বাংলাদেশ কাণ্ডক লৈ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া , অসমত ‘অসম কাইদা চলিব , অল কাইদাগিৰি নচলিব , সমগ্ৰ বিশ্বই বাংলাদেশক ঘৃণা কৰা উচিত

69

বাংলাদেশ কাণ্ডক লৈ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া , অসমত ‘অসম কাইদা চলিব , অল কাইদাগিৰি নচলিব , সমগ্ৰ বিশ্বই বাংলাদেশক ঘৃণা কৰা উচিত

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ২১ অক্টোবৰঃ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হিন্দু ধৰ্মালম্বী লোকৰ ওপৰত চলা অমানষিক অত্যাচাৰ আৰু নিৰ্যাতনৰ ঘটনাক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই । বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্যাচাৰ তথা নিৰ্যাতনৰ ঘটনাৰ বাবে সমগ্ৰ বিশ্বই বাংলাদেশক ঘৃণা কৰা উচিত বুলি উল্লেখ কৰি চতিয়াৰ বিধায়ক গৰাকীয়ে এখন সভ্য সমাজ তথা দেশত এনে ধৰণৰ ঘটনা কেতিয়াও কাম্য নহয় বুলি উল্লেখ কৰি বাংলাদেশৰ ঘটনাৰ পাছত ভাৰতত বা অসমত সন্ত্ৰাসবাদী সংগঠন ‘আল কাইদাৰ’ যিবোৰ কথা বতৰা ওলাইছে সেই কথা বতৰাৰ তীব্ৰ বিৰোধিতা কৰি অসমত ‘অসম কাইদাহে চলিব , আল কাইদাগিৰি কেতিয়াও চলিবলৈ দিয়া ন’হব বুলি স্পষ্ট কৰি দিয়ে । চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ উত্তৰ ছিলাবন্ধা গাঁও পঞ্চায়তৰ এটা তিনিমহলীয়া আটকধুনিয়া কাৰ্যালয়ৰ লগতে এখন অত্যাধুনিক চেলুন উদ্ধোধন কৰে । ইয়াৰ পিচতে অনুষ্ঠিত এখন ৰাজহুৱা সভাত ভাষণ দি বিধায়ক পদ্ম হাজৰিকাই কয় যে – চতিয়া সমষ্টিত জীয়া ভৰলী নদীৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে অহা এমাহৰ ভিতৰত জীয়া ভৰলী নদীৰ খনন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটিত ৫০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়লৈ উন্নিতকৰণৰ কথা ঘোষণা কৰে বিধায়ক গৰাকীয়ে । লগতে বিধায়কগৰাকীয়ে উত্তৰ জামুগুৰি আৰু পাণপুৰ উচ্চ মাধ্যমিক বিদ্যালয় দুখনক উচ্চতৰ মাধ্যমিক পৰ্য্যায়লৈ উন্নিতকৰণ হোৱাৰ কথা ঘোষণা কৰে ।