Uncategorized

সৰ্বভাৰতীয় দল নেচনেল পিপলছ পাৰ্টি (NPP)ৰ ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা লাভ

সৰ্বভাৰতীয় দল নেচনেল পিপলছ পাৰ্টি (NPP)ৰ ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা লাভ

দুৰ্নীতিৰ দৰ্পণ নিউজ ব্যুৰ’, অমৃত কুমাৰ শৰ্মা, ০৮ জুন– উত্তৰ-পূবৰ প্ৰথমটো সৰ্বভাৰতীয় দল কনৰাড চাংমা নেতৃত্বাধীন নেচনেল পিপলছ পাৰ্টী চমুকৈ NPPৰ ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা লাভ। নিৰ্বাচন আয়োগে অৱশেষত আঞ্চলিক দলটোক প্ৰদান কৰিলে এই স্বীকৃতি। উল্লেখ যে মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা NPPৰ অধ্যক্ষ কনৰাড চাংমাই দলৰ এই স্বীকৃতি উচৰ্গা কৰিলে পিতৃ তথা এনপিপিৰ প্ৰতিষ্ঠাপক নেতা প্ৰয়াত পি এ চাংমাৰ নামত। বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোডীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ NDAৰ অংশদাৰী এন পি পি দলটো ২০১৩ চনৰ জানুৱাৰী মাহত লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পূৰ্ণ আগিতোক চাংমাৰ নেতৃত্বত গঠন হৈছিল। গাৰো সম্প্ৰদায়ৰ বৰ্ষীয়ান নেতা তথা উত্তৰ-পূবৰ অন্যতম প্ৰভাৱশালী সাংসদ গৰাকীয়ে নেশ্যনেল কংগ্ৰেছ পাৰ্টীৰ পৰা ওলাই আহিয়েই এন পি পি দলৰ জন্ম দিছিল।এন পি পি দলৰ জন্মৰ পিছতে দলটোৱে প্ৰথম সফলতা লাভ কৰে ৰাজস্থানত। ২০১৩ চনৰ ডিচেম্বৰত অনুষ্ঠিত হোৱা ৰাজস্থান বিধানসভা নিৰ্বাচনত দলটোৱে কিৰোদি লাল মীনাৰ নেতৃত্বত অৱতীৰ্ণ হৈ মুঠ চাৰিখন আসন লাভ কৰিছিল। শেহতীয়া অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৫টা সমষ্টি দখল কৰা উপৰি মেঘালয়ত এন পি পি সৰ্ববৃহৎ দল হিচাপে পৰিচিত। ৬০জনীয়া সদস্যৰে গঠিত মেঘালয় বিধানসভাৰ ২১ জন সদস্য এন পি পিৰ। বৰ্তমান দলটোৰ মুৰব্বী হৈছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা। ইয়াৰ উপৰি চাৰিজন বিধায়কেৰে মণিপুৰতো দলটো বেচ শক্তিশালী। মণিপুৰৰ উপ মুখ্যমন্ত্ৰীৰ দায়িত্বতো আছে এন পি পিৰে ৱাই জয়কুমাৰ সিং। আনহাতে নাগালেণ্ডতো দলটো ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত দল। ভাৰতীয় নিৰ্বাচন আয়োগৰ নিয়মাৱলী অনুসৰি এটা দলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিৰ বাবে অতি কমেও চাৰিখন ৰাজ্যত ৰাজ্যিক দল হিচাপে স্বীকৃতি পাব লাগিব। এই পৰ্যন্ত ভাৰতত ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত দল আছে ৭টা। ইয়াৰে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি লাভ কৰিছিল।ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি লাভ কৰাৰ লগে লগে দলটোৰ নিৰ্বাচনী প্ৰতীক চিহ্ন ভাৰতৰ কোনো ঠাইতে কোনো দলে গ্ৰহণ কৰিব নোৱাৰে। এন পি পি দলৰ প্ৰতীক চিহ্ন হৈছে কিতাপ। কোনোবা দলে যদিহে নতুনকৈ ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি পাই তেন্তে সেই দলৰ কাৰ্যালয় দিল্লীত স্থাপন বা নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বিল্ডিং অথবা ভূমি আৱন্টন দিয়া হয় ৷৷

Show More

3 Comments

  1. I needed to compose you a bit of note to give thanks the moment again for these lovely tactics you’ve contributed in this case. It has been certainly wonderfully open-handed with you to supply freely what exactly most people might have advertised for an e-book to help with making some bucks for themselves, particularly given that you could possibly have done it in the event you desired. The pointers additionally served as the easy way to be certain that some people have a similar passion just like my very own to learn much more pertaining to this issue. I am certain there are many more fun instances in the future for people who browse through your blog post.

  2. I want to express some thanks to the writer for rescuing me from this particular trouble. Just after looking through the search engines and seeing tricks which are not pleasant, I thought my entire life was well over. Being alive without the approaches to the difficulties you have solved all through your entire post is a serious case, as well as the ones which might have badly damaged my career if I hadn’t encountered your website. Your primary understanding and kindness in handling all the things was vital. I’m not sure what I would have done if I hadn’t come upon such a thing like this. I am able to at this point relish my future. Thank you very much for this professional and effective help. I will not think twice to suggest your web sites to anyone who will need recommendations about this subject.

  3. I am just commenting to make you know what a fantastic discovery my cousin’s girl experienced studying your webblog. She came to understand lots of issues, which included how it is like to have an excellent coaching mood to make most people very easily gain knowledge of specified complicated things. You truly did more than visitors’ desires. I appreciate you for supplying the priceless, trustworthy, informative and in addition fun tips on your topic to Lizeth.

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close