Uncategorizedঅসম

হাটশিঙিমাৰীৰ বেপাৰী পাৰা ফেৰীঘাটত ভুটভুটী দূৰ্ঘটনা ,দুটা গৰুৰ মৃৰ্ত্যু

হাটশিঙিমাৰীৰ বেপাৰী পাৰা ফেৰীঘাটত ভুটভুটী দূৰ্ঘটনা ,দুটা গৰুৰ মৃৰ্ত্যু

দুৰ্নীতিৰ দৰ্পণ সেৱা, মানকাচৰৰ পৰা ফাৰহাদ আহমেদ,22 ছেপ্টেম্বৰ, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ বেপাৰী পাৰা ফেৰীঘাটত কালি সন্ধিয়া ভুটভুটী দুটাৰ মাজত হোৱা সংঘৰ্ষত যাত্ৰীবাহী ভুটভুটী খন জিঞ্জীৰাম নদীত ডুব যায় । জানিব পৰা মতে , আজি মাগুৰমাৰী সাপ্তাহিক বজাৰৰ পৰা হাটশিঙিমাৰীৰ বেপাৰীপাৰা ফেৰী ঘাট লৈ আহি থকা ভুটভুটী নাওঁ খন অইন ভুটভুটী নাওঁ এখনক খুন্দা মাৰাত দূৰ্ঘটনা সংঘটিত হয় । উক্ত ভুটভুটী নাওঁ খনত থকা দুটা গৰু দূৰ্ঘটনাত মৃৰ্ত্যু হয় । দুখন ভটভটীৰ সংঘৰ্ষৰ ফলত যাত্ৰীবাহী ভটভটীখন নদীত ডুব যায় যদিও ভুটভুটীত থকা যাত্ৰী সকল সৌভাগ্যক্ৰমে ৰক্ষা পৰে । অবশ্যে নদীত ডুব যোৱা ভুটভুটীখন এতিয়া লৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই বুলি জানিব পৰা গৈছে । আৰক্ষী আৰু এছ ডি আৰ এফৰ দল এটাই ঘটনাস্থীত উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰিছে বুলি জানিব পৰা গৈছে ।

Show More

One Comment

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close