Uncategorizedঅসম

বীৰ সৈনিক সকলক উত্তৰ লক্ষীমপুৰ জিলাৰ অসম অৰুণাচল সীমান্ত বুধ বজাৰৰ “কিমিন” বাসী ৰাইজে শ্ৰদ্ধাঞ্জলি 

বীৰ সৈনিক সকলক উত্তৰ লক্ষীমপুৰ জিলাৰ অসম অৰুণাচল সীমান্ত বুধ বজাৰৰ “কিমিন” বাসী ৰাইজে শ্ৰদ্ধাঞ্জলি

দুৰ্নীতিৰ দৰ্পণ সেৱা, উত্তৰ লক্ষীমপুৰৰ পৰা জিয়াউল আলীৰ ৰিপৰ্ট ,২১ ফেব্ৰুৱাৰী: জম্মু-কাশ্মীৰৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত হোৱা ভয়ানক আক্ৰমণত প্ৰাণ বিসৰ্জন দিয়া জোৱান সকলৰ স্মৃতিত সমগ্ৰ দেশবাসী আজিও শোকত ম্ৰিয়মান ৷ সমান্তৰালভাৱে উত্তৰ লক্ষীমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ কিমিনৰ বুধ বজাৰ বাসী ৰাইজৰ লগতে কিমিনৰ অৱসৰ প্ৰাপ্ত সৈনিক জোৱান সকলে ২০/০২/২০১৯(বুধবাৰে)সন্ধিয়া ৬ বজাত হাতে হাতে মমবাতী জ্বলাই ৰাজপথলৈ উলাই আহি শ্বহীদ বীৰ জোৱান সকললৈ শ্ৰদ্ধাঞ্জলি জনায়  ৷ লগতে পাকিস্তান মুৰ্দবাদ ধ্বনিৰে সমগ্র অঞ্চল উত্তাল কৰি তোলে ।

Show More

One Comment

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close