গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত সেৱা ল’লে সৰ্বানন্দ সোনোৱালে 

65
গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত সেৱা ল’লে সৰ্বানন্দ সোনোৱালে
দুৰ্নীতিৰ দৰ্পণ সেৱা,  নজৰুল ইছলাম , বটদ্ৰৱা, ২২ আগষ্টঃ দক্ষতাৰে দেশ মাতৃৰ সেৱা আগবঢ়াবলৈ মই গুৰুজনাৰ আশীৰ্বাদ বিচাৰি পূণ্যভূমি বটদ্ৰৱালৈ আহিছো । গুৰুজনাৰ আশীৰ্বাদত অসমীয়া মহাজাতি বৰ্তি আছে । ভাদ মাহৰ পবিত্ৰ দিনত বটদ্ৰৱাৰ ভকত বৈষ্ণৱ তথা ৰাইজৰ শুভাশীষ বিচাৰিছো ।  ব্যক্তিগতভাৱে এই অভাজনেও গুৰুজনাৰ কৃপাত মাননীয় নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত দুবাৰকৈ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাম কৰিবলৈ সুযোগ সুবিধা পাইছো । গুৰুজনাৰ আশীৰ্বাদত মই অসমৰ মুখ্যমন্ত্ৰী হিচাপেও পাঁচবছৰৰ বাবে অসম মাতৃৰ সেৱা আগবঢ়োৱাৰ সুযোগ পাই কৃতাৰ্থ হ’লো । জয় গুৰু শঙ্কৰ । গুৰুজনাৰ জীৱন দৰ্শনে মোক জাতীয় দায়িত্বৰ প্ৰতি আকৃষ্ট কৰে । এই মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় বন্দৰ আৰু আয়ুস মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ । আজি  বিয়লি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত আশীৰ্বাদ যাত্ৰাৰ অংশ হিচাপে সেৱা গ্ৰহণ কৰি সৰ্ৰবস্তৰৰ ৰাইজৰ মৰম স্নেহত আপ্লুত হ’ল  প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় আয়ুস , জাহাজ আৰু বন্দৰ …ইত্যাদি বিভাগৰ কবিনেট মন্ত্ৰী সৰ্বানন্দ সোনোৱাল । সৰ্বানন্দ সোনোৱালে আৰম্ভ কৰা এই আশীৰ্বাদ যাত্ৰাই জগত গুৰু জনাৰ জন্মস্থান বটদ্ৰৱা থানত এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰিবলৈ ৰাইজৰ মাজত পৰিলক্ষিত হয় ব্যাপক আনন্দ উল্লাস । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক বটদ্ৰৱা থানলৈ জন আশীৰ্বাদ যাত্ৰাৰ এখন বিশেষ গাড়ীত উঠাই অনা হয় । বটদ্ৰৱা থানত উপস্থিত হৈ সেৱা আগবঢ়াই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে । বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱে হৰি ধ্বনিৰে সোনোৱাল প্ৰমুখ্যে আশীৰ্বাদ যাত্ৰাত অংশ লোৱা সকলোকে মাঙ্গলিক বাক্যৰে আশীৰ্বাদ দিয়ে ।  উল্লেখ্য যে , কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পিছত সৰ্বানন্দ সোনোৱাল প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হৈছে আৰু প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে । গুৰুজনাৰ জন্মস্থানত পৰিচালনা সমিতিৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয় । বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী , কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰাকে প্ৰমুখ্য কৰি সদস্য সকলে তৰফৰ পৰা সৰ্বানন্দ সোনোৱালক গামোচা , চেলেং , কুহিলা কঠ , শৰাইৰে সম্বৰ্ধনা জনোৱা হয় । সৰ্বানন্দ সোনোৱালৰ লগত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী , ৰাজ্যিক কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকা , সাংসদ কামাখ্যা প্ৰসাদ তাচা , ভাৰতীয় জাতীয় পাৰ্টীৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা , বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী , হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ , বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা , কলিয়াবৰ সাংগঠনিক জিলা সভাপতি অনিল শইকীয়া , ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য ৰোহিনী বৰা , অনান্য পিছপৰা শ্ৰেণী উন্নয়ন বৰ্ড নগাঁও জিলাৰ অধ্যক্ষ মনোৰঞ্জন নাথ , লোকেন্দ্ৰ নাথে প্ৰমুখ্য কৰি কেইবাগৰাকী বিধায়ক , প্ৰাক্তন বিধায়িকা , বিজেপি দলৰ নেতা কৰ্মীয়ে সংগ প্ৰদান কৰে । আজিৰ আশীৰ্বাদ যাত্ৰাত বটদ্ৰৱা সমষ্টিৰ জামুগুৰি গৰখীয়া থান , চমুৱা গাওঁ , বামুন গাঁও চাৰিআলি , টোকোৰাবাহী , ক্ষেত্ৰীগাঁও , চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় , সোনাই পাৰ গৌৰীনাথ শিৱমন্দিৰত , আইভেটি , ৰাইডঙীয়া পাঁচআলি , ভোমোৰাগুৰি…ইত্যাদি স্থান সমূহত সৰ্বানন্দ সোনোৱালক ব্যাপক ভাৱে আদৰণি জনায় ।