Uncategorizedঅসম

ভাইটবাৰীত মেঘালয় আমছুৰ নেতৃত্বত বিশাল প্ৰতিবাদী সমদল , পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল নিউ ভাইটবাৰীৰ ৰাজপথ

ভাইটবাৰীত মেঘালয় আমছুৰ নেতৃত্বত বিশাল প্ৰতিবাদী সমদল , পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল নিউ ভাইটবাৰীৰ ৰাজপথ

দুৰ্নীতিৰ দৰ্পণ সেৱা , হাটশিঙিমাৰী ,১৮ ফেব্ৰুৱাৰী : দেশত অব্যাহত আছে কাশ্মীৰ পুলৱামা কাণ্ডৰ তীব্ৰ প্ৰতিবাদ ৷ আজি সন্ধিয়া ৭ বজাত মেঘালয়ৰ ৰাজ্যৰ পশ্চিম গাৰো পাহাৰ জিলাৰ নিউ ভাইটবাৰীত মেঘালয় আমছুৰ সভাপতি নুৰ ইছলামৰ নেতৃত্বত আৰু মেঘালয় আমছুৰ সদস্যৰ সহযোগিতাত শ শ ৰাইজে হাতে-হাতে মমবাতি আৰু প্লেকাৰ্ড হাতত লৈ নিউ ভাইটবাৰীৰ ৰাজপথত প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে । পাকিস্তান মুৰ্দ্দাবাদ, জইছ ই মহাম্মদ মুৰ্দাবাদ ধ্বনীৰে উত্তাল কৰি তোলে ভাইটবাৰীৰ ৰাজপথ ৷ ইপিনে , শ্বহিদ ভাৰত মাতৃৰ বীৰ জৱান সকললৈ সশ্ৰদ্ধ প্ৰণিপাত কৰাৰ লগতে তেখেতৰ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ উল্লেখ্য্য যে, যোৱা ১৪ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে কাশ্মীৰৰ পুলৱামাত CRPF বাহিনী কঢ়িয়াই নিয়া বিশাল গাড়ীৰ কনভয়ৰ ওপৰত জইছ-ই-মহম্মদৰ সংগঠনৰ কুখ্যাত সন্ত্ৰাসবাদীয়ে আত্মঘাতী বোমা বিষ্ফোৰণ কৰি ভাৱে ৪৪ জন সেনা জোৱানক শ্বহিদ কৰাৰ লগতে বহুতকে আহত কৰিছিল ৷ মেঘালয় আমছুৰ ৰাজ্যিক সভাপতি নুৰ ইছলামে পাকিস্তানৰ লগত সকলো ধৰণৰ সংযোগ বিছিন্ন কৰি পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনক কঠোৰতম শাস্তি দি প্ৰতিশোধ ল’বলৈ দাবী জনায় ভাৰত চৰকাৰক ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close