আফগানিস্তানৰ পৰা ইউক্ৰেইনৰ উদ্ধাৰকাৰী বিমান হাইজেক কৰি লৈ গ’ল ইৰাণলৈ

71
আফগানিস্তানৰ পৰা ইউক্ৰেইনৰ উদ্ধাৰকাৰী বিমান হাইজেক কৰি লৈ গ’ল ইৰাণলৈ
ষ্টাফ ৰিপৰ্টাৰ ,দুৰ্নীতিৰ দৰ্পণ,২৪আগষ্টঃ তালিবানে আফগানিস্থানৰ কাবুল দখল কৰাৰ পাছতে বিভিন্ন দেশে দেশখনত থকা নিজ দেশৰ নাগৰিক সকলক উদ্ধাৰৰ বাবে অভিযান চলাই গৈছে।এই উদ্ধাৰ অভিযানৰ মাজতে এইবাৰ কিছু সংখ্যক অচিনাক্ত অস্ত্ৰধাৰীয়ে এখন ইউক্ৰেইনৰ বিমান হাইজেক কৰি ইৰাণলৈ লৈ যোৱাৰ তথ্য প্ৰকাশ পাইছে।আফগানিস্তানত আৱদ্ধ ইউক্ৰেইনৰ নাগৰিকক উদ্ধাৰৰ বাবে বিগত সপ্তাহত আফগানিস্তানত অৱতৰণ কৰা বিমানখন কিছুসংখ্যক অস্ত্ৰধাৰীয়ে হাইজেক কৰি ইৰাণলৈ লৈ যায়। ইউক্ৰেইনৰ উপ বৈদেশিক মন্ত্ৰীয়ে এইদৰে কয় যে,“দেওবাৰে আমাৰ বিমানখন অন্য মানুহে হাইজেক কৰে। মঙলবাৰে বিমানখনত প্ৰৱেশ কৰা কিছুসংখ্যক অস্ত্ৰধাৰী লোকে বিমানখন সম্পূৰ্ণৰূপে আমাৰ নিয়ন্ত্ৰণৰ পৰা হাইজেক কৰি নিয়ে।”আনহাতে, ইউক্ৰেইনৰ নাগৰিক সকলে সঠিকভাৱে বিমানবন্দৰত প্ৰৱেশ কৰিব নোৱাৰাৰ বাবেই দেশখনৰ শেহতীয়া তিনিটা উদ্ধাৰ অভিযান সফল নহ’ল বুলিও মন্ত্ৰীগৰাকীয়ে  উল্লেখ কৰে।হাইজেক হোৱা বিমানখনত ৩১ গৰাকী য়ুক্ৰেইনৰ নাগৰিককে ধৰি মুঠ ৮৩ গৰাকী বিমান যাত্ৰী আছিল।উল্লেখযোগ্য যে, তালিবানে মাৰ্কিন আৰু নাটো বাহিনীক বিমান বন্দৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ অনুমতি প্ৰদান কৰা নাই তেনে ক্ষেত্ৰত দেশখনত আৱদ্ধ অন্য ৰাষ্ট্ৰৰ নাগৰিক সকলে সুকলমে বিমান বন্দৰ পোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।