ঢকুৱাখনাত আছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট

56

ঢকুৱাখনাত আছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট

ঢকুৱাখনাৰ পৰা মানস প্ৰতীম কাশ্যপৰ প্ৰতিবেদন ; ১৯ ফেব্ৰুৱাৰী : পেট্ৰল-ডিজেল আৰু ৰন্ধন গেছ চিলিণ্ডাৰকে আদি কৰি অত্যৱশ্যকীয় খাদ্য সামগ্রীৰ আকাশলংঘী মূল্য বৃদ্ধি ৰোধ কৰাৰ প্ৰতিবাদত আৰু দাম বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আজি সদৌ অসম ছাত্র সন্থাৰ আহবান মৰ্মে ‘মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ আৰু যোগান বিভাগৰ বিৰুদ্ধে ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য মানস প্ৰতিম কাশ্যপ ; ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ গগৈ; ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা অশোক বৰুৱা; আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃগাংক দত্ত; সাধাৰণ সম্পাদক বেদান্ত সন্দিকৈ; প্ৰমুক্ষে অৰ্থ শতাধিক ছাত্ৰ কৰ্মীয়ে অংশ গ্ৰহণ কৰে। প্ৰতিবাদী ছাত্ৰ সন্থাৰ সদস্য সকলে “সৰ্বানন্দ সোনোৱালৰ কাম নাই, হিমন্ত বিশ্ব হুছিয়াৰ, যোগান মন্ত্রীৰ কাম নাই, বিজেপি চৰকাৰ গ’ বেক আদি চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

Total Page Visits: 15 - Today Page Visits: 1