Uncategorizedঅসম

পুথিখাইতি আৰ্দশ প্ৰাথমিক বিদ্যালয়ৰ জৰাজিৰ্ণ ৰূপ, বিদ্যালয় নহয় যেন গোহালী হে

পুথিখাইতি আৰ্দশ প্ৰাথমিক বিদ্যালয়ৰ জৰাজিৰ্ণ ৰূপ, বিদ্যালয় নহয় যেন গোহালী হে

দুৰ্নীতিৰ দৰ্পণ সেৱা , জুৰীয়া :  বিদ্যালয় নে গৰু গোহালি । বিদ্যালয়ৰ ৰূপ দেখিলে অনিচ্ছা স্বত্বেও আপোনাৰ মুখত ওলাব পাৰে এনে শব্দ।
যি সময়ত শিক্ষা বিভাগে গুণোৎসৱকে ধৰি ন ন আঁচনি উলিয়াই চৰকাৰী শিক্ষাখণ্ডৰ মানদণ্ড উন্নত কৰিব বিচাৰিছে , সেই সময়তে এখন বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাই শিক্ষা বিভাগৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে । এই বিদ্যালয়খনৰ নাম পুথিখাইতি আৰ্দশ প্ৰাথমিক বিদ্যালয়।অঞ্চলৰ ৰাইজে গাঁথিৰ ধন ভাঙি স্থাপন কৰিছিল বিদ্যালয়খন । সুদীৰ্ঘ কাল বেচৰকাৰী হৈ থকাৰ পিচত ২০১৩ চনত বিদ্যালয়খন প্ৰাদেশিকীকৰণ কৰা হ’ল । পিচে আজিলৈকে বিদ্যালয়খনৰ আন্ত:গাঁথনি উন্নয়নৰ বাবে এটকাও দিয়া নাই চৰকাৰে । ৰাইজে নিৰ্মাণ কৰি দিয়া ঘৰতে শিক্ষা গ্ৰহণ কৰিছে শতাধিক ছাত্ৰ ছাত্ৰীয়ে । ঘৰৰ নামত এটা জঁকা । ওপৰত বহু অংশত টিনপাত নাই । যি খিনি আছে , তাকো ফুটা ফুটা । পৰো পৰো কৰি কথা ঘৰটো বাঁহৰ খুটাৰে কোনোমতে ধৰি ৰখা হৈছে । দুৱাৰ খিৰিকি বুলিবলৈ নাই । সামান্য বৰষুণতে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয়ৰ পৰা দৌৰি পলাবলগীয়া হয় । সম্পূৰ্ণ অনিৰাপত্তাৰ মাজত শিক্ষাগ্ৰহণ কৰি আছে ছাত্ৰ ছাত্ৰীসকলে । ইপিনে , ডেক্স বেঞ্চ আছে মাত্ৰ দহ যোৰ । দুটাকৈ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে মাটিত বস্তা পাৰি শিক্ষা গ্ৰহণ কৰে । বিদ্যালয়খন চৰকাৰীকৰণ হোৱাৰ পিছত শিক্ষক, পৰিচালনা সমিতিয়ে বিদ্যালয়খনৰ দুৰৱস্থাৰ কথা উৰ্দ্ধতন কৰ্তৃপক্ষক অৱগত কৰাইছে যদিও শিক্ষা বিভাগ তথা চৰকাৰৰ গা লৰা নাই। ফলত কেতিয়াবা ছাত্ৰ ছাত্ৰীসকল ভয়ংকৰ বিপদত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close