Uncategorizedঅসমদৰ্পণ বিশেষ

নগাঁৱত কোন হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী ? প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ নে দুৰ্লভ চমুৱা ?

নগাঁৱত কোন হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী ?
প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ নে দুৰ্লভ চমুৱা ?

দুৰ্নীতিৰ দৰ্পণ , মুখ্য সম্পাদক , জমিৰ উদ্দিন তালুকদাৰ, ডবকা , ২০ ফেব্ৰুৱাৰীঃ পঞ্চদশ লোকসভা নিৰ্বাচনৰ দিন বাৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও দেশৰ প্ৰতিটো দলে নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা আৰম্ভ কৰিছে ৷ অসমতো আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা ৷ শাসকীয় বিজেপিৰ সমান্তৰালভাৱে বিৰোধী দল কংগ্ৰেছে আৰম্ভ কৰিছে সমাগত লোকসভা নিৰ্বাচনকেন্দ্ৰিক ব্যাপক কুচকাৱাজ ৷ অহা ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী ৷ দলৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত ৰাহুল গান্ধীৰ এয়াই প্ৰথম অসম ভ্ৰমণ ৷ ৰাহুলৰ এই ভ্ৰমণ সমাগত লোকসভা নিৰ্বাচনকেন্দ্ৰিক ৷ তেওঁ খানাপাৰাত অনুষ্ঠিত দলীয় সমাৱেশৰ লগতে দলৰ বিভিন্ন স্তৰৰ কৰ্মীৰ লগতো আলোচনাত বহিব ৷ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে কংগ্ৰেছ দলে প্ৰাৰ্থী পেনেল তালিকা প্ৰস্তুত কৰিবলৈ সমষ্টিয়ে সমষ্টিয়ে পৰ্যবেক্ষক প্ৰেৰণ কৰি দলৰ তৃণমূল কৰ্মীৰ লগত মত-বিনিময় আৰু আলোচনা কৰি প্ৰাৰ্থীৰ সম্ভাৱ্য তালিকা যুগুত কৰাৰ কাম আৰম্ভ কৰিছে ৷ দলটোৱে নগাওঁ লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও জিলাৰ মৰিগাঁও সমষ্টিত দিপীকা শইকীয়া, লাহৰিঘাটত হুকুম চান্দ আলী বক্সী, জাগীৰোড সমষ্টিত অৰুণিমা দাস, নগাওঁ জিলাৰ ৰূপহীহাট সমষ্টিত প্ৰশান্ত গগৈ, বটদ্ৰবা সমষ্টিত হীৰেণমনি ফুকন, ৰহা সমষ্টিত অৰুণ শৰ্মা, নগাওঁ সদৰ সমষ্টিত অৰুণিমা দাস, হোজাই জিলাৰ হোজাই সমষ্টিত বিভূতিভূষণ বৰঠাকুৰ, লামডিং সমষ্টিত সুৰেশ বৰা, যমুনামুখ সমষ্টিত ধিঙৰ আনোৱাৰ হুছেইনক দলীয় পৰ্যবেক্ষকৰ দায়িত্ব অৰ্পণ কৰিছে ৷ এইসকল পৰ্যবেক্ষকে ইতিমধ্যে সমষ্টিয়ে সমষ্টিয়ে গৈ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ সমিতিৰ লগতে দলটোৰ প্ৰতিটো ভাতৃ-ভগ্নী সংগঠনৰ কৰ্মীৰ সৈতে আলোচনা কৰি এখন পেনেল তালিকা প্ৰস্তুত কৰি দলীয় হাইকমাণ্ডলৈ প্ৰেৰণ কৰিব ৷ বাতৰি অনুসৰি ১০ নং নগাওঁ সংসদীয় সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সম্পাদক প্ৰদ্যুৎ বৰদলৈ, এন এছ ইউ আইৰ প্ৰাক্তন সভাপতি বিভূতিভূষণ বৰঠাকুৰ, নগাঁৱৰ প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱা, ৰমেশ বৰদলৈ, গৌতম বৰা, বিষ্ণু প্ৰসাদৰ নাম উত্থাপন হৈছে ৷ তাৰে সৰ্বাধিক চৰ্চিত চেহেৰা হিচাপে নাম উত্থাপন হৈছে প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ নাম ৷ একাংশ দলীয় কৰ্মীৰ মতে, নগাঁও লোকসভা সমষ্টিত প্ৰদ্যুৎ বৰদলৈ প্ৰাৰ্থী হিচাপে থিয় দিলে সমষ্টিটো বিজেপিৰ দখলৰ পৰা উদ্ধাৰ কৰা সম্ভৱ হ’ব ৷ নগাঁও লোকসভা সমষ্টিটো বিজেপিৰ দূৰ্গ স্বৰূপ ৷ প্ৰায় দুটা দশক ধৰি অৰ্থাৎ ১৯৯৯ চনৰ পৰা সমষ্টিটো বিজেপিৰ দখলত আছে ৷ নগাওঁ লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ হিচাপে বৰ্তমানে সেৱা আগবঢ়াই আছে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইয়ে ৷ সম্প্ৰতি গোঁহাইৰ বিৰুদ্ধে দলৰ একাংশ কৰ্মী ৰূষ্ট ৷ ইপিনে বলাৎকাৰৰ দৰে জঘন্য অভিযোগেও তেওঁৰ ভাৱমূৰ্তি যথেষ্ট ম্লান কৰিছে ৷ এনে অৱস্থাত বিজেপিৰ আভ্যন্তৰত গোঁহাই হটাও অভিযান আৰম্ভ হৈছে ৷ বিজেপি দলত গোঁহাইৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ দলৰ হাইকমাণ্ডো চিন্তিত ৷ তেনে এক সময়ত বিজেপিত গোঁহাইৰ সলনি নতুন মুখৰ চৰ্চা চলা বুলি দলীয় মহলত চৰ্চা চলিছে ৷ এনে সময়ত কংগ্ৰেছ দলে সমষ্টিটো বিজেপিৰ পৰা উদ্ধাৰ কৰিবলৈ এগৰাকী শক্তিশালী প্ৰাৰ্থী থিয় কৰিব ৷ নগাঁও লোকসভাত প্ৰদ্যুৎ বৰদলৈ সৰ্বাধিক চৰ্চিত আৰু শক্তিশালী প্ৰাৰ্থী ৷ তেওঁক দলীয় প্ৰাৰ্থিত্ব আগবঢ়ালে সমষ্টিটো বিজেপিৰ দখলৰ পৰা অনায়াসে উদ্ধাৰ কৰিব পাৰিব বুলি একাংশ দলীয় কৰ্মীয়ে এই প্ৰতিবেদকৰ সন্মুখত মত ব্যক্ত কৰে ৷ হোজাই জিলা এনএছইউআইৰ সভাপতি মেহবুব আহমেদ বৰভূঞাই প্ৰদ্যুৎ বৰদলৈৰ সপক্ষে নিজৰ স্থিতি প্ৰকট কৰিছে ৷ তেওঁৰ মতে, প্ৰদ্যুৎ বৰদলৈ নগাঁৱৰ প্ৰাৰ্থী হ’লে সমষ্টিটো বিজেপিৰ পৰা উদ্ধাৰ কৰা যাব ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close