ডিব্ৰুগড়ৰ মৰাণ সমষ্টিত অসম গণ পৰিষদ আৰু কংগ্ৰেছ দলৰ অস্তিত্ব সংকটত, বহু জেষ্ঠ নেতাকৰ্মীয়ে যোগদান কৰিছে ৰাইজৰ দলত

50

ডিব্ৰুগড়ৰ মৰাণ সমষ্টিত অসম গণ পৰিষদ আৰু কংগ্ৰেছ দলৰ অস্তিত্ব সংকটত, বহু জেষ্ঠ নেতাকৰ্মীয়ে যোগদান কৰিছে ৰাইজৰ দলত
দুৰ্নীতিৰ দৰ্পণ সেৱা , বৰবৰুৱা , ২৭ জানুৱাৰী : ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনলৈ মাজত প্ৰায় দুটা মাহ বাকী আছে । এনে পৰিপ্ৰেক্ষিতত শাসকীয় বিজেপি দলৰ বাদে বাকী বিৰোধী ৰাজনৈতিক দল সমূহৰ সাংগঠনিক দুৰ্বলতাৰ সুৰ্বণ সুযোগ গ্ৰহণ কৰিছে ৰাজ্যত নতুনকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ লগতে অসম জাতীয় পৰিষদ দলে। আজি মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত খোৱাং চাৰিআলি টাই একাডেমী প্ৰেক্ষাগৃত আজি ৰাইজৰ দলৰ এখন যোগদান কাৰ্যসূচী সভা অনুষ্ঠিত হয় । ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতি দিপক শইকীয়াই আঁতধৰা অনুষ্ঠানত উপস্থিত থাকে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক লোহিত গগৈ,তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰচাৰ সম্পাদক মোহন সোনোৱাল সহ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে । উক্ত সভাত অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা কালৰ বহু নেতা কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰে । ইয়াৰে ডিব্ৰুগড় জিলা পৰিষদ সমিতিৰ সাধাৰণ সম্পাদক তথা কুটুহা পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা অসম গণ পৰিষদ দলৰ জ্যেষ্ঠকৰ্মী গৌৰি শংকৰ দাস , কংগ্ৰেছ আৰু অগপ দলৰ লগতে চাহ জনগোষ্ঠীৰ পুৰুষ মহিলাসহ প্ৰায় দুই শতাধিকলোকে ৰাইজৰ দলত যোগদান কৰে।

Total Page Visits: 18 - Today Page Visits: 1