পদত্যাগ কৰিয়েই দেশ এৰিলে আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে

36

পদত্যাগ কৰিয়েই দেশ এৰিলে আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ ,১৬ আগষ্টঃ দেওবাৰে আফগানিস্তানত তালিবানী সকলে ৰাজধানী কাবুল দখল কৰাৰ পাছতে দেশ এৰি পলায়ন কৰিছিল ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে । দেওবাৰে পুৱাৰ পৰা তালিবানে চাৰিওফালৰ পৰা ৰাজধানী কাবুলক ঘেৰি ধৰাৰ পাছতে আশ্ৰফ ঘানিয়ে দেশ এৰি তাজাকিস্তানলৈ উৰা মাৰে । কিন্তু এইবাৰ তাজাকিস্তানত আশ্ৰফ ঘানিৰ বিমানক অৱতৰণ কৰিবলৈ অনুমতি নিদিলে । তাজাকিস্তানে আশ্ৰফ ঘানিৰ বিমানক অৱতৰণ কৰিবলৈ অনুমতি নিদিয়াৰ পাছতে আশ্ৰফ ঘানিয়ে ওমানলৈ উৰা মাৰে । বৰ্তমান আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী ওমানতে লুকাই আছে বুলি জানিব পৰা গৈছে । অতি সোনকালে ঘানিয়ে আমেৰিকালৈ উৰা মৰাৰ সম্ভাৱনা আছে বুলি খবৰ পোৱা গৈছে । আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা হামদুল্লাহ মোহিবো আশ্ৰফ ঘানিৰ সৈতে আছে বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে , দেওবাৰে তালিবানে আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰাৰ পাছতে ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰে তালিবানী সকলে । তালিবান সন্ত্ৰাসবাদী সকলে আফগানিস্তানৰ ৰাষ্ট্ৰপতি ভৱনত অস্ত্ৰ-শস্ত্ৰসহ প্ৰৱেশ কৰাৰ দৃশ্য সংবাদ মাধ্যম সমূহতো প্ৰকাশ পাইছে ।