বিশ্ব ভাৰতীৰ উপাচাৰ্যৰ আবেদন নাকচ কলকাতা উচ্চ ন্যায়ালয়ৰ

101

বিশ্ব ভাৰতীৰ উপাচাৰ্যৰ আবেদন নাকচ কলকাতা উচ্চ ন্যায়ালয়ৰ

ষ্টাফ ৰিপৰ্টাৰ ,দুৰ্নীতিৰ দৰ্পণ , ১০ আগষ্টঃ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুৎ চক্ৰবৰ্তীয়ে কৰা আবেদন নাকচ কৰিলে কলকাতা উচ্চ ন্যায়ালয়ে । লগতে ন্যায়াধীশ অমৃত সিনহাই ভৰ্তৎসনা কৰিলে ৰেজিষ্ট্ৰাৰক । তেও স্পষ্ট জনাই দিলে যে , নিৰ্দিষ্ট নিয়মৰ বাহিৰত গৈ কোনো মতেই উপাচাৰ্যই কোনো কাম কৰিব নোৱাৰিব । দৰমহা সংক্ৰান্তত সমস্যা লৈ আদালতৰ দ্বাৰস্ত হৈছিল বিশ্ববিদ্যালয়ৰ শিক্ষিকা শ্ৰুতি বন্দোপাধ্যায়ে । তেওৰ অভিযোগ আছিল যে , তেও বিশ্বভাৰতী বিশ্ববিদ্যালয়ত শিক্ষিকা হিচাপে যোগ দিয়াৰ কিছুদিন পাছত উপাচাৰ্যৰ পদত আহে বিদ্যুৎ চক্ৰবৰ্তী । তেও শ্ৰুতিক জনায় যে , প্ৰাপ্য দৰমহাতকৈ বহুত বেছি তেওক দিয়া হৈছে । ১৪ লাখ টকা তেওক ঘূৰাই দিবলৈ কয় ।সাধাৰণতে এনে ধৰণৰ কোনো সমস্যা আঠজন শিক্ষকক লৈ গঠিত এখন বিশেষ সমিতিয়ে সমাধান কৰে । কিন্তু এই ক্ষেত্ৰত বিশ্বভাৰতীৰ উপাচাৰ্যই এজন বিশেষ বিষয়াক নিয়োগ কৰিছে । উপাচাৰ্যৰ এই সিদ্ধান্তক চেলেঞ্চ কৰি কলকাতা উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰে শিক্ষিকা শ্ৰুতিয়ে । সেই গোচৰৰ শুনানিত মঙ্গলবাৰে ন্যায়াধীশ অমৃত সিনহাই নিৰ্দেশ দিয়ে যে ,“বিশ্বভাৰতীৰ নিয়মৰ বাহিৰত গৈ উপাচাৰ্যই কোনো সিদ্ধান্ত লব নোৱাৰিব । দৰমহা সম্পৰ্কীয় সিদ্ধান্ত সেই বিশেষ সমিতিয়েই লব লাগিব ।