চীন দেশত ৰাষ্ট্রপতিৰ ৰাজনৈতিক আদর্শৰ শিক্ষা দিয়া , চীনৰ বিদ্যালয়ত ৰাষ্ট্ৰপতি ঝিক লৈ পাঠ্যক্রম

81

চীন দেশত ৰাষ্ট্রপতিৰ ৰাজনৈতিক আদর্শৰ শিক্ষা দিয়া , চীনৰ বিদ্যালয়ত ৰাষ্ট্ৰপতি ঝিক লৈ পাঠ্যক্রম

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ,২৬ আগষ্টঃ চীনৰ বিদ্যালয়সমূহত ৰাষ্ট্রপতি ঝি জিনপিঙৰ ৰাজনৈতিক মতাদর্শৰ সৈতে ছাত্র–ছাত্রীসকলক পৰিচয় কৰাই দিয়াৰ চিন্তা-চর্চা চলোৱা হৈছে ৷ অর্থাৎ ৰাষ্ট্রীয় পাঠ্যক্রমত ঝি জিনপিঙৰ ৰাজনৈতিক আদর্শক লৈ বিভিন্ন লেখা চীনা শিক্ষার্থীসকলে বিদ্যালয়ত অধ্যায়ন কৰিব লাগিব ৷ দেশখনৰ শিক্ষা মন্ত্রালয়ে নতুন এক নির্দেশনাত উল্লেখ কৰিছে যে , ঝি জিনপিঙৰ চিন্তাক লৈ শিক্ষার্থীসকলে অধ্যায়ন কৰিলে শিশু তথা কিশোৰ সকলৰ মাজত মার্ক্সবাদী বিশ্বাস প্রতিষ্ঠা কৰাত সহায় হ’ব ৷ লক্ষণীয়ভাৱে ঝিৰ এই আদর্শক প্রাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ পর্যায়লৈ পাঠ্যক্রমত সন্নিৱিষ্ট হ’ব ৷ চীনৰ শাসকীয় কমিউনিষ্ট পার্টীৰ ভূমিকা সমাজৰ বিভিন্ন ক্ষেত্রলৈ লৈ যোৱাৰ বাবেই ৰাষ্ট্রপতি ঝি জিনপিঙৰ এয়া শেহতীয়া প্রচেষ্টা ৷ শিক্ষা মন্ত্রালয়ে এক বিবৃতিত উল্লেখ কৰিছে যে , সমাজতন্ত্রত উত্তৰধিকাৰী তথা নির্মাতা বিচাৰি উলিয়াবলৈ এয়া নতুন ব্যৱস্থা হৈ পৰিব ৷ নতুন নির্দেশনা শ্রম শিক্ষাৰ কথাও উল্লেখ কৰা হৈছে ৷ শ্রম শিক্ষাই শিক্ষার্থীসকলৰ মাজত কঠোৰ পৰিশ্রমৰ সাহস যোগাব বুলি উল্লেখ কৰা হৈছে বিবৃতিটোত ৷