অৰ্থনৈতিক দুৰাৱস্থা : প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ দিয়া হ’ল ভাড়ালৈ

45

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ৫ আগষ্ট : দেশৰ অৰ্থনৈতিক সংকটৰ বাবে পাকিস্তান চৰকাৰে  প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ চৰকাৰী বাসগৃহ ভাড়ালৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰ পূৰ্বে পিটিআই চৰকাৰে প্ৰধানমন্ত্ৰীৰ বাসগৃহটো এখন বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিছিল ।অৱশ্যে সেই পৰিকল্পনা এতিয়া প্ৰত্যাহাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহটো ভাড়ালৈ দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে ৷ সূত্ৰই জনোৱা মতে, ২০১৯ চনৰ আগষ্ট মাহত পাকিস্তান চৰকাৰে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহটো এখন অত্যাধুনিক শিক্ষানুষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰাৰ পাচতে ইমৰাণ খানে ইছলামাবাদত থকা তেওঁৰ চৰকাৰী বাসভৱন খালি কৰি দিছিল ।