Uncategorizedঅসমদৰ্পণ বিশেষ

ৰাজ্যপাল-মুখ্যমন্ত্ৰী-প্ৰশাসন-আৰক্ষীৰ মুৰব্বীলৈ প্ৰেৰণ কৰা পত্ৰ দ্বাৰা মুখাপিন্ধা ভ্ৰষ্টাচাৰী বিষয়া-কৰ্মচাৰীৰ স্বৰূপ উদঙালে স্বাধীনতা সংগ্ৰামীৰ নিৰ্ভীক নাতি ল’ৰা মহম্মদ আব্দুল নাছেৰ

ৰাজ্যপাল-মুখ্যমন্ত্ৰী-প্ৰশাসন-আৰক্ষীৰ মুৰব্বীলৈ প্ৰেৰণ কৰা পত্ৰ দ্বাৰা মুখাপিন্ধা ভ্ৰষ্টাচাৰী বিষয়া-কৰ্মচাৰীৰ স্বৰূপ উদঙালে স্বাধীনতা সংগ্ৰামীৰ নিৰ্ভীক নাতি ল’ৰা মহম্মদ আব্দুল নাছেৰ আলফাৰুকীয়ে
দুৰ্নীতিৰ দৰ্পণ , নিউজ ডেক্স , ধুবুৰী , ১৪ ছেপ্তেম্বৰঃ যি সময়ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতিৰ ক্ষেত্ৰত শুন্য সহনশীলতা অৱলম্বন কৰিব বুলি ম’ত প্ৰকাশ কৰিছে , ঠিক তেনেকুৱা সময়ত স্বচ্ছতাৰ নামত ধুবুৰী জিলা প্ৰশাসনে ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ আশ্ৰয় লৈ ওপৰত স্বচ্ছতা আৰু ভিতৰত অস্বচ্চতাৰ পৰিবেশ গঢ়ি তুলিছে বুলি ধুবুৰী চহৰৰ ৭ নং ৱাৰ্ডৰ স্বীকৃতিপ্ৰাপ্ত স্বাধীনতা সংগ্ৰামী প্ৰয়াত আব্দুৰ ৰচিদ আলফাৰুকৰ নিৰ্ভীক নাতি ল’ৰা তথা অতি সন্মানীয় “দেশপ্ৰেম এক্সিলেন্স এৱাৰ্ড” প্ৰাপ্ত ধুবুৰী জিলাৰ বিশিষ্ট সমাজকৰ্মীৰ লগতে সচেতন জেষ্ঠ নাগৰিক মহম্মদ আব্দুল নাছেৰ আলফাৰুকে প্ৰয়োজনীয় তথ্যসহকাৰে প্ৰেৰণ কৰা অসমৰ ৰাজ্যপাল-মুখ্যমন্ত্ৰী-প্ৰশাসন-আৰক্ষীৰ মুৰব্বীলৈ পত্ৰ দ্বাৰাই প্ৰমাণ কৰিছে । পত্ৰখনত উল্লেখ কৰা মতে , অসমৰ ৰাজ্যপাল জগুদীশ মুখীয়ে যোৱা ১৯/০৭/২০১৮ ইং তাৰিখত ধুবুৰীৰ সচেতন নাগৰিকৰ লগত জিলা উপায়ুক্ত কাৰ্যালয়ত হোৱা আলোচনা সভাত ধুবুৰী জিলা প্ৰশাসন আৰু ধুবুৰী পৌৰ প্ৰশাসনৰ কাম কাজত চুড়ান্ত ক্ষোভৰ লগতে অসন্তষ্টি প্ৰকাশ কৰি কৈছিল যে,“ মই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰিছোঁ , কিন্ত্ত ধুবুৰী চহৰৰ নিচিনা লেতেৰা চহৰ আজিলৈকে কেতিয়াও দেখা নাই ।” যাৰবাবে পুনৰ এমাহ পিছত ধুবুৰীলৈ অহাৰ কথা ঘোষণা কৰিছিল , সেই মৰ্মে যোৱা ০৫/০৯/২০১৮ ইং তাৰিখত তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচী