EditorUncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

ৰাহুল গান্ধী বিদেশী নাগৰিক নেকি ?

ৰাহুল গান্ধী বিদেশী নাগৰিক নেকি ?

দুৰ্নীতিৰ দৰ্পণ , জমিৰ উদ্দিন তালুকদাৰ

ৰাহুল গান্ধী বিদেশী নাগৰিক নেকি ? হয়, শেহতীয়া ভাৰতৰ ৰাজনীতিৰ বিতৰ্কৰ বিষয় ৰাহুল গান্ধীৰ নাগৰিকত্ব বিষয়টো ৷ আমি বা আমাৰ দৰে সকলোৱে ভালকৈ জানো যে ৰাহুল গান্ধী দেশৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ভাৰতৰত্ন ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধীৰ প্ৰথম সন্তান ৷ দেশৰ আৰু এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী স্বৰ্গীয় ইন্ধিৰা গান্ধীৰ নাতি ৷ অৰ্থাৎ এই দৃষ্টিত ৰাহুলৰ নাগৰিকত্বক লৈ কোনো প্ৰশ্নৰ উদয় হ’ব নোৱাৰে ৷ নিঃসন্দেহে ৰাহুল গান্ধী ভাৰতীয় নাগৰিক আৰু এই দেশৰ সংসদৰ এগৰাকী নিৰ্বাচিত সাংসদ ৷ কিন্তু প্ৰশ্ন হয়, ৰাহুল গান্ধীৰ নাগৰিকত্ব বিষয়টো কেনেকৈ প্ৰশ্নৰ আৱৰ্তত সোমাই পৰিল ? বিজেপি সাংসদ সুব্ৰমণিয়ম স্বামীয়ে ৰাহুল গান্ধীৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে ৷ স্বামীৰ মতে, ৰাহুল গান্ধী বৃটেইনৰ নাগৰিক ৷ ৰাহুল হ’ল বৃটেইনত ২০০৩ চনত পঞ্জীয়ন হোৱা (বৰ্তমান বন্ধ) বেকপছ্ লিমিটেড নামৰ এটি কোম্পানীৰ অন্যতম সঞ্চালক ৷ এই কোম্পানীটোৰ বাৰ্ষিক ৰিটাৰ্ণ দাখিলৰ সময়ত দাখিল কৰা নথি পত্ৰত ৰাহুল গান্ধীক বৃটেইনৰ নাগৰিক বুলি কোৱা হৈছে ৷ সুব্ৰমণিয়ম স্বামীয়ে সেই নথিৰ ওপৰত ভিত্তি কৰি ৰাহুল গান্ধীৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে ৷ অৱশ্যে কংগ্ৰেছ দলে স্বামীৰ অভিযোগক খণ্ডন কৰি ৰাহুল গান্ধীয়ে বৃটেইনৰ কোম্পানীত দাখিল কৰা নথিত নিজকে ভাৰতীয় নাগৰিক বুলি দাবী কৰাৰ তথ্য সংবাদ মাধ্যমক জানিবলৈ দিছে ৷ ৰাহুলৰ নাগৰিকত্বক লৈ সৃষ্ট বিতৰ্কই ২০১৫ বৰ্ষত গৈ সৰ্বোচ্চ আদালতৰ মজিয়া পায় ৷ অৱশ্যে সৰ্বোচ্চ আদালতে ২০১৫ চনৰ ৩০ নৱেম্বৰত ৰাহুলৰ নাগৰিকত্বক লৈ দাখিল কৰা গোচৰৰ কোনো শুনানী নোলোৱাকৈ খাৰিজ কৰি দিয়ে ৷ তাৰ পিছতেই সুব্ৰমণিয়ম স্বামীয়ে ৰাহুল গান্ধীৰ নাগৰিকত্ব বিষয়টো লৈ ২০১৬ চনৰ মাৰ্চ মাহত সংসদৰ বিধি সমিতিত অভিযোগ দিয়ে ৷ বিধি সমিতিয়ে এই সম্পৰ্কে ৰাহুল গান্ধীলৈ জাননী জাৰি কৰাত জাননীৰ প্ৰত্যুত্তৰত ৰাহুল গান্ধীয়ে সুব্ৰমণিয়ম স্বামীক সেই অভিযোগ প্ৰমাণিত