Uncategorized

সোণাৰিত ৰাম গগৈৰ স্মৃতি দিৱসৰ অনুষ্ঠান সম্পন্ন

সোণাৰিত ৰাম গগৈৰ স্মৃতি দিৱসৰ অনুষ্ঠান সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ সেৱা, সোণাৰি,৯ চেপ্তেম্বৰ: সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি তথা পৃথিৱীৰ কংবি ৰাম গগৈৰ স্মৃতি দিৱসৰ কাৰ্যসূচী ৯ চেপ্তেম্বৰত সোণাৰিতো অনুষ্ঠিত হয়। সোণাৰি কবি চক্ৰৰ উদ্যোগত গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা ভবনত অনুষ্ঠিত স্মৃতি দিৱসৰ কাৰ্যসূচীৰ লগতে বিশিষ্ট কবি তপন বৰুৱাৰ সঞ্চালনাত “প্ৰাণৰ পথাৰত কবিতাৰ বৰষুণ” শীৰ্ষক কবিতা পাঠৰ এটা মনোজ্ঞ অনুষ্ঠান সম্পন্ন হয়। সোণাৰি কবি চক্ৰৰ সভানেত্ৰী ইন্দিৰা ফুকন কাকতিয়ে কবি সন্মিলনৰ পতাকা উত্তোলন আৰু চৰাইদেউ জিলা কবি সন্মিলনৰ সভাপতি সিদ্ধাৰ্থ দত্তই ৰাম গগৈৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰাৰ পাছতে অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনে। সোণাৰি কবি চক্ৰৰ সম্পাদিকা পদ্মজা ফুকন শইকীয়াই আঁতধৰা অনুষ্ঠানটোতে চৰাইদেউ জিলাৰ উপায়ুক্ত, প্ৰচেষ্টাৰ “চৰাইদেউ প্ৰহৰী বঁটা” প্ৰাপক বিবেকানন্দ ফুকন আৰু পৃথিৱীৰ কবি ৰাম গগৈৰ সুযোগ্য সন্তান নৱজ্যোতি গগৈক সোণাৰি কবি চক্ৰৰ তৰফৰপৰা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত সোণাৰি মহাবিদ্যালয়ৰ অধ্যাপিকা ড° ৰীতা দত্তই নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি কবি ৰাম গগৈৰ কবিতাৰ বিশ্লেষণ তথা গভীৰ জীৱনবোধৰ ওপৰত বক্তব্য প্ৰকাশ কৰে। ৰাম গগৈৰ কবিতাৰ গৱেষিকা গীতিমণি হাতীমূৰীয়া,,সোণাৰি কাব্য কাননৰ ছাত্ৰীসকলৰদ্বাৰা কবিতা আবৃত্তি কৰা অনুষ্ঠানটোত মণিষা শৰ্মাই গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তুলে।শিক্ষক তুলসী চাংমাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত উদীয়মান কবি মিণ্টু দাস, প্ৰীতিমা চাংমাই, তৰু ডি বড়া, মধুছন্দা শইকীয়া, কবিতা গগৈ চাবুকধৰা, ডিম্বেশ্বৰ কোঁৱৰ, ডা: গিৰিণ বৰা, নবনীতা গগৈ বৈৰাগী, বৰ্ণালী আৰন্ধৰা, জুৰি দেৱী ফুকন, দ্বীপেন বৰুৱাৰ লগতে ষাঠি গৰাকীৰোধিক কবিয়ে কবিতা পাঠ কৰে।

Show More

One Comment

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close