Uncategorizedঅসম

বীৰ ছহিদ মনেশ্বৰ বসুমতীৰ বাসগৃহত বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

বীৰ ছহিদ মনেশ্বৰ বসুমতীৰ বাসগৃহত বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

দুৰ্নীতিৰ দৰ্পণ সেৱা , অভিজিৎ তালুকদাৰ , তামুলপুৰ , 22 ফেব্ৰুৱাৰী : জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা বীৰ ছহিদ মনেশ্বৰ বসুমতাৰী তামুলপুৰৰ কলবাৰী বাসগৃহত আজি উপস্থিত হয় বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ লগতে কাৰ্বি আংলঙ স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকে ৷ আজি হিমন্ত বিশ্ব শৰ্মাই ছহিদ পৰিয়ালটোত উপস্থিত হৈ ছহিদ গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি দিয়াৰ পিছত এক ঘৰুৱা পৰিবেশত ছহিদ পৰিয়ালৰ পত্নী, পুত্ৰ-কন্যাৰ সতে আলোচনা কৰি পৰিয়ালটোত গভীৰ সমবেদনা জনায় ৷ লগতে মন্ত্ৰী গৰাকীয়ে ছহিদ গৰাকীৰ আদ্যশ্ৰাদ্ধ সম্পৰ্কত গাঁওবাসীৰ সতে আলোচনা মিলিত হয় আৰু আদ্যশ্ৰাদ্ধৰ ক্ষেত্ৰ পৰ্যবেক্ষণ কৰি ছহিদ গৰাকীৰ স্মৃতিসৌধ নিৰ্মাণ থলীও পৰ্যবেক্ষণ কৰে মন্ত্ৰী গৰাকীয়ে । পিছত সাংবাদিকৰ লগত হোৱা সাক্ষৎকাৰত কয় যে , ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালটোক বৰ্তমান পৰিবেশৰ উপৰিও অনাগত দিনটো ৰাজ্য চৰকাৰে সন্মান সহকাৰে সকলো মৰ্যদা দিয়া যাব ৷ স্থায়ী ভাৱে পৰিয়ালটোৰ কৰ্মসংস্থাপনৰ দিহা কৰা হ’ব বুলিও কয় মন্ত্ৰী গৰাকীয়ে ৷ তেওঁ পুনৰ কয় যে , অসম খন যাতে দ্বিতীয় কাশ্মীৰ হ’ব নোৱাৰে , তাৰ বাবে ৰাজ্য চৰকাৰে নিৰাপত্তাৰ ক্ষেত্ৰত সকলো কাৰ্য সম্পাদন কৰি যাব ৷ শেহতীয়াকৈ উগ্ৰপন্থী দমনৰ ক্ষেত্ৰতো চৰকাৰে কঠোৰ হৈ পৰিছে ৷ অসমত যাতে উগ্ৰপন্থীৰ কাৰ্যকালাপৰ উত্থান হ’ব নোৱাৰে , তাৰ প্ৰতিও অসম চৰকাৰ সদায় সচেতন হৈ থাকিব বুলি মন্তব্য কৰে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close