লাডাখৰ গোগ্রাৰ পৰা সেনা প্রত্যাহাৰৰ সিদ্ধান্ত চীন–ভাৰতৰ

71

লাডাখৰ গোগ্রাৰ পৰা সেনা প্রত্যাহাৰৰ সিদ্ধান্ত চীন–ভাৰতৰ

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ, দৰ্পণ , ৪ আগষ্টঃ লাডাখৰ সংঘর্ষৰ সমাধানৰ বাবে শেহতীয়াভাৱে গোগ্রা শিখৰৰ পৰা সেনা প্রত্যাহাৰ কৰাৰ সিদ্ধান্তত উপনীত হৈছে চীন–ভাৰত ৷ উল্লেখ্য যে , যোৱা বর্ষৰ মে’ মাহত লাডাখৰ গালৱান উপত্যকাত দুই দেশৰ সেনাৰ মাজত চলা সংঘর্ষৰ ফলত গোগ্রা শিখৰত দুয়ো দেশে সেনা মোতায়েন কৰিছিল ৷ এই লৈ দুই দেশৰ মাজত সংঘাত চলি থকাৰ সময়তে শনিবাৰে চীন–ভাৰতৰ সামৰিক বাহিনীৰ কমাণ্ডাৰ পর্যায়ৰ ১২ সংখ্যক বৈঠকত উক্ত বিবদমান অঞ্চলৰ পৰা সেনা প্রত্যাহাৰৰ সিদ্ধান্তত উপনীত হয় ৷ এল এ চিৰ সিপাৰে চীনৰ ভূমিৰ মলদ’ত দুই দেশৰ কমাণ্ডাৰ পর্যায়ৰ বৈঠক প্রায় ৯ ঘণ্টা জুৰি চলা অন্তত এই সিদ্ধান্ত গ্রহণ কৰা হয় ৷ উল্লেখ্য যে , ইয়াৰ পূর্বে ভাৰত আৰু চীনে পাংগং হূদ অঞ্চলৰ পৰা দুই দেশৰ সেনা প্রত্যাহাৰৰ সিদ্ধান্ত গ্রহণ কৰি ফলপ্রসূ কৰিছে ৷ ছমাহ ধৰি গোগৰা শিখৰত মোতায়েন হৈ থকা দুই দেশৰ সেনাক লৈ সংঘাত চলি থকাৰ বাবেই এই বিষয়টো ১২ সংখ্যক বৈঠকত বিতং আলোচনা কৰা হয় আৰু ইয়াৰ পৰা সেনা প্রত্যাহাৰৰ সিদ্ধান্ত গ্রহণ কৰা হয় ৷