ৰূপহীহাটত কংগ্ৰেছ কৰ্মী বিজেপিত যোগদান

57

ৰূপহীহাটত কংগ্ৰেছ কৰ্মী বিজেপিত যোগদান
দুৰ্নীতিৰ দৰ্পণ সেৱা ,তমিজ উদ্দিন, জুৰীয়া , ১৯ ফেব্ৰুৱাৰী : ৰাজ্যত বিধানসভা নিৰ্বাচন সমাগত । চৌদিশে বলিছে নিৰ্বাচনী গৰম বতাহ । বিভিন্ন ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনি তৎপৰতা । অসম বিধান সভাৰ অতি গুৰুত্বপূৰ্ণ সমষ্টি ৰূপহীহাট সমষ্টি । স্বাধীনতাৰ পিছৰ পৰা অধিক সময় কংগ্ৰেছে দখল কৰি আহিছে সমষ্টিটো । সমষ্টিটো কংগ্ৰেছৰ দখৰ পৰা উদ্ধাৰ কৰিবৰ বাবে শাসকীয় বিজেপিয়ে চলাই আহিছে বিভিন্ন ৰণ কৌশল । সেয়ে বিজেপি দলে নেতা-কৰ্মীয়ে সমষ্টিটোত চলাই আহিছে যোগদান কাৰ্যসূচী । বিগত সময়ত কংগ্ৰেছ কৰ্মী বিজেপিত যোগদান কৰাৰ পিছত পুনৰ সহস্ৰাধিক কংগ্ৰেছ কৰ্মী বিজেপিত যোগদান কৰে । ৰূপহীহাটৰ শিঙীয়া গাঁৱত কলিয়াবৰ জিলা বিজেপিৰ সদস্য তথা গড়াজান মণ্ডল সম্পাদক জিয়াবুৰ ৰহমানৰ নেতৃত্বত আয়োজন কৰে এক যোগদান কাৰ্যসূচী । উক্ত কাৰ্য্যসূচীত প্ৰায় সহস্ৰাধিক কংগ্ৰেছ কৰ্মী বিজেপিৰ নগাঁও জিলা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হবিবুৰ ৰহমান বাবুলৰ উপস্থিত আনুষ্ঠানিক বাবে যোগদান কৰে । উক্ত কাৰ্য্যসূচীত উপস্থিত থাকি অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব অতি ঘনিষ্ঠ বুলি পৰিচিত হবিবুৰ ৰহমান বাবুলে সংবাদ মাধ্যমৰ আগত কয় আগন্ত্তক বিধান সভা নিৰ্বাচনত ৰূপহীহাট পদুম ফুলিব ।

Total Page Visits: 16 - Today Page Visits: 2