যমুনামুখত আজমল-পুত্ৰ প্ৰাৰ্থী নহয়, ছিৰাজুদ্দিন আজমলৰ বিয়ৈ হ’ব প্ৰাৰ্থী

30

যমুনামুখত আজমল-পুত্ৰ প্ৰাৰ্থী নহয়, ছিৰাজুদ্দিন আজমলৰ বিয়ৈ হ’ব প্ৰাৰ্থী

জমিৰ উদ্দিন তালুকদাৰ, ডবকা ,১৯ ফেব্ৰুৱাৰীঃ বদৰুদ্দিন আজমলৰ ৰাজনৈতিক দূৰ্গ ৰূপে পৰিচিত যমুনামুখত তেওঁলোকৰ দলৰ অৱস্থা খুব সন্তুষজনক নহয় ৷ সমষ্টিটোত বিগত পঞ্চায়ত নিৰ্বাচনত তাচপাতৰ দৰে খহি পৰিছিল আজমলৰ দূৰ্গ ৷ একেদৰে লোকসভা নিৰ্বাচনত আজমলে প্ৰাৰ্থী নিদিয়াত সমষ্টিটোত কংগ্ৰেছে প্ৰায় ডেৰ লক্ষ ভোট লাভ কৰিছিল ৷ এনে অৱস্থাত আজমলে সমষ্টিটোত নিজৰ পৰিয়ালৰ বাহিৰৰ এগৰাকী পৰিচিত চেহেৰা অৱতীৰ্ণ কৰি সমষ্টিটো নিজৰ দখলত ৰখাৰ কুচকাৱাজ আৰম্ভ কৰিছে ৷ এইবাৰ বদৰুদ্দিন আজমলে যমুনামুখ সমষ্টিত নিজে বা নিজৰ পৰিয়ালৰ কোনো সদস্যক প্ৰাৰ্থী থিয় নকৰে ৷ সেয়ে আজমলে সমষ্টি উদ্ধাৰৰ বাবে হোজাইৰ পৰা আমদানি কৰিছে নিজৰ বিয়ৈ ৷ যমুনামুখৰ প্ৰাক্তন বিধায়ক চিৰাজুদ্দিন আজমলৰ বিয়ৈ তথা “হাম” হস্পিটালৰ ন্যাসৰক্ষী শ্বহিদ হুছেইনক আজি হঠাতে এআইইউডিএফত যোগদান কৰোৱাত এনে এক ৰাজনৈতিক গুণাগাঁথা আৰম্ভ হৈছে ৷ এতিয়া বদৰুদ্দিন আজমল বা আজমল পুত্ৰ নহয়, এইবাৰ যমুনামুখৰ ৰাজনীতিত আনুষ্ঠানিক এন্ট্ৰী হৈছে বিয়ৈৰ ৷ আজি এক অনুষ্ঠানৰ জৰিয়তে বিয়ৈ শ্বহিদ হুছেইনক গামোচা পিন্ধাই দললৈ আদৰণি জনায় চিৰাজুদ্দিন আজমলে ৷ একে অনুষ্ঠানত আজমল কোম্পানীৰ প্ৰাক্তন মেনেজাৰ তথা যমুনামুখ সমষ্টিৰ এক পৰিচিত চেহেৰা আনোৱাৰ হুছেইনেও এআইইউডিএফত যোগদান কৰিছে ৷ অৱশ্যে দলৰ ভিতৰুৱা খবৰ মতে শ্বহিদ হুছেইনৰ প্ৰাৰ্থিত্ব কেৱল দলীয় আনুষ্ঠানিক ঘোষণাহে বাকী ৷ কংগ্ৰেছৰ লগত আসন বুজাবুজি সমাপ্ত হলেই যমুনামুখৰ প্ৰাৰ্থী ঘোষণা কৰা হব ৷ আৰু সকলো ঠিকে থাকিলে ছিৰাজ উদ্দিন আজমলৰ বিয়ৈ তথা হাম হস্পিটালৰ ন্যাসৰক্ষী শ্বহিদ হুছেইনেই হব যমুনামুখৰ প্ৰাৰ্থী ৷ এনে এক চৰ্চা চলিছে যমুনামুখৰ ৰাজনীতিত ৷ কাৰণটো হল, হোজাইৰ বাসিন্দা শ্বহিদ হুছেইনক এআইইউডিএফৰ জিলা কাৰ্যালয় হোজাইত যোগদান অনুষ্ঠান নকৰি যমুনামুখৰ ডবকা কাৰ্যালয়ত যোগদান কৰাই আগন্তুক নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰোৱাৰ এক ইংগীত দিলে ৷ এতিয়া প্ৰশ্ন হয়, বিয়ৈক প্ৰক্ষেপ কৰি আজমলে পুনৰ যমুনামুখ সমষ্টি নিজৰ দখলত নিব পাৰিবনে ? সেয়া সাম্প্ৰতিক সময়ৰ সভাতোকৈ চৰ্চিত বিষয় ৷

Total Page Visits: 20 - Today Page Visits: 1