জিলা প্ৰশাসনে লাভ কৰি ধুবুৰী চহৰৰ ৰাস্তাৰ ফুটপাত বিলাকৰ ওপৰত বেআইনীভাৱে নিৰ্মাণ কৰা দোকান-পোহাৰ বিলাক ভাঙি ৰাস্তা বহল কৰা , ৰাস্তাৰ মাজত জমা হৈ থকা গেলা-পঁচা জাৱৰ-জোথৰ বিলাক পৰিস্কাৰ কৰা , ভঙা জৰাজীৰ্ণ ৰাস্তা বিলাকৰ গাঁত বিলাক বালি-পাথৰৰে ঢাকি দিয়া আৰু ধুবুৰী চহৰৰ ৰাস্তাৰ মাজত জমা হৈ থকা গেলা-পঁচা জাৱৰ-জোথৰ খোৱাৰ উদ্দেশ্যে দিনে নিশাই বিচৰণ কৰি ফুৰা গাঁহৰি বিলাকক ধৰি চালান দিয়াৰ ব্যৱস্থা কৰা আদি জালিয়াতি কাৰ্য বিলাক সচেতন নাগৰিকৰ দৃষ্টি গোচৰ হয় বুলি অভিযোগ তুলি পত্ৰখনত উল্লেখ কৰিছে । আনপিনে , পত্ৰখনত উল্লেখ কৰা মতে , ইয়াৰ পূৰ্বেও অসমৰ ৰাজ্যপাল , মুখ্যমন্ত্ৰী অথবা কেন্দ্ৰীয় মন্ত্ৰী ধুবুৰী চহৰত উপস্থিত হোৱাৰ খবৰ আগতীয়াকৈ জনাৰ পিছত তেঁওলোকৰ চকুত ধূলি চটিওৱাৰ লগতে ধুবুৰীৰ গৰিষ্ঠ সংখ্যক সৰল চেতীয়া আৰু অসচেতন নাগৰিকক বুৰ্ব্বক সজাই ঠগোৱাৰ উদ্দেশ্যে ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত এনেধৰণৰ জালিয়াতি কাৰ্য গ্ৰহণ কৰা সচেতন নাগৰিকৰ দৃষ্টি গোচৰ হৈছিল বুলি উল্লেখ কৰিছে ফাৰুকীয়ে । পত্ৰখনত ফাৰুকীয়ে উল্লেখ কৰা মতে , অসমৰ ৰাজ্যপাল , মুখ্যমন্ত্ৰী অথবা কেন্দ্ৰীয় মন্ত্ৰী উভতি যোৱাৰ পিছত ধুবুৰী জিলা প্ৰশাসন , ধুবুৰী আৰক্ষী প্ৰশাসন আৰু ধুবুৰী পৌৰ প্ৰশাসনৰ এচাম গাঁহৰিৰ দৰে মল-মূত খোৱা স্বভাৱৰ ঘোচখোৰ ভ্ৰষ্টাচাৰী তথা ৰাষ্ট্ৰ বিৰোধী চৰকাৰী বিষয়া , কৰ্মচাৰী , লাট মণ্ডল , পৌৰসভাৰ অভিযন্তা আৰু ৱাৰ্ড কমিচনাৰ বিলাকৰ লগত গোপন বুজাবুজি কৰি ৰাস্তাৰ ফুটপাত বিলাকৰ ওপৰত দোকান-পোহাৰ বিলাক বেআইনীভাৱে পুনৰ নিৰ্মাণ কৰাৰ ফলত ঐতিহাসিক তথা ঐতিৰ্য্যপূৰ্ণ চহৰখন পুনৰ গাঁহৰি বিচৰণৰ কেন্দ্ৰ স্থলহৈ নৰক কুণ্ডত পৰিণত কৰে । আটাইতকৈ স্পৰ্শকাতৰ আৰু ঘৃণনীয় বিষয়টো হ’ল ভ্ৰষ্টাচাৰী বিলাকৰ পৈচাশিক কীৰ্তিকলাপৰ ফলত এফালে গৰ্ভৱৰ্তী মহিলা বিলাক ধুবুৰী অসামৰিক চিকিৎসালয়ত উপস্থিত হোৱাৰ আগতে ভঙা জৰাজীৰ্ণ ৰাস্তা বিলাকত গাড়ী অথবা অটো ৰিক্সা বিলাক উঠা নমা কৰাৰ ফলত ৰাস্তাৰ মাজত গৰ্ভৱতী মহিলা বিলাক সন্তান জন্ম দিবলৈ বাধ্য হয় আৰু আনফালে এচাম গাঁহৰিৰ দৰে মল-মূত খোৱা স্বভাৱৰ ঘোচখোৰ ভ্ৰষ্টাচাৰী তথা ৰাষ্ট্ৰ বিৰোধী চৰকাৰী বিষয়া , কৰ্মচাৰী , লাট মণ্ডল , পৌৰসভাৰ অভিযন্তা আৰু ৱাৰ্ড কমিচনাৰ ( বিশেষকৈ ৭ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচাৰ কলিমুদ্দিন সেখ ওৰফে মিন্টু ) বিলাকে ৰাজনৈতিক ছত্ৰ ছায়াত চৰকাৰী কাম কাজৰ বিভিন্ন আঁচনিসমূহৰ উন্নয়ণৰ কোটি কোটি টকা আত্মসাৎ কৰি পাহাৰ পৰিমাণৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি গৰাকী হৈছে বুলি পত্ৰ খনত উল্লেখ কৰা হৈছে । পত্ৰ খনত পুনৰ উল্লেখ কৰা মতে , আটাইতকৈ তাৎপৰ্যপূৰ্ণ আৰু ভয়ংকৰ ঘটনা হ’ল , যোৱা ৫/০৯/২০১৮ ইং তাৰিখত অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ দৃষ্টি গোচৰ নকৰাবলৈ আৰু ধুবুৰী গৰিষ্ঠ সংখ্যক সৰলচেতীয়া আৰু অসচেতন নাগৰিকক বুৰ্ব্বক সজাই ঠগিবৰ উদ্দেশ্যে ধুবুৰী জিলা প্ৰসাসন , ধুবুৰী আৰক্ষী প্ৰশাসন আৰু ধুবুৰী পৌৰ প্ৰশাসনৰ উদ্যোগত ধুবুৰী চহৰৰ মাজ মজিয়াত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় আৰু কণ কণ ল’ৰা ছোৱালীৰ ৯২২ নং নিম্ন বুনিয়াদী বিদ্যালয়ৰ সন্মূখত বহু বছৰৰ পৰা দম বান্ধি থকা গেলা-পঁচা জাৱৰ জোথৰ বিলাক খোৱাৰ উদ্দেশ্যে দিনে নিশাই বিচৰণ কৰি ফুৰা গাঁহৰিৰ কেন্দ্ৰস্থলটো যোৱা ১/০৯/২০১৮ আৰু ২/০৯/২০১৮ ইং তাৰিখত জালিয়াতি প্ৰক্ৰিয়াৰে টিনপাতৰ বেৰাৰে সাময়িক ভাৱে ঢাকি ৰাখিছে বুলি উল্লেখ কৰিছে । আনহাতে , ধুবুৰী জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ এচাম ঘোচখোৰ ভ্ৰষ্টাচাৰী তথা ৰাষ্ট্ৰবিৰোধী চৰকাৰী বিষয়া কৰ্মচাৰীৰ ( বিশেষকৈ ফাইল নং ডিবিচি-২/২০০৯/ কেটেল পৰিচালনা কৰা ধুবুৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ জেষ্ঠ সহায়ক ইনামুল আলী ওৰফে নিতুৰ ) পৃষ্ঠপোষকতাত ধুবুৰী চহৰৰ ১২ নং ৱাৰ্ডৰ সুভাষ নগৰৰ বাসিন্দা ছোলেমান খান ওৰফে খোঁকন খানৰ নিচিনা গৰুৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীসকলে