Uncategorizedঅসম

বেঙেৰ ভিটাত মেৰিনা খানক উষ্ম আদৰণি , দুৰ্নীতিগ্ৰস্ত বিষয়াই টালি-টোপোলা বান্ধিব লাগিব : মেৰিনা খান

বেঙেৰ ভিটাত মেৰিনা খানক উষ্ম আদৰণি , দুৰ্নীতিগ্ৰস্ত বিষয়াই টালি-টোপোলা বান্ধিব লাগিব : মেৰিনা খান

দুৰ্নীতিৰ দৰ্পণ সেৱা , কালাপানী , 2 মাৰ্চ :–
নৱ গঠিত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ নৱ নিৰ্বাচিত জিলা পৰিষদৰ সভাপতি মেৰিনা খানক কালি বেঙেৰ ভিটাৰ ৰাইজে অভুতপূৰ্ব সম্ভাৰ্ধনা জনায় । জিলা পৰিষদৰ সভাপতি হৈ নিজৰ গৃহ গাওঁ পঞ্চায়ত বেঙেৰ ভিটাত আহি ৰাইজৰ লগত ম’ত বিনিময় কৰে । মেৰিনা খানে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় – কোনো দুৰ্নীতিগ্ৰস্ত বিষয়াক স্হান দিয়া নহ’ব । আজিৰ পৰাই দুৰ্নীতিত লিপ্ত থকা বিষয়াই টালি টোপলা বান্ধিব পাৰে । কিয়নো , ৰাইজে মোক পৰিৱৰ্তন বিচাৰি ভোট দিছে । মই দুৰ্নীতিমুক্ত , উন্নত, জিলা পৰিষদ কৰিবলৈ অহ ৰহ চেষ্টা চলাই যাম ।
এই সভাত এ আই ইউ ডি এফৰ সাংগাঠনিক সম্পাদক আমিনুল ইছলামে অহা লোক সভা নিৰ্বাচনক লৈ তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে । তেওঁ কয় – আমি বিজেপি বিৰোধী দলৰ লগত থাকিম । লাগিলে সেয়া কংগ্ৰছ , অগপ আদি যিকোনো দল হ’ব পাৰে । মুঠতে বিজেপিক উৎখাত কৰিব লাগে । লোক সভা নিৰ্বাচনত আমি 7 খন আসনত প্ৰাৰ্থীত্ব আগবঢাব বুলিও কয় । এই আদৰণি সভাত এ আই ইউ ডি এফৰ জিলা সভাপতি নজমুল হক (আৰফিন), মানকাচৰ আঞ্চলিক পঞ্চায়ৰ সভাপতি আছমা আবেদিন দলীয় কৰ্মীৰ লগতে বেঙেৰ ভিটাৰ প্ৰায় 2 হাজাৰ ৰাইজ উপস্হিত থাকে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close