বিশ্বকবিৰ ‘জনগণমন’ আৰু কিছু সত্যতা

0
28

বিশ্বকবিৰ ‘জনগণমন’ আৰু কিছু সত্যতা
————————————————–
গীতালি বৰা
অসাধাৰণ প্ৰতিভাৰ গৰাকী, সাহিত্য জগতৰ চিৰ জ্যোতিষ্মান ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল এজন স্পষ্টবাদী কবি ৷ ফলত বহু ক্ষেত্ৰতেই কবিগৰাকী সমালেচনাৰ সন্মুখীন হ’ব লগীয়া হৈছিল তেখেতৰ কিছুমান সৃষ্টিৰাজিক লৈ ৷ তেনে এক সৃষ্টি হ’ল “জন গণ মন” গীতটো ৷ অনভিপ্ৰেত অনাৱশ্যক আৰু ভিত্তিহীন সমালোচনাৰ কণ্টক কিছুমানে আজিও বিদ্ধ কৰে বিশ্ব কবিক আৰু তেওঁৰ সৃষ্ট “জন গণ মন” গীতটোক ৷ সমালোচনাৰ কেন্দ্ৰবিন্দু এটাই- ৰবীন্দ্ৰনাথ ঠাকুৰে সম্ৰাট পঞ্চম জৰ্জক স্তুতি-বন্দনা কৰিবলৈ “জন গণ মন অধিনায়ক জয়হে” গীতটি ৰচনা কৰিছিল ৷ গীটতি স্বাধীন ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি পোৱাৰ পিছতো এই বিতৰ্কৰ কাৰণ কি…? এই বিতৰ্কৰ কিবা সত্যতা আছে নে ? নে সম্পূৰ্ণ অজ্ঞানতা , মূঢ়তা ! নে উদ্দেশ্য প্ৰণোদিত ? নে তথাকথিক বিদ্বজনৰ ভিত্তিহীন সমালোচনাৰ অন্ধ অনুকৰণ ?
ভালকৈ পৰ্য্যবেক্ষণ কৰিলে অতি স্পষ্টকৈ বুজা যায় যে , ইয়াৰ কাৰণ প্ৰধানত: চাৰিটা–
ক)সম্পূৰ্ণ গীতটিৰ সম্পৰ্কে সমালোচক সকলৰ জ্ঞানৰ অভাৱ ৷

খ)কবিজনাৰ জীৱন সম্পৰ্কে, তেওঁৰ কালজয়ী সৃষ্টি সম্পৰ্কে প্ৰকৃত অধ্যয়ণৰ অভাৱ ৷

গ)জনতাৰ মনোবল ভাঙিবলৈ, বিভেদ-বিভ্ৰান্তি সৃষ্টি কৰিবলৈ এচামে কৰা অপপ্ৰচাৰ ৷

ঘ)বিভ্ৰান্তিকৰ প্ৰচাৰৰ বিৰুদ্ধে শিক্ষিত আৰু সচেতল মহলে যেনেকুৱা তীব্ৰ প্ৰতিবাদ কৰিব লাগিছিল তেনে একো নকৰা ৷
বিচাৰ কৰিবলগীয়া বিষয় যে “জন গণ মন” পূৰ্ণাঙ্গ গীতটিৰ সম্পৰ্কে আমি কিমানে অৱগত হৈছোঁ ! উল্লেখযোগ্য যে অনেকেই গীতটিৰ ৰাষ্ট্ৰীয় সংগীত হিচাবে গোৱা অংশখিনিৰ বাহিৰেও মূল গীতটোত যে আৰু চাৰিটা স্তৱক আছে, এই বিষয়ে নাজানে ৷ ফলত অন্ধৰ হস্তি-দৰ্শনন অৱস্থা হৈছে ৷ আংশিক শ্ৰৱন-দৰ্শন পঠনৰ ফলত আংশিক, অপ্ৰাকৃতিক, কৃত্ৰিম, মনেসজা অপৈনত অনুভূতিৰ সৃষ্টি হোৱাটো স্বাভাৱিক ৷ কবিগুৰুৱে নিজে এই প্ৰসঙ্গত কৈছে—“আজ পৰ্যন্ত সাহিত্যে যাঁব়া সন্মান পেয়েছেন তাঁদেব় ব়চনাকে আমব়া সমগ্ৰভাৱে দেখেই শ্ৰদ্ধা অনুভৱ কব়ি ৷ তাকে টুকব়ো টুকব়ো ছিঁড়ে সন্ধান বা ছিদ্ৰখনন কব়তে স্বভাৱত প্ৰবৃত্তি হয়না ৷”
1857 চনত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সূচনা হৈছিল, সেই সংগ্ৰামে গোটেই ভাৰতবৰ্ষত জোকাৰণি তুলিছিল ৷ অসমকে আদি কৰি দেশৰ বিভিন্ন ভাগত বহুতো নেতৃত্বৰ উদয় হৈছিল ৷ ইয়াৰ প্ৰভাৱত বঙ্গদেশতো বিভিন্ন সশস্ত্ৰ বিপ্লৱী সংগঠনৰ জন্ম হৈছিল ৷ দৰাচলতে তদানীন্তন বঙ্গদেশ আৰু পাঞ্জাবৰ বিপ্লৱী সকলে বৃটিছ শাসক সকলৰ চকুৰ টোপনি কাঢ়ি নিছিল ৷ সশস্ত্ৰ বিপ্লৱী সংগঠনবিলাকক বাদ দিলে সামগ্ৰিকভাৱে দেশৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব দান কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছে৷ ক’বলৈ গ’লে ৰাজনৈতিক অস্থিৰতাই যেন সকলো চেৰাই গৈছিল ৷ ৰাজনৈতিক নেতাসকলে ভাবিছিল ৰাজনৈতিক স্বাধানতা লাভ কৰিব পাৰিলে বাকী সকলে শিক্ষা-দীক্ষা, শিল্প, অৰ্থ, ধৰ্ম, কৃষ্টি-সংস্কৃতি ইত্যাদি সকলোবিলাকৰ সুস্থ সমাধান সম্ভৱ হ’ব ৷ সেইকাৰণে স্বাধীনতা আন্দোলনক চহৰৰ পৰা গাঁৱলৈ, শিক্ষিতৰ পৰা অশিক্ষিতলৈ লৈ যোৱাত অৰিহণা যোগাইছিল কবি, সাহিত্যিক, নাট্যকাৰসকলে ৷ তেওঁলোকে দেশ প্ৰেমমূলক গীত-কবিতা, নাটক, প্ৰবন্ধাদি লিখি সাধাৰণ মানুহক অনুপ্ৰেৰণা, উৎসাহ দি আন্দোলনমুখী কৰি তুলিছিল ৷ বঙ্গদেশৰ ৰঙ্গলাল বন্ধোপাধ্যায়ৰ ‘পদ্মিনী উপাখ্যান’ হেমচন্দ্ৰ বন্দোপাধ্যায়ৰ ‘বীৰবাহু’ কাব্য, বঙ্কিমচন্দ্ৰ চট্টোপাচট্টোপাধ্যায়ৰ ‘বন্দে মাতৰম’ গীত, কাজী নজৰুলৰ বিদ্ৰোহী কবিতা আদিয়ে জনতাৰ হৃদয়ত বিপ্লৱৰ সূচনা কৰিছিল ৷ স্বাধীনতা আন্দোলনক নিঃশকতীয়া কৰিবলৈ ইংৰাজে সেই সময়ত অৰ্থাৎ 1905 চনত বঙ্গদেশক দুভাগ কৰিছিল ৷ 1911 চনৰ 26, 27 আৰু 28 ডিচেম্বৰ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে কংগ্ৰেছৰ অধিৱেশন কলকতাত অনুষ্ঠিত হৈছিল ৷ 30 ডিচেম্বৰ অৰ্থাৎ অধিৱেশনৰ দুদিন পিছতেই সম্ৰাট পঞ্চম জৰ্জ সপত্নীক কলকতালৈ অহা কথা আছিল ৷ কংগ্ৰেছ তেতিয়া সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ৰ লেখিয়া নৰমপন্থীৰ গোটৰ হাতত আছিল ৷ কংগ্ৰেছে সম্ৰাট পঞ্চম জৰ্জক সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ সেই সময়ত এটি সম্বৰ্দ্ধনা গীতৰ কাৰণে অনুৰোধ লৈ কংগ্ৰেছৰ এজন প্ৰতিষ্ঠাবান কৰ্মী ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাষ চাপিছিল আৰু অনুৰোধ জনাইছিল এটি উপযুক্ত গীত ৰচনা কৰি দিবলৈ ৷ সেই ব্যক্তিজন আছিল কবিগুৰুৰ ভতিজী প্ৰতিভা দেৱীৰ স্বামী আশুতোষ চৌধুৰী ৷ আশুতোষ চৌধুৰী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ শালপতি আছিল ৷ কিন্তু ৰবীন্দ্ৰনাথৰ কলম বৃটিছ শাসকৰ বিৰুদ্ধেহে চলিছিল ! গতিকে আশুতোষ চৌধুৰীৰ এই অভাবনীয়, অদ্ভুত, অকল্পনীয় অনুৰোধৰ কাৰণে কবিগুৰুৰ প্ৰচণ্ড খং উঠিছিল ৷ তেওঁ এই বিষয়টোৰ সন্মুখীন হ’ব লগা হোৱাত যথেষ্ট মৰ্মাহতও হৈছিল ৷ খঙৰ প্ৰবল হেঁচাত কবিগুৰুৱে ৰচনা কৰিছিল পাঁচ স্তৱক, একত্ৰিশ পংক্তি বিশিষ্ট ‘জন গণ মন অধিনায়ক’ গীতটি৷ উল্লেখযোগ্য যে গীতটো কোনো ৰজা মহাৰজা, জৰ্জ লৰ্ডক বন্দন বা প্ৰশংসা কৰি নহয় পৰমেশ্বৰ ব্ৰহ্মৰ স্তুতি কৰিহে লিখিছিল ৷
উক্ত কংগ্ৰছ অধিৱেশনৰ প্ৰথম দিনা অৰ্থাৎ 26 ডিচেম্বৰ তাৰিখে ‘বন্দে মাতৰম’ গীতটিৰে উদ্বোধন গীত হিচাপে গোৱা হয় ৷ দ্বিতীয় দিনা অৰ্থাৎ 27 ডিচেম্বৰ তাৰিখে ৰবীন্দ্ৰনাথৰ ভাগিনীয়েক সৰলা দেৱীৰ নেতৃত্বত কেইবাগৰাকী তৰুণীয়ে উদ্বোধনী গীত হিচাপে “জন গণ মন” গীত হিচাপে পৰিৱেশন কৰে ৷ ইয়াৰ পিছত পঞ্চম জৰ্জৰ বন্দনাত এটি হিন্দী গীত গোৱা হয় ৷
‘জন গন মন’ গীতটি 27 ডিচেম্বৰ 1911 তাৰিখেই প্ৰথম বাৰৰ বাবে ৰাজহুৱা সভাত গোৱা হয় ৷ গীতটি স্বয়ং ৰবীন্দ্ৰনাথ ঠাকুৰৰ সম্পাদনাত প্ৰকাশিত আদি ব্ৰহ্মসমাজৰ মুখপত্ৰ ‘তত্ত্ববোধিনী’ পত্ৰিকাত ‘ভাৰতবিধাতা’ শিৰোনামেৰে প্ৰথম প্ৰকাশিত হৈছিল ৷ গীতটিৰ তলতেই গীতটিৰ এটি পৰিচয়াত্মক টোকাত স্ৰষ্টাই নিজেই লিখিছিল ব্ৰহ্মসংগীত বুলি ৷ কিন্তু বৃটিছ পৰিচালিত ইংৰাজী সংবাদ মাধ্যম কিছিমানে গীতটোক লৈ যি ভুল প্ৰচাৰ কৰিলে, তাৰ বাবেই কিছুমান মানুহ ভুল ধাৰণাৰ গ্ৰাসত পৰে ৷ সেই সময়ত বহুল প্ৰচলিত ‘Englishman’ কাকতখনে 28 ডিচেম্বৰত 1911 তাৰিখে অধিৱেশনৰ 27 তাৰিখৰ বিৱৰণী প্ৰকাশ কৰিছিল ৷ তাৰ প্ৰাসঙ্গিক অংশ এনেধৰণৰ…
“Proceedding opened with a song of welcome to the king Emperor, specially composed for the occasion by Babu Rabindranath Tagore) অথচ ৰবীন্দ্ৰনাথ ঠাকুৰে সম্ৰাটৰ হৈ একো লিখাই নাছিল ৷ সম্ৰাটৰ সম্বৰ্দ্ধনা গীত হিচাপে সেইদিনা এটা বেলেগ হিন্দী গীতহে গোৱা হৈছিল ৷ দৰাচলতে এই ৰিপৰ্টটোৰ পৰাই গীতটিক লৈ বিতৰ্কৰ জন্ম হৈছিল ৷ এনেও মচলাযুক্ত খবৰবোৰ সমাজত দ্ৰুত গতিত বিয়পে ৷ কিন্তু উল্লেখনীয় বিষয় যে সাহিত্যত বিশেষ ব্যুৎপত্তি থকা বন্ধু আশুতোষ চৌধুৰী, যিয়ে পঞ্চম জৰ্জৰ বাবে প্ৰশস্তি গীত এটা ৰচনা কৰিবলৈ অনুৰোধ লৈ আহিছিল তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰবল ক্ষোভৰ প্ৰভাৱত ৰচনা কৰা ‘জনগণমন’ গীতটি পঢ়ি উপলব্ধি কৰিব পাৰিছিল যে গীতটি কোনোপধ্যেই সম্ৰাটৰ প্ৰশস্তি গীত হ’ব নোৱাৰে ৷
সেই কাৰণে অনুষ্ঠানৰ বাবে তেওঁ হিন্দী ভাষাত ৰচিত বেলেগ গীতৰ ব্যৱস্থা কৰিছিল ৷ অৰ্থাৎ, অনুৰোধকাৰীয়ে বুজি পাইছিল যে ‘জনগণমন’ গীতটি ৰাজভক্তি নহয় ৰাষ্ট্ৰভক্তি, ভগৱৎ ভক্তিৰহে গীত ৷
মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা আদি ব্ৰাহ্মসমাজৰ প্ৰতিষ্ঠা দিৱসত ‘মাঘোৎসৱ’ নামেৰে এটা অনুষ্ঠৈন প্ৰতি বছৰে পাতিছিল ৷ 1912 চনৰ 25 জানুৱাৰীত অনুষ্ঠিত হোৱা এই ‘মাঘোৎসৱত’ ‘জন গণ মন’ গীতটি স্বয়ং ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিচালনাত পৰিৱেশিত হৈছিল ৷ গতিকে নিঃসন্দেহে ক’ব পাৰি যে গীতটো পঞ্চম জৰ্জৰ প্ৰশস্তিৰ বাবে ৰচনা কৰাই নাছিল; নহ’লে কবিৰ নিজা পৰিচালনাত মাঘোৎসৱৰ দৰে এটি গাম্ভীৰ্যপূৰ্ণ ধৰ্মীয় অনুষ্ঠানত গীতটি পৰিৱেশিত নহ’লহেঁতেন ! গতিকে গীতটো যে সৰ্বশক্তিমান পৰমব্ৰহ্মক উদ্দেশ্য কৰিয়েই ৰচনা কৰা হৈছিল, তাত সন্দেহৰ কোনো থল নাই ৷ দৰাচলতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বহুতো স্বদেশী গানৰ মূলতেই আছে ভক্তিমিশ্ৰিত দেশাত্মবোধৰ প্ৰেৰণা ৷ এই গীতটো দুই ঠাইতে গোৱা হৈছিল তাৰ কাৰণ দুয়ো ঠাইতে গীতটো গোৱাৰ উপযুক্ততা আছিল ৷ অৰ্থাৎ এইটো একে সময়তে জাতীয় সংগীত আৰু ভগৱৎ সংগীতো ৷ সেইকাৰণে গীতটো প্ৰথমতে ‘ধৰ্মসংগীত'(1914) গ্ৰন্থৰ অন্তৰ্ভুক্ত হ’লেও ৰবীন্দ্ৰনাথে নিজেই ‘গীতবিতান’ গ্ৰন্থত গীতটো ‘স্বদেশ’ পৰ্য্যায়ভুক্ত কৰিছিল ৷
প্ৰকৃতাৰ্থত ইংৰাজৰ পত্ৰ-পত্ৰিকা , আলোচনী আৰু শাসকসকলৰ প্ৰতি ৰবীন্দ্ৰনাথৰ মনোভাব কেতিয়াও নমনীয় নাছিল ৷ ‘ৰাজা প্ৰজা’ প্ৰবন্ধ সংকলনৰ বিভিন্ন প্ৰবন্ধত ইংৰাজ শাসকৰ প্ৰতি তিৰ্যক সমালোচনাহে ব্যক্ত কৰিছে ৷ তেনে পৰিস্থিতিত কাৰোবাৰ অনুৰোধত ইংৰাজ শাসকৰ প্ৰশংসা বা স্তুতি বন্দনা কৰি নিজৰ ভাব আৰু ভাৱৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা বিসৰ্জন দি কবিতা লিখিব, এইটো কল্পনা কৰাও মূঢ়তা ৷ ভাৱৰ বিপৰীতে কাৰোবাৰ অনুৰোধ ৰক্ষা কৰিবলৈ কবিতা ৰচনা কৰাহেঁতেন, কেতিয়াও দেশ-বিদেশৰ পণ্ডিত ব্যক্তিসকলৰ প্ৰশংসাধন্য হৈ ভাৰতৰ নিচিনা এখন আধ্যাত্মিকতাময়, প্ৰাচীন, সংস্কৃতিসম্পন্ন আৰু ভৌগলিক-সামাজিক বৈচিত্ৰময় বৃহৎ দেশ এখনৰ জাতীয় সংগীত হৈ উঠিব নোৱাৰিলেহেঁতেন ! কিছুমান পত্ৰ-পত্ৰিকাৰ উদ্দেশ্য প্ৰণোদিত হৈ প্ৰচাৰিত মিছা খবৰৰ দ্বাৰা প্ৰভাৱিত হৈ কিছুমান মানুহে আগ-পিচ বিবেচনা নকৰি হিমালয় সদৃশ ভুল এটা আজিও জীয়াই ৰখাৰ বাবে নিষ্ফল সময় অতিবাহিত কৰি আছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here