ব্যাপক খাদ্য সংকটত ভুগিছে আফগানিস্তান

54

ব্যাপক খাদ্য সংকটত ভুগিছে আফগানিস্তান

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ১৫ চেপ্তেম্বৰঃ আফগানিস্তানত তালিবান শাসন অহাৰ পিছৰে পৰা সাধাৰণ লোকৰ সমস্যা ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে । বহুতো দেশে আফগান চৰকাৰক নিষিদ্ধ কৰাৰ পিছত অৰ্থনৈতিক সংকটত ভুগিছে দেশখন । মানুহৰ উপাৰ্জনৰ পথ নাইকিয়া হৈ পৰিছে । এতিয়া মানুহৰ বাবে এটা পৰিয়াল চলোৱা আৰু শিশুক খুৱাবলৈ যথেষ্ট কঠিনতাৰ সন্মুখীন হৈছে । দেশখনৰ সাধাৰণ জনতাই এতিয়া তেওঁলোকৰ কঠোৰ পৰিশ্ৰমেৰে উপাৰ্জিত সামগ্ৰী বিক্ৰী কৰি শিশুসকলক খোৱাৰ ব্যৱস্থা কৰিবলৈ বাধ্য হৈছে । ভোকত থকা লোকসকলে বিক্ৰী কৰিবলৈ ৰাস্তাত বিচনা , গাদী , গাৰু , ফ্ৰিজ , টিভি , ৱাছিং মেচিন , ফেন , এচি , কুলাৰ , পাকঘৰৰ সামগ্ৰী আদি ৰাখিছে । যোৱা এমাহ ধৰি আফগানিস্তানৰ পৰিস্থিতি ক্ৰমান্বয়ে বেয়াৰ ফালে গতি কৰিছে । তালিবানৰ দখলৰ পিছত, বিশ্ব বেংক, আই এম এফ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংকে মুকলি কৰা পুঁজি হ্ৰাস বা বন্ধ কৰাৰ বাবে দেশখনত এই সংকটে দেখা দিছে । আফগানিস্তানৰ বেংকবোৰ খুলি দিয়া হৈছে যদিও সেইবোৰত নগদ ধন নাই । যাৰ ফলত জমাধন উলিয়াব পৰা নাই সাধাৰণ লোকে । এতিয়া মানুহৰ ভোক নিবাৰণৰ বাবে ঘৰুৱা সামগ্ৰী বিক্ৰী কৰাৰ বাহিৰে আন কোনো উপায় নাই ।