বৰপেটাৰ চেঙাত কুষ্ঠৰোগ সম্পৰ্কে সজাগতা সভা
ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ১০ ফেব্ৰুৱাৰী : কুষ্ঠৰোগ কোনো অভিশাপ নহয়,এই কথাটো সৰোগত কৰি কুষ্ঠৰোগ নিৰ্মূলৰ উদ্দেশ্যে ৮ ফেব্ৰুৱাৰীত বৰপেটা জিলাৰ চেঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু পদ্মপাৰা হাই স্কুলৰ শিক্ষক বৃন্দৰ সহযোগত পদ্মপাৰা হাই স্কুলত এটি সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ উক্ত কাৰ্য্যসূচীত চেঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা৹ নুৰুল ইছলাম , চেঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড আঁচনি প্ৰৱন্ধক চৌকত আলী,পিৰামল স্বাস্থ্যৰ খণ্ড ৰূপান্তৰণ বিষয়া বীৰেণ দাস আৰু বৰপেটা জিলা স্বাস্থ্য বিভাগৰ বিষয়-ববীয়া সকল উপস্থিত থাকি কুষ্ঠ ৰোগ সম্পৰ্কে ৰাইজক সজাক কৰাৰ উদ্দেশ্যে কুষ্ঠ ৰোগ কি, ইয়াৰ লক্ষণ সমূহ আৰু চিকিৎসা আদি বিষয়ে বিশদ ভাবে ব্যাখ্যা আগবঢ়াই সজাগতা মূলক ভাষণ দিয়াৰ লগতে ৰাইজৰ মাজত প্ৰচাৰ পত্ৰিকাও বিতৰণ কৰে ৷ উক্ত কাৰ্য্যসূচীত চেঙা অঞ্চলৰ ৰাইজৰ লগতে প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷
বৰপেটাৰ চেঙাত কুষ্ঠৰোগ সম্পৰ্কে সজাগতা সভা
Total Page Visits: 10 - Today Page Visits: 1