সলনি কৰিলে বঁটাৰ নামঃ ‘ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা’ৰ সলনি হ’ব ‘মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা’

127

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ৬ আগষ্ট : ভাৰতত ক্ৰীড়াক্ষেত্ৰৰ বিভিন্ন উপলব্ধিৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সন্মান ‘ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা’ক এতিয়াৰ পৰা ‘ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা’ নহয় ‘মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা’ বুলি কোৱা হ’ব । ই প্ৰখ্যাত ভাৰতীয় দলৰ হকী খেলুৱৈ ধ্যান চান্দৰ প্ৰতিও এক উচিত সন্মান বুলি বহুতে কৈছে যদিও ৰাজীৱ গান্ধীৰ প্ৰতি অৱহেলা প্ৰকাশ পাইছে । বঁটা বিজয়ীসকলক এটি পদক , এখন সন্মান পত্ৰ আৰু নগদ ২৫ লাখ টকাৰে সন্মানিত কৰা হয় । এই বঁটা প্ৰথম পাইছিল দবা খেলুৱৈ বিশ্বনাথন আনন্দে । এতিয়ালৈকে এই বঁটা শচীন টেণ্ডুলকাৰ , মেৰী কম , অভিনৱ বিন্দ্রা , ৰাজ্যৱৰ্ধন সিং ৰাথোড় , মহেন্দ্ৰ সিং ধনী , ছাইনা নেহৱাল , এইবাৰ অলিম্পিক ৰূপৰ পদক পোৱা চাইখম মীৰাবাই চানু , বিৰাট কোহলি , ৰোহিত শৰ্মা আদি খেলুৱৈ সকলে লাভ কৰিবলৈ সক্ষম হৈছে । এই বঁটা প্ৰথম ১৯৯১-৯২ চনত প্ৰদান কৰা হৈছিল । টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হোৱা অসমৰ লাভলীনা বৰগোহাঞিয়েও এইবাৰ  ‘মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা’ পোৱা উচিত বুলি বিভিন্নজনে মত পোষণ কৰিছে ।