Uncategorizedঅসম

উদুলি মুদুলি নুমলিগড়ৰ তেলগৰম স্থিত মহাপুৰুষীয়া পালনাম থান

উদুলি মুদুলি নুমলিগড়ৰ তেলগৰম স্থিত মহাপুৰুষীয়া পালনাম থান

দুৰ্নীতিৰ দৰ্পণ , লোচন দাসৰ প্ৰতিবেদন , ১৬ ফেব্ৰুৱাৰী : গোলাঘাট জিলাৰ নুমলিগড় তেলগৰমস্থিত একশৰণ ভাগৱতী সমাজৰ মহাপুৰুষীয়া পালনাম থান এতিয়া দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে ৷ যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা সপ্তাহজোৰা অনুষ্ঠানটি কাৰ্যসূচী অনুসৰি আজি পুৱা ৫ বজাত প্ৰাত:প্ৰসঙ্গ, ৫,৩০ বজাত হাহীৰাম ধনিয়া বুঢ়াভকতৰ পৰিচালনাত খোল প্ৰসংগ
৭ বজাত মহাপালনাম কীৰ্তনৰ শুভাৰম্ভ হয় ৷
সন্ধিয়া ভাগলৈ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ ৰচিত গুনমালা কীৰ্তন কৰে শ শ ভক্তপ্ৰাণ ৰাইজে ভগৱান, সৰ্বশক্তিমান, ৰাম হৰি ,কৃষ্ণ, নাৰায়ন, মহেস্বৰ, গোবিন্দ,ইশ্বৰ এই শব্দ সমূহৰ উচ্চাৰণ বায়ুব্ৰক্ষ্মৰ পৰা নাইকিয়া হ’লে সমস্ত নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জাঘৰত ইশ্বৰৰ সেৱক সকলে পৰমেশ্বৰৰ উদ্দেশ্য কৰা নাম কীৰ্ত্তন ,স্তুতি, প্ৰাৰ্থনা সভা যদি বন্ধ হৈ যায় , তেতিয়া এই পৃথিৱীৰ বায়ু-ব্ৰক্ষ্ম, অগ্নি সদৃশ উত্তপ্ত হ’ব ৷ মনুষ্যে সূ-শীতল বায়ুৰ পৰিৱৰ্ত্তে অগ্নিময় বায়ু পান কৰি মৃত্যুৰ মুখত পৰিব ৷ জীৱ জগতৰ এই সমূহ দুখ দুৰ্গতি বিনাশ কৰিবৰ হেতু মহাপুৰষ গুৰুজনাৰ মহান অনুদান মহান পালনাম অষ্টাদশ পহৰজুৰি অনুষ্ঠিত হৈছে নুমলিগড় তেলগৰমত ৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰ গুৰুজনাৰ প্ৰৱৰ্ত্তিত সনাতন একশৰন হৰিনাম ধৰ্মৰ ৰক্ষাৰ্থে , একশৰণ ভাগৱতী সমাজৰ গুৰুধৰ্ম্মৰ ৰক্ষাকাৰী একনিষ্ঠ সেৱক আচ্যাৰ্য ইলাৰাম দাস বাপৰ সাধন প্ৰশিক্ষণ শিৰোধাৰ্য কৰি , অষ্টাদশ প্ৰহৰ জুৰি মহাপালনাম স্থলিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত বৃন্দ৷ই ভিৰ কৰা পৰিলক্ষিত হয় ৷ আচ্যাৰ্য ইলাৰাম দাস বাপৰ সেৱক আচ্যাৰ্য দেহেশ্বৰ বৰা বাপৰ নেতৃত্বত এই পালনামষাৰ সূচাৰু ৰূপে পৰিচালিত হয় ৷ উল্লেখ্য যে , এই মহানপালনাম ষাৰ ১৯ ফেব্ৰুৱাৰীত ভকত বিদায়ৰে সফল সমাপ্তি পৰিব ৷ পালনাম স্থলিত উপস্থিত ভক্তপ্ৰাণ ৰাইজক ধন্যবাদ জনাইছে সেৱক আচ্যাৰ্য দেহেশ্বৰ বৰা বাপে ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close