যোৱা ২০০৩ চনৰ পৰা বেআইনীভাৱে ধুবুৰীৰ পৰা বাংলাদেশলৈ পচিশ হেজাৰ কোটি টকাৰ ওপৰত গৰু মহ চালান কৰি কোটিপতি হোৱাৰ ফলত গৰুৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ী সকলৰ লগতে নৌশাদ আলী চোধুৰীৰ নিচিনা তথাকথিত জনপ্ৰতিনিধি বিলাক বৰ্তমান ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দিনে নিশাই বাহৰ পাতি থাকি ভূমাফিয়াৰ ৰূপত অৱতীৰ্ণ হৈ প্ৰায় প্ৰতিদিনে ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বাহু বল আৰু ধনবলৰ প্ৰভাৱ বিস্তাৰ কৰি মাটি বেচা-কিনা কৰি থকাৰ ফলত চাৰিপুৰুষীয়া সৰল চেতীয়া খিলঞ্জীয়া নাগৰিকৰ মাটি দিনক দিনে নাইকীয়া হৈ গৈ আছে বুলি ফাৰুকীয়ে পত্ৰখনত উল্লেখ কৰিছে । উল্লেখ্য যে , ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলানা বদৰ উদ্দিন আজমলে তেঁওৰ আজমল ইণ্ডিষ্ট্ৰয়াল ট্ৰেনিং ইনচটিউট নামৰ প্ৰতিষ্ঠানটো নিৰ্মাণ কৰাৰ উদ্দেশ্যে ধুবুৰী ৰাজহ চক্ৰৰ অন্তৰ্গত আলমগঞ্জ নৱম খণ্ডৰ দাগ নং ৩৭ আৰু ৩৮ ৰ আৰলজিকেল ঈদগাহৰ ২৮ বিঘা মাটি নিজৰ ৰাজনৈতিক ক্ষমতাৰ বেআইনী প্ৰভাৱ খটুৱাই বেদখল কৰে যদিও পিছত দেশী যুৱ পৰিষদ , অসম নামৰ সংগঠনটোৰ সভাপতি জাহাংগীৰ হোছেইন আহমেদৰ ১৯/০৭/২০১৮ ইং তাৰিখৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশত জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে ২০/০৭/২০১৮ ইং তাৰিখত মৌলানা বদৰ উদ্দিন আজমলৰ বেদখলকাৰ্য উচ্ছেদ কৰিবলৈ বাধ্য হয় যদিও আজিলৈকে বেআইনী কীৰ্তিকলাপৰ বিৰুদ্ধে ধুবুৰী জিলা প্ৰশাসনে আৰক্ষী থানাত কোনো ধৰণৰ এজাহাৰ দাখিল কৰা নাই বুলি ধুবুৰী চহৰৰ ৭ নং ৱাৰ্ডৰ স্বীকৃতিপ্ৰাপ্ত স্বাধীনতা সংগ্ৰামী প্ৰয়াত আব্দুৰ ৰচিদ আলফাৰুকৰ নিৰ্ভিক নাতি ল’ৰা তথা অতি সন্মানীয় “দেশপ্ৰেম এক্সিলেন্স এৱাৰ্ড” প্ৰাপ্ত ধুবুৰী জিলাৰ বিশিষ্ট সমাজকৰ্মীৰ লগতে সচেতন জেষ্ঠ নাগৰিক মহম্মদ আব্দুল নাছেৰ আলফাৰুকীয়ে অভিযোগ খনত উল্লেখ কৰিছে।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close