কৰিবলৈ প্ৰত্যাহ্বান জনায় ৷ ২০১৬ চনৰ পিছত আজিলৈ সংসদৰ বিধি সমিতিৰ আৰু কোনো বৈঠক অনুষ্ঠিত হোৱা নাই ৷ তাৰ মাজতে সুব্ৰমণিয়ম স্বামীয়ে একেটা বিষয় লৈ দেশৰ গৃহ বিভাগত অভিযোগ দিয়াত গৃহ বিভাগে এক পত্ৰৰ জৰিয়তে ৰাহুল গান্ধীক পোন্ধৰ দিনৰ ভিতৰত অৰ্থাৎ ১৫ মে’ৰ পূৰ্বে জবাব দিবলৈ ন’টিচত কোৱা হৈছে ৷ ৰাহুল গান্ধীয়ে গৃহ মন্ত্ৰালয়ৰ পত্ৰৰ উত্তৰ কেনেকৈ দিয়ে সেয়া সময়ে ক’ব ৷ ৰাহুল গান্ধী ভাৰতীয় নাগৰিক ৷ তাত কোনো সন্দেহ নাই ৷
একেদৰে ৰাহুল গান্ধীৰ শিক্ষাগত অৰ্হতাক লৈও প্ৰশ্ন তুলিছে একাংশই ৷ দেশৰ বিত্তমন্ত্ৰী অৰুণ জেটলিয়ে ৰাহুলৰ শিক্ষাগত অৰ্হতাৰ ওপৰত ব্লগ লিখিছে ৷ (অৱশ্যে তেওঁ নিজৰ সতীৰ্থ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মন্ত্ৰী স্মৃতি ইৰাণীৰ শিক্ষাগত অৰ্হতাক লৈ আজিলৈ কোনো ব্লগ বা টুইট কৰাৰ সময় পোৱা নাই) ৷ ৰাহুল গান্ধীৰ বৃটেইনৰ ট্ৰিণিটি কলেজ, কেম্ব্ৰিজৰ পৰা এম ফিল ডিগ্ৰীক লৈও একাংশই বিতৰ্ক কৰিবলৈ এৰা নাই ৷ বহুতৰ প্ৰশ্ন, এম এ নকৰাকৈ ৰাহুল গান্ধীয়ে এম ফিল কেনেকৈ কৰিলে ? এই সম্পৰ্কে ২০০৯ চনত দ্যা হিন্দু কাকতে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ লগত যোগাযোগ কৰাত তেওঁলোকে ৰাহুল গান্ধীৰ এম ফিল ডিগ্ৰীৰ সত্যতা স্বীকাৰ কৰে ৷ এনডি টিভিৰ দোৰাব চুপাৰিৱালাই কয়, অক্সফৰ্ড আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ে এম এৰ ডিগ্ৰী নিদিয়ে ৷ এই দুই বিশ্ববিদ্যালয়ত বি এৰ পিছতে এম, ফিল, ডি, ফিল, পিএইচডি কৰিব পাৰে ৷ আৰু তাৰ ভিত্তিতেই স্নাতকোত্তৰ ডিগ্ৰীৰ প্ৰমাণ পত্ৰ দিয়া হয় ৷ কিন্তু নিৰ্বাচনী এই বতৰত ৰাহুল গান্ধীৰ নাগৰিকত্ব আৰু শৈক্ষিক অৰ্হতাৰ বিষয়টো উত্থাপন হ’লে সংবাদ মাধ্যম আৰু বিৰোধী ৰাজনৈতিক দলে কুটসা ৰটনাৰ নতুন বিষয় লাভ কৰিব ৷ পৰীক্ষাৰ পূৰ্বে পাঠ্যপুথি সলোৱাৰ দৰে নিৰ্বাচনৰ পূৰ্বে নেতাই নিজৰ জবাবদিহিক তল পেলাবলৈ কিছু আৱেগিক বিষয় মানুহৰ মাজলৈ ঠেলি দিয়ে ৷ নেতাৰ এই চতুৰ খেলত মানুহৰ মৌলিক সমস্যা নিৰ্বাচনী ইচ্যুৰ পৰা যেন তল পৰে ৷ এয়াই হ’ল চতুৰ ৰাজনীতিকৰ মানুহক বুৰ্বক সজোৱাৰ নতুন কৌশল ৷ তাতে সংবাদ মাধ্যমেও এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে ৷ সেয়া গণতন্ত্ৰৰ বাবে মুঠেই শুভ লক্ষণ নহয় ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close