বিশ্বৰ প্ৰতিটো দেশেই গোলকীয় উষ্ণতাৰ প্ৰভাৱত প্ৰভাৱিত

54

বিশ্বৰ প্ৰতিটো দেশেই গোলকীয় উষ্ণতাৰ প্ৰভাৱত প্ৰভাৱিত

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ১০ ছেপ্তেম্বৰঃ ৰাষ্ট্ৰসংঘৰ জলবায়ুসংক্রান্ত প্ৰধান পেট্ৰিচিয়া এস্পিনোছাই বিশ্ব চৰকাৰসমূহক জলবায়ু পৰিৱৰ্তনৰ ভাবুকিৰ মোকাবিলা কৰিবলৈ দীঘলীয়া আৰু বিলম্বিত ৰণনীতি ত্যাগ কৰিবলৈ আহ্বান জনাইছে। তেওঁ অলপতে এই আহ্বান সকলো ৰাষ্ট্ৰকে জনায়। তেওঁ চৰকাৰসমূহক গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে যুঁজিবলৈ আৰু পৰিৱৰ্তনশীল পৰিস্থিতিৰ সৈতে খাপ খুৱাবলৈ দ্ৰুত আৰু বৃহৎ পদক্ষেপ ল’বলৈ আহ্বান জনায়। নিউজ এপিৰ প্ৰতিবেদনত প্ৰকাশ। অসহিষ্ণু বতৰ আৰু উষ্ণতাৰ এক নতুন অভিলেখৰ পিছত, এছপিনোছাই সতৰ্ক কৰি দি কয় যে কোনো ৰাষ্ট্ৰই জলবায়ু পৰিৱৰ্তনৰ ভাবুকিৰ পৰা সুৰক্ষিত নহয়। তেওঁ কয় যে এতিয়া এনে কোনো পৰিস্থিতি নাই য’ত আমি ক’ব পাৰোঁ যে এই দেশসমূহ জলবায়ু পৰিৱৰ্তনৰ প্ৰতি অসুৰক্ষিত আৰু এই দেশসমূহ বিপদাশংকাত নাই। ইউৰোপীয় দেশে গ্ৰীচে শেহতীয়াকৈ চলিত দশকৰ আটাইতকৈ বেয়া তাপমাত্ৰা অনুভৱ কৰাৰ পিছত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ নিৰ্ধাৰণ কৰিবলৈ এটা নতুন মন্ত্ৰালয় স্থাপন কৰিছে। এই বছৰ ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন অনুষ্ঠিত হ’বলৈ তিনি মাহৰো কম সময় বাকী আছে। সেই সময়ত, এছপিনোছাই ২০১৫ চনৰ পেৰিছ জলবায়ু সন্মিলনত স্বাক্ষৰ কৰা চৰকাৰসমূহৰ প্ৰতি এই আহ্বান জনায়। তেওঁ কয় যে বৈশ্বিক তাপমাত্রা বৃদ্ধি ৰোধ কৰিবলৈ আৰু উষ্ণ পৃথিবীৰ অনিবার্য প্রভাব সহ্য কৰাৰ বাবে প্রস্তুত হওঁতে উচ্চাকাঙ্ক্ষী, দ্রুত, বিস্তৃত আৰু ৰূপান্তৰকাৰী প্রচেষ্টাৰ প্রয়োজন। নেডাৰলেণ্ডৰ পোৰ্ট চিটি ৰটাৰডামত গ্লোবেল চেণ্টাৰ অন এডাপ্টেচনৰ বাবে নতুন ভ্ৰাম্যমান অফিচ উদ্বোধন কৰি তেওঁ এই মন্তব্য কৰি কয় যে আমি বিভিন্ন দেশক জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত দীঘলীয়া আৰু বিলম্বিত ৰাজনীতিৰ বাহিৰত পদক্ষেপ গ্ৰহন কৰা হব আৰু নিজৰ স্বাৰ্থসংক্রান্ত ক্ষুদ্র পৰিসৰক সম্প্ৰসাৰিত কৰা হব । ডাচ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটে কয় যে পৰিৱৰ্তনশীল জলবায়ুৰ সৈতে খাপ খুৱাবলৈ আমাৰ প্ৰচেষ্টাৰ এক উৎকৃষ্ট উদাহৰণ হৈছে কাৰ্যালয়টো। ভৱনটো অফ-গ্ৰিড, কাৰ্বন নিৰপেক্ষ, আত্মনিৰ্ভৰশীল আৰু ভৱিষ্যতে বৰ্ধিত সাগৰপৃষ্ঠৰ সৈতে খাপ খাবলৈ সক্ষম। কিন্তু এনে ধৰণৰ প্ৰযুক্তি দৰিদ্ৰ দেশসমূহৰ লাখ লাখ মানুহৰ সপোনৰ বাহিৰত। দৰিদ্ৰ দেশসমূহৰ নেতাসকলে আশা কৰে যে ধনী দেশসমূহে জলবায়ু পৰিৱৰ্তনৰ ফলত তেওঁলোকে সন্মুখীন হোৱা বাধাবোৰ অতিক্ৰম কৰাত সহায় কৰিব। আফ্ৰিকাৰ কঙ্গোৰ ৰাষ্ট্ৰপতি ফেলিক্স তিশেকেদীয়ে জনায়, তেওঁ আশা কৰে যে ধনী দেশসমূহে নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনত জলবায়ু পৰিৱৰ্তনৰ ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোকৰ বাৰ্ষিক ১০ হাজাৰ কোটি ডলাৰৰ প্ৰতিশ্ৰুতি দুগুণ কৰিব। বৰ্তমান, ধনী দেশবোৰে আগতে দিয়া প্ৰতিশ্ৰুতি অনুসৰি জলবায়ুৰ ভাবুকিৰ মোকাবিলা কৰিবলৈ উন্নয়নশীল দেশবোৰক বছৰি এই পৰিমাণৰ অনুদান প্ৰদান কৰি আহিছে।