গুৱাহাটী প্ৰেছ ক্লাবত সংগীত শিল্পী মুস্তাকিন আহমেদৰ জিকিৰ-ই-নুৰ এলবাম উন্মোচন

32

গুৱাহাটী প্ৰেছ ক্লাবত সংগীত শিল্পী মুস্তাকিন আহমেদৰ জিকিৰ-ই-নুৰ এলবাম উন্মোচন

দুৰ্নীতিৰ দৰ্পণ সেৱা ,পঙ্কজ নাথ, চাংসাৰি, ৭ ফেব্ৰুৱাৰী : নানা জাতি উপজাতি, বিভিন্ন সম্প্ৰদায়ৰ পৱিত্ৰ মিলনভূমি অসম। ইয়াত সকলো একতাৰ দোলেৰে বান্ধ খাই আছে । বিভিন্ন গীত মাত আৰু সাংস্কৃতিক বৈচিত্ৰ্যতাই বিশেষ মাত্ৰা প্ৰদান কৰিছে । প্ৰায় ৫০০ বছৰ আগতে আজান ফকীৰ চাহাবে অসমৰ মাটিত ভৰি দিয়েই অসমৰ থলুৱা গীত মাতৰ গভীৰতাক বুজিবলৈ চেষ্টা কৰিছিল আৰু সৃষ্টি কৰি থৈ গৈছিল জিকিৰ জাৰি। এই জিকিৰ আৰু জাৰিৰে এটি এলবাম স্বীকৃতিপ্ৰাপ্ত অনাতাঁৰ সংগীত শিল্পী মুস্তাকিন আহমেদে ৫ টা জিকিৰ বাণীবদ্ধ কৰি আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰে। দৃশ্য ও শ্ৰাব্য “জিকিৰ ই নুৰ” নামেৰে এই এলবামটো উন্মোচন কৰে অসমৰ থলুৱা গীত মাতৰ গুৰি ধৰোঁতা প্ৰভাত শৰ্মা আৰু লোকগীতৰ সম্ৰাজ্ঞী শিল্পী ধনদা পাঠকে। পাঁচোটা জিকিৰ সংগীত তথা দৃশ্যগ্ৰহণেৰে সঁজাইছে বিষ্ণু শৰ্মাই,কেমেৰাত ৰতন কোঁৱৰ, প্ৰযোজনা কৰিছে সমাজকৰ্মী তাজনুৰ আলীয়ে। গুৱাহাটীৰ Spectrum Studio ত গীতবোৰ বাণীবন্ধন তথা ভিডিও সম্পাদনা কৰা হৈছে। এই শুভ উন্মোচনী অনুষ্ঠানত জিকিৰ গীতৰ গৱেষক তথা কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ পইনুৰুদ্দিন আহমেদে। এই অনুষ্ঠানটিত আত ধৰে বিশিষ্টা সাংবাদিক মন মৰমী মহন্তই।

Total Page Visits: 6 - Today Page Visits: 1