নগাঁৱত ব্যতিক্ৰমী ডায়গনেটিক চেন্টাৰ মুকলি , ঘৰে ঘৰে স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন প্ৰেৰণৰ সুবিধা

35

নগাঁৱত ব্যতিক্ৰমী ডায়গনেটিক চেন্টাৰ মুকলি , ঘৰে ঘৰে স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন প্ৰেৰণৰ সুবিধা
দুৰ্নীতিৰ দৰ্পণ সেৱা , ৱাহিদুদ জামান , নগাঁও , ১৭ মাৰ্চ : নগাঁও চহৰৰ খীষ্টানপট্টিৰ ড: হিউজ ৰোডত আজি প্ৰাইম কেয়াৰ ডায়গনেটিক নামৰ এক উন্নতমানৰ চেন্টাৰ মুকলি কৰা হয় । চেন্টাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰি নগাঁৱৰ বিশিষ্ট সাহিত্যিক শিবানন্দ কাকতিয়ে কয় , এনে স্বাস্থ্য পৰীক্ষাৰ কেন্দ্ৰ মুকলিয়ে নগঞাৰ কাৰণে আন এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে । কাৰণ কেইজনমান উদ্যমী যুৱকৰ প্ৰচেষ্টাত সেৱাৰ মনোভাৱেৰে কাম কৰাৰ প্ৰয়াস কৰিছে । চেন্টাৰটোৱে দৰিদ্ৰ আৰু বিশেষ ভাবে সক্ষম লোকৰ কাৰণে কেতবোৰ বিশেষ সুবিধা প্ৰদান কৰাটো এক শুভ।লক্ষণ বুলি তেওঁ মন্তব্য কৰে । উক্ত অনুষ্ঠানত নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা,সাংবাদিক নাজিম আহমেদ,ওৱাহিদুজ জামান, ডাঃ প্ৰিয়াংকু কাকতি, প্ৰহল্লাদ কাকতি, অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া আব্দুল মতিন প্ৰমুখ্যে ভালে কেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে । উল্লেখ্য যে , ডায়গনেটিক চেন্টাৰটোৰ স্বত্বাধিকাৰী ডাঃ প্ৰিয়াংকু কাকতিয়ে সংবাদ মাধ্যমৰ আগত কয় যে , এই চেন্টাৰটোৱে বিশেষ ভাবে সক্ষম আৰু জ্যেষ্ঠ লোকসকলক ঘৰে ঘৰে তেজৰ লগতে শৰীৰৰ বিভিন্ন নমুনা সংগ্ৰহ কৰি তাৰ পৰীক্ষাৰ প্ৰতিবেদন অতিৰিক্ত খৰচবহন নকৰাকৈ ঘৰতেই উপলব্ধ কৰোৱাৰ সুবিধা প্ৰদান কৰা হ’ব । তদুপৰি জিলাখনৰ যাতায়তৰ অসুবিধা থকা ভিতৰুৱা অঞ্চলৰ লগতে চৰ চাপৰি অঞ্চল সমূহতো তেওঁলোকৰ সৰু-সৰু কেন্দ্ৰ মুকলি কৰি ৰাইজক সেৱা আগবঢ়াব বুলি জানিবলৈ দিয়ে ।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here