আফগানিস্তানৰ দ্বিতীয় বৃহত্তম চহৰ কান্ধাৰো দখল কৰিলে তালিবানে

53

আফগানিস্তানৰ দ্বিতীয় বৃহত্তম চহৰ কান্ধাৰো দখল কৰিলে তালিবানে

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ১৩ আগষ্টঃ আমেৰিকান সেনা আফগানিস্তানৰ পৰা উভতি অহাৰ পাছৰে পৰা দেশখনত বৃদ্ধি পাবলৈ ধৰিছে তালিবানৰ সন্ত্ৰাস । সন্ত্ৰাসবাদী সংগঠনটোৱে ইখনৰ পাছত সিখনকৈ চহৰ নিজৰ দখললৈ অনাৰ প্ৰয়াস অব্যাহত ৰাখিছে । প্ৰাপ্ত খবৰ অনুসৰি , তালিবানে আফগানিস্তানৰ দ্বিতীয় বৃহত্তম চহৰ কান্ধাৰো নিজৰ দখললৈ আনিছে । টুইটৰ জৰিয়তে সংগঠনটোৱে এই দাবী কৰা বুলি সদৰী কৰিছে এটা নিউজ এজেন্সিয়ে । তালিবানৰ নৃশংসতা অব্যাহত থকাৰ সময়তে ভাৰতে আফগানিস্তানত বাস কৰি থকা শিখ আৰু হিন্দু সম্প্ৰদায়ৰ লোক সকলক দেশ এৰিবলৈ নিৰ্দেশ দিছে । ভাৰতৰ উপৰিও আমেৰিকা তথা আন আন দেশসমূহেও নিজৰ নিজৰ নাগৰিক সকলক আফগানিস্তানৰ পৰা ওভতাই অনাৰ প্ৰয়াস অব্যাহত ৰাখিছে । আফগানিস্তানৰ কেইবাখনো চহৰ নিজৰ দখললৈ অনাৰ পিছত তালিবানৰ লক্ষ্য এতিয়া ৰাজধানী কাবুল । কান্ধাৰোৰ পিছত কাবুলেই হ’ল দেশখনৰ সবাটোকৈ ডাঙৰ চহৰ । তালিবানে বৃহস্পতিবাৰে কান্ধাৰো দখল কৰাৰ পূৰ্বে আৰু দুখন প্ৰাদেশিক ৰাজধানী,গজনী আৰু হেৰাট দখল কৰিছিল । ইয়াৰ পিছত কাবুল দখল কৰিবলৈ তালিবানে পূৰ্ণ প্ৰস্তুতি চলাই আছে । সন্ত্ৰাসবাদী সংগঠনটোৱে এতিয়ালৈকে আফগানিস্তানৰ ১২ খন প্ৰাদেশিক ৰাজধানী দখল কৰিছে ।