জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি: আহত ২

102

জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি: আহত ২

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ১৩ আগষ্ট : দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত বৃহস্পতিবাৰে সুৰক্ষা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত পুনৰ গুলিয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ এই গুলিয়াগুলীত দুজন সেনা জোৱানৰ লগতে দুজন সাধাৰণ লোক গুৰুতৰভাৱে আহত হয় ৷ এই সন্দৰ্ভত কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে কয় যে অনন্তনাগৰ চাহিল য়াকুব ভাট আৰু কুলগামৰ শ্বাহিদ ফাৰুক শ্বেখ গুলিবিদ্ধ হৈছে ৷ লগতে এজন চি আৰ পি এফ জোৱান আৰু এজন সেনা জোৱানে এই সংঘৰ্ষত আহত হৈছে ৷ দুয়োগৰাকী সেনা জোৱান সংকটমুক্ত যদিও চাহিল য়াকুক ভাটৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে ৷ তেওঁ লগতে কয় যে বৃহস্পতিবাৰে কুলগামৰ মীৰ বাজাৰ অঞ্চলৰ মাজেৰে গৈ থকা অৱস্থাতে সীমান্ত সুৰক্ষা বাহিনীৰ বাহনলৈ লক্ষ্য কৰি সন্দেহজনক লস্কৰে-ই-তৈবাৰ সদস্যই গুলিবৰ্ষণ কৰে৷ সেনাই এই গুলিবৰ্ষণৰ প্ৰত্যুত্তৰত ওলটাই গুলিবৰ্ষণ কৰে যাৰ বাবে চাৰিমহলীয়া ঘৰটোতে আবদ্ধ হৈ পৰে সন্ত্ৰাসবাদী সদস্যকেইজন। ইয়াৰ পিছতে দুয়ো পক্ষৰ মাজত কিছু সময় ধৰি গুলিয়াগুলী অব্যাহত থাকে ৷ইয়াৰ পৰিণতিতে দুজনকৈ জোৱানৰ লগতে দুজন সাধাৰণ লোক আহত হ’বলগীয়া হৈছে ৷ উল্লেখ্য যে, জম্ম-কাশ্মীৰৰ বিগত কিছু দিনৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে ।