় , তেতিয়া তেওঁলোকৰ স্ত্ৰীয়ে যুঁজাৰু সকলৰ মূৰত তিলক লগাইছিল আৰু হাতত ৰেচমৰ সূতা এঠাল বান্ধি দিছিল । তেওঁলোকে এই সূতা ডালক বিশ্বাস কৰিছিল যে , এই সূতা ডালেই তেওঁলোকৰ স্বামীক বিজয়ীৰ লগতে যুদ্ধৰ পৰা জীৱিত ৰূপত ঘৰলৈ আনিব । এটা জনপ্ৰিয় গল্প অনুযায়ী , চিতোৰৰ ৰাণী কৰ্ণৱতীয়ে ১৫৩৫ খ্ৰীষ্টাব্দত গুজৰাটৰ ৰজা চুলতান বাহাদুৰ শ্বাহে চিতোৰ আক্ৰমণ কৰিলে , বিধবা ৰাণী কৰ্ণৱতীয়ে অসহায় বোধ কৰিলে আৰু মোগল সম্ৰাট হুমায়ুনলৈ এডাল ৰাখী পঠাই দিয়ে আৰু তাইক সহায় কৰিবলৈ প্ৰৰ্থনা কৰে । ৰাণী কৰ্ণৱতীৰ ৰাখীত অভিভূত হৈ হুমায়ুনে চিতোৰ ৰক্ষাৰ অৰ্থে তেওঁৰ সৈন্য প্ৰেৰণ কৰে । হুমায়ুনৰ সৈন্যয়ে চিতোৰ ৰক্ষা কৰি দিয়ে । মহামতি আলেকজেণ্ডাৰ আৰু পুৰু ৰজাঃ এটা কিংবদন্তী অনুযায়ী, ৩২৬ খ্ৰীষ্টপূৰ্বত মহামতি আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিলে । আলেকজেণ্ডাৰৰ স্ত্ৰীয়ে পুৰু ৰজালৈ এডাল সূতা পঠিয়ায় আৰু তেওঁক অনুৰোধ জনায় যে , আলেকজেণ্ডাৰৰ যেন ক্ষতি নকৰে । আৰু পুৰু ৰজাই হাতত বন্ধা ৰাখী ডালক সন্মান কৰি আলেকজেণ্ডাৰক জীৱন দান দিলে । কোনো কোনো লোকৰ বিশ্বাস যে , তেতিয়াৰ পৰাই এই প্ৰথা প্ৰচলনহৈ আহিছে ।পৰিশেষত—
আজি মিলনৰে দিন
হাতে হাতে ৰাখী ৷
আশা আৰু বিশ্বাসৰ
চেনেহৰে সাখী ৷