তালিবানে ব্যৱহাৰ কৰিব আমেৰিকাৰ অস্ত্ৰ

49
তালিবানে ব্যৱহাৰ কৰিব আমেৰিকাৰ অস্ত্ৰ
ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পপ , ১৮ আগষ্টঃ আফগানিস্তানত তালিবানে সুদীৰ্ঘ দুই দশক পাছত পুনৰ ক্ষমতা দখল কৰাৰ পাছতেই ইতিহাসত দেশখনৰ শক্তিশালী বাহিনীৰ চৰম পৰাজয় হিচাপে চিহ্ণিত হৈছে ৷ কেৱল সেয়াই নহয় , আমেৰিকাই আফগানিস্তানক পুনৰ নির্মাণৰ বাবে ১৪,৫০০ কোটি ডলাৰ ধন খৰচ কৰিছে ৷ সেইদৰে সেনা তথা আৰক্ষীৰ আধুনিকীকৰণ আৰু প্রশিক্ষণৰ নামত খৰচ কৰা হৈছে ৮,৩০০ কোটি ডলাৰ ৷ লক্ষণীয়ভাৱে আফগান সেনাক অত্যাধুনিক সমৰাস্ত্র আমেৰিকাই প্রদান কৰিছিল যদিও এই অস্ত্রবোৰৰ বিভিন্ন ঠাইত ব্যৱহাৰেই নহ’ল ৷ আনকি তালিবানে কাবুল দখলৰ সময়ত আফগান সেনাই গুলী ফুটাবলৈও সক্ষম নহ’ল ৷ লগে লগে এই অস্ত্র তথা গোলা–বাৰুদ তালিবানৰ হাতলৈ গৈছে ৷ অর্থাৎ আমেৰিকাৰ ধনেৰে এতিয়া তালিবানে অধিক শক্তি লাভ কৰিবলৈ সক্ষম হ’ব ৷ অকল ৰাজনৈতিক ক্ষমতা দখল কৰাই নহয় , আমেৰিকাই যোগান ধৰা বন্দুক–বাৰুদ , হেলিকপ্টাৰ , টেংক আদি সকলোবোৰ সহযোগেই লাভ কৰিবলৈ সক্ষম হ’ল তালিবান ৷ প্রতিখন প্রদেশতে এতিয়া সেনাই এৰি যোৱা অস্ত্রভাণ্ডাৰৰ গৰাকী হৈ পৰিছে তালিবান ৷ গতিকে , আমেৰিকাৰ ধনৰ পৰা আফগানিস্তানৰ জনতা উপকৃত নহ’লেও তালিবান যে উপকৃত হ’ব , সেয়া নিশ্চিত ৷ ইফালে , বিভিন্ন সময়ত তালিবানেও আমেৰিকাৰ পৰা গোপনে অস্ত্র লাভ কৰিবলৈ সক্ষম হোৱা বিষয়টো পুনৰ চর্চালৈ আহিছে ৷ নিৰাপত্তা বিশেষজ্ঞসকলে তালিবানক আফগানিস্তানত সকলো এৰি দি অধিক সমৃদ্ধ কৰা বুলি আমেৰিকাক কঠোৰ সমালোচনা কৰিছে ৷