মদাৰখাত শাখা কবি সন্মিলনৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন

56

মদাৰখাত শাখা কবি সন্মিলনৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন
দুৰ্নীতিৰ দৰ্পণ সেৱা, ডিব্ৰুগড়, ৰশ্মিৰেখা সাউদ কলিতা,০২ ফেব্ৰুৱাৰী :: সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত ডিব্ৰুগড় জিলা কবি সন্মিলনৰ অন্যতম শাখা মদাৰখাত শাখা কবি সন্মিলনৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনখনি ৩১জানুৱাৰী তাৰিখে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। ডিব্ৰুগড় জিলা কবি সন্মিলনৰ কাৰ্যালয় লাহোৱালৰ মেলেঙীয়াল গাৱঁত অৱস্থিত ডিবৰু কাব্য ভৱনত অনুষ্ঠিত হোৱা এই দ্বি-বাৰ্ষিক অধিবেশনৰ আৰম্ভনিতে পতাকা উত্তোলন কৰে ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সভাপতি পবিত্ৰ গগৈয়ে। স্মৃতি তৰ্পণ কৰে মদাৰখাত শাখা কবি সন্মিলনৰ ভাৰপ্ৰাপ্ত সম্পাদক গৌৰিত গগৈয়ে । ইয়াৰ পাছতে পবিত্ৰ গগৈৰ সভাপতিত্বত আৰম্ভ হোৱা মদাৰখাত শাখা কবি সন্মিলনৰ প্ৰতিনিধি সভাত শাখাৰ ভাৰপ্ৰাপ্ত সম্পাদক গৌৰিত গগৈয়ে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। এই প্ৰতিনিধি সভাতে গৌৰিত গগৈক সম্পাদক আৰু প্ৰদীপ কুমাৰ কছাৰী বৰুৱাক সভাপতি হিচাপে লৈ মদাৰখাত শাখা কবি সন্মিলনৰ নতুন সমিতি গঠন কৰা হয়। শাখাৰ নৱ নিৰ্বাচিত অনান্য বিষয়ববীয়াসকল হৈছে : ৰীমা গগৈ সেনাপতি, প্ৰিয়লতা গোহাঁই (উপ সভাপতি ), বীৰেন্দ্ৰ কুমাৰ চাহু(সহকাৰী সম্পাদক ), বাবুল ফুকন (কোষাধ্যক্ষ ), নিয়ন্তা গোহাঁই (প্ৰাচীৰ পত্ৰিকা সম্পাদক ), গুণকৃপা হাতীমূৰীয়া (সাংগঠনিক সম্পাদক)। এই দ্বি বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত মদাৰখাত শাখা কবি সন্মিলনৰ এগৰাকী সক্ৰিয় সদস্য বীৰেন্দ্ৰ কুমাৰ চাহুৰ জীৱনৰ শেষ সন্ধিয়াত নামৰ এখনি কাব্য সংকলন উন্মোচন কৰা হয়। লাহোৱালৰ নবীন প্ৰকাশন প্ৰজন্ম প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কাব্য সংকলনখনি উন্মোচন কৰে বিশিষ্ট কবি ৰীতা বৰুৱাই। ইয়াৰ পাছতে ৰীতা বৰুৱাৰ সঞ্চালনাত এটি কবিতা পাঠৰ অনুষ্ঠান সম্পন্ন হয়। মদাৰখাত, লাহোৱাল, ডিকম, ডিব্ৰুগড়, চাবুৱা, দুলিয়াজান, নাহৰকটীয়া, বৰবৰুৱা আদি বিভিন্ন ঠাইৰ ৪০ ৰো অধিক কবিয়ে অনুষ্ঠানটিত কবিতা পাঠ কৰে। অনুষ্ঠানত কবিতা পাঠ কৰা কবিসকল হৈছে : মহেন্দ্ৰ দাস, সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সদস্যা হিৰণ্য চেতিয়া গগৈ, প্ৰাৰ্থনা সন্দিকৈ, মাধুৰীমা মেচ শইকীয়া, বীৰেন্দ্ৰ কুমাৰ চাহু, গৌৰিত গগৈ, পবিত্ৰ গগৈ, প্ৰদীপ কুমাৰ কছাৰী বৰুৱা, কৰবী গগৈ, বৰ্ণালী ফুকন, ধুনু দত্ত, নীলিমা গগৈ, নিয়ন্তা গোহাঁই, ৰীমা গগৈ সেনাপতি, প্ৰিয়লতা গোহাঁই, মৃদুলা গগৈ, দিলীপ কৌশিক, গুণকৃপা হাতীমূৰীয়া, আল্পনা গগৈ, প্ৰতিভা খনিকৰ, গীতাৰাণী বড়া, পদ্মজা সোনোৱাল আদি। এই কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠানতে বুলন গগৈ, মঞ্জু দত্ত গোহাঁই আৰু টুনুমনি বৰুৱাই গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে। সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সদস্য কেশৱ কুমাৰ শইকীয়াই কবি আৰু কবিতাৰ ওপৰত তেওঁৰ বক্তব্য প্ৰদান কৰে। গৌৰিত গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতে সদৌ অসম কবি সন্মিলনৰ কাব্যমন্ত্ৰ পাঠেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।

Total Page Visits: 8 - Today Page Visits: 1