দেশৰ মন্ত্ৰী হ’লগৈ পিজ্জা ব্যৱসায়ী: জার্মানীৰ ৰাজপথত পিজ্জা বিক্রী কৰিছে আফগান মন্ত্রী

67

দেশৰ মন্ত্ৰী হ’লগৈ পিজ্জা ব্যৱসায়ী: জার্মানীৰ ৰাজপথত পিজ্জা বিক্রী কৰিছে আফগান মন্ত্রী

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ, ২৬ আগষ্টঃ আফগানিস্তানৰ এগৰাকী প্রাক্তন মন্ত্রীয়ে জার্মানীৰ পথত পিজ্জা বিক্রী কৰিবলগীয়া হৈছে ৷ এই ছবি পোহৰলৈ আনিছে সংবাদ মাধ্যম ‘আল জাজিৰা আৰব’–এ ৷ চৈয়দ আহমেদ শ্বাহ ছাদাত ২০১৮ লৈকে ৰাষ্ট্রপতি আশ্রফ ঘানিৰ চৰকাৰৰ মন্ত্রী আছিল ৷ ৰাষ্ট্রপতিৰ সৈতে মতানৈক্যৰ বাবে মন্ত্রীসভাৰ পৰা পদত্যাগ কৰিছিল ছাদাতে ৷ ইয়াৰ পিছতে প্রাক্তন মন্ত্রীগৰাকীয়ে জার্মানীলৈ যাত্রা কৰে ৷ হাতত থকা ধন সম্পূর্ণৰূপে শেষ হোৱাৰ বাবে জার্মানীৰ ৰাজপথত চাইকেল চলাই পিজ্জা ডেলিভাৰীৰ কাম কৰিবলগীয়া হ’ল প্রাক্তন মন্ত্রীগৰাকীয়ে ৷ যোৱা বছৰ ডিচেম্বৰৰ পৰা জার্মানীৰ লিপজিগ চহৰত এই কাম কৰি আছে ছাদাতে ৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ দুটাকৈ বিষয়ৰ স্নাতকোত্তৰ ডিগ্রীধাৰী ছাদাত আছিল একাধিক বহুজাতিক সংস্থাৰ উচ্চপদস্থ বিষয়া ৷ ২৩ বছৰ টেলিকম ক্ষেত্রত কাম কৰা ছাদাতে ছৌদিসহ বিশ্বৰ ১৩ খন দেশ ভ্রমণ কৰিছিল ৷