Uncategorizedঅসমসাহিত্য

সোণালী আঘোণ # # # ✍️ অঞ্জুমণি হাজৰিকা

সোণালী আঘোণ # # #
✍️ অঞ্জুমণি হাজৰিকা

তুমি নিয়ৰৰ বুকুত সপোন সনা
আশাৰ দিগন্তৰ সুখৰ চৰাই ।

সোণোৱালী পাখিত গুজি আনা
হিৰণ্ময়ী আশাৰ কবিতা ,
সোণগুটিয়ে জেউতি চৰাই
প্ৰাণময় কৰি তোলে হেঁপাহৰ
সোণালী আশাভৰা পথাৰ ,
কৃষকে নিয়ৰ সিক্ত লখিমীক আদৰি নি
জীপাল কৰে উদং বুকুৰ ভঁৰাল ।

আঘোণ মানেই জীৱন ৰথৰ চকৰি
সাহসৰ বুকুত উদীপ্ত বন্তি
সুখৰ মৌচাকেৰে আৱৰা
সেউজীয়া এটি বাখৰুৱা সপোন ,
উত্তৰণৰ বাট দেখুৱাই নিয়া
শ্ৰমৰ আকাশৰ এসাগৰ জোনাক ।
°°°°° °°°°° °°°°° °°°°°

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close