শ্ৰীনগৰত ২ শিক্ষকক গুলীয়াই হত্যা

52

শ্ৰীনগৰত ২ শিক্ষকক গুলীয়াই হত্যা

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ, ৭ অক্টোবৰঃ জম্মু–কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত বৃহস্পতিবাৰে সন্ত্ৰাসবাদীয়ে দুই শিক্ষকক হত্যা কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে বিভিন্ন ৰাজনৈতিক দলে । ইমানেই নহয় কেন্দ্ৰীয় চৰকাৰক পাকিস্তানৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰাৰো দাবী উত্থাপিত হৈছে । বৃহস্পতিবাৰে সংঘটিত হোৱা এই ঘটনাক লৈ আৰক্ষীয়ে কয় যে , সন্ত্ৰাসবাদীৰ ফালৰ পৰা এই কাম পাকিস্তানত বহি থকা নিয়ন্ত্ৰণকাৰীৰ নিৰ্দেশত হৈছে । ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জম্মু–কাশ্মীৰৰ ডিজিপি দিলবাগ সিঙে কয় , ‘‘সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা এই ঘটনা অতি ঘৃণনীয় । এয়া সন্ত্ৰাস বিয়পোৱা আৰু কাশ্মীৰী সম্প্ৰদায়ক বিভাজিত কৰাৰ চেষ্টা । আমি এই ঘটনাৰ তদন্ত কৰি আছো । আমি আশা ৰাখিছো শীঘ্ৰে এই সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তথ্য পোহৰলৈ আহিব । এই সকলো সীমান্তৰ সিপাৰে বহি থকা পাকিস্তান হেণ্ডেলাৰ্ছৰ নিৰ্দেশত কৰা হৈছে । শিৱসেনাৰ জম্মু–কাশ্মীৰ অঞ্চলৰ অধ্যক্ষ মনীষ ছাহানীয়ে কয় যে , কাশ্মীৰী পণ্ডিতক বাচি বাচি লক্ষ্য কৰি লোৱা হৈছে । ভাৰতীয় সেনাই যি অপাৰেচন অলআউট চলাইছে , তাৰ ফলত সন্ত্ৰাসবাদী ভীতিগ্ৰস্ত হৈ পৰিছে , সেইবাবেই বাচি বাচি মানুহক লক্ষ্য কৰি লোৱা হৈছে । তেওঁ কয় যে , ইয়াৰ আঁৰত পাকিস্তানৰ হাত আছে আৰু প্ৰধানমন্ত্ৰী মোদীলৈ আহ্বান আপুনি পাকিস্তানৰ ওপৰত ধাৰাবাহিক এয়াৰ ষ্ট্ৰাইক চলাওক । ভাৰতীয় জনতা পাৰ্টীৰ জম্মু–কাশ্মীৰৰ সভাপতি ৰবিন্দ্ৰ ৰাইনাই কয় যে , কাপুৰুষ পাকিস্তানী সন্ত্ৰাসবাদীয়ে কাশ্মীৰ ঘাটিক ৰক্তাক্ত কৰিছে । এই জঘন্য ঘটনাৰ বাবে কাপুৰুষ পাকিস্তানীয়ে উচিত প্ৰত্যুত্তৰ পাব লাগে । আনহাতে , কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰমন ভাল্লাই চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে । তেওঁ কয় যে , কাশ্মীৰত দুদিন ধৰি যি হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈ আছে , তাত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । কিয়নো , কাশ্মীৰত প্ৰথমে এটা মন্দিৰ ভাঙি দিয়া আৰু তাৰ পিছত কাশ্মীৰী পণ্ডিতৰ ওপৰত ধাৰাবাহিক আক্ৰমণৰ ঘটনাই এয়াই সূচায় যে চৰকাৰে সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে আৰু আজিও দুগৰাকী শিক্ষকক হত্যা কৰিলে । এয়া অতি নিন্দনীয় কাণ্ড বুলি আখ্যা দিয়ে ।