Uncategorizedঅসম

ৰাজগড়ত পৰিমল শুক্লবৈদ্যআৰু সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ:আটছা,আছা,ছাত্ৰ সন্হা আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ:

ৰাজগড়ত পৰিমল শুক্লবৈদ্যআৰু সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ:আটছা,আছা,ছাত্ৰ সন্হা আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ:

দুৰ্নীতিৰ দৰ্পন সেৱা, ৰাজগড় :২৪ ফেব্ৰুৱাৰী: গোলাঘাট আৰু যোৰহাট জিলাৰ প্ৰায় ১৫৭জন লোকৰ প্ৰাণ কাঢ়ি নিয়া বিষাক্ত সুৰাক লৈ সমগ্ৰ ৰাজ্যৰ লগতে আজি টিংখাং সমষ্টিৰ প্ৰাণকেন্দ্ৰ ৰাজগড়ত ও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দল সংগঠনে।ৰাজগড় শ্বহীদ বেদীৰ তিনি আলিৰ সন্মুখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু মন্ত্ৰী পল্লৱলোচন দাসৰ প্ৰতিকৃতি দাহ কৰি সৰ্বানন্দ সোনোৱাল মূৰ্দাবাদ, পৰিমল শুক্লবৈদ্য পদত্যাগ কৰক,পল্লৱলোচন দাস হায়,হায় ,বিজেপি চৰকাৰ মূৰ্দাবাদ ,আবকাৰী বিভাগৰ দালালি বন্ধ কৰক, লালীগুৰ বন্ধ কৰক আদি বিভিন্ন শ্লগানেৰে আকাশ বতাহ কপাই তোলে।আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আটছাৰ ডিব্ৰুগড় জিলাৰ উপ সভাপতি সুভাষ তাতি,আছাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ৰুস্তম কুজুৰ, ডিব্ৰুগড় জিলাৰ সভাপতি মদন বাঘোৱাৰ,আছুৰ ডিব্ৰুগড় জিলাৰ উপ সভাপতি বুলবুল দত্ত ,আঞ্চলিকৰ সভাপতি খঞ্জন বকলীয়াল,আটছাৰ আঞ্চলিকৰ সভাপতি প্ৰণৱ এক্কাকে প্ৰমুখ্যে কৰি বহু নেতা কৰ্মী।আনহাতে কৃষক মুক্তিৰ ভাতৃ সংগঠন চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজগড় আঞ্চলিক সমিতিৰ উদ্যোগত ৰাজগড় দেওবৰীয়া বজাৰৰ মাজ মজিয়াত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃতি দাহ কৰি প্ৰায় ২০ মিনিট সময় পথ বন্ধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন শ্লগানেৰে অসম চৰকাৰ তথা আবকাৰী বিভাগক সকীয়াই তীব্ৰ হুংকাৰ প্ৰদান কৰি যদি লালীগুৰ আৰু চুলাই মদ বন্ধ নকৰে তেন্তে ইয়াতকৈ ও ভয়ংকৰ গণতান্ত্ৰিক আন্দোলনৰ কৰা হব বুলি মত পোষণ কৰে।উক্ত কাৰ্যসূচীত উপস্হিত থাকে কৃষক মুক্তিৰ ডিব্ৰুগড় জিলাৰ যুটীয়া সম্পাদক হেমন্ত কো্ৱৰ, ছাত্ৰ মুক্তিৰ জিলাৰ সভাপতি নবুল ভৰালী ,সম্পাদক মনোজ কোচ,চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ জিলাৰ সহকাৰী সম্পাদক দিপক মাঝি আৰু কৃষক মুক্তিৰ আঞ্চলিকৰ সম্পাদক নিতুল বৰুৱাকে আদি কৰি বহু বিষয়ববীয়া